Apsc Scam:এপিএছচি : চৰকাৰৰ ঘনিষ্ঠ কোন সদস্যক জেৰাৰ পৰা সুৰক্ষা দিছে ?

ন্যায়িক আয়োগৰ পৰামৰ্শকো উপেক্ষা, ক্ষমতাশালী চক্ৰৰ অবাধ হস্তক্ষেপৰ তথ্য

apsciiiii

Apsc Scam:

এপিএছচি:অসম লোকসেৱা আয়োগত বিগত ২০১৩ত সংঘটিত অভাৱনীয় কেলেংকাৰিত তদানীন্তন অধ্যক্ষ ৰাকেশ পালক মুখ্য কৰি নিযুক্তি প্রাপ্তসকলক অভিযুক্ত কৰা হৈছে। অথচ অতি কৌশলৰে সৰকি থাকিবলৈ সক্ষম হৈছে আয়োগৰ তদানীন্তন সদস্যসকল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে সেই সময়ত এপিএছচিত সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰা সকলোকে অভিযুক্ত কৰিছে।

সদস্যসকলৰ স্বাক্ষৰ তথা অনুমোদন অবিহনে ফলাফল ঘোষিত হ’ব নোৱাৰে। সেয়েহে ন্যায়িক তদন্ত আয়োগে সদস্যসকলকো বিচাৰৰ আওতালৈ অনাৰ পৰামৰ্শ আগবঢ়াইছে বুলি সূত্ৰত প্রকাশ; কিন্তু বিয়াগোম কেলেংকাৰিটোক লৈ আন দিশবোৰত যিদৰে গুৰুত্ব দিয়া হৈছে, সদস্যসকলৰ ক্ষেত্ৰত সেয়া হোৱা নাই।

ডিব্ৰুগড় আৰক্ষীয়ে এই কেলেংকাৰিক লৈ চলোৱা তদন্তৰ সময়ত কে’বাজনো সদস্যক আনুষংগিক বিষয়ৰ প্ৰসংগ আনি গ্ৰেপ্তাৰ কৰা হৈছিল। সেইসকলক দুনাই কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই। আনকি নির্দিষ্ট কেইজনমান সদস্যক সোধপোছ কৰাক লৈ আজিলৈকে ন্যূনতমো ব্যৱস্থা পর্যন্ত গ্রহণ কৰা নহ’ল। নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ বক্তব্যৰ ভিত্তিত ছামেদুৰ ৰহমান আৰু নথি জ্বলোৱাৰ অভিযোগত ড° বসন্ত কুমাৰ দলেক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ বিপৰীতে আন কে’বাজনো সদস্যৰ তথ্য অতি কৌশলেৰে থাপি থুপি থোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ যিকোনো দলৰ চৰকাৰৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰি চলা এজন বিশেষ লোকো আছে। অথচ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্তৰ প্রতিবেদনতো সংশ্লিষ্ট প্রভাৱশালী লোকজনৰ নাম উল্লেখ আছে।

এপিএছচিত ২০১৩ত সদস্য থকা বিশেষ লোকজন কেইদিনমানৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষও হৈছিল। ইপিনে, বিশেষ সেই লোকজনৰ উপৰি তদানীন্তন সকলো সদস্যক সোধপোছৰ পৰামৰ্শ প্রতিবেদনত দিয়া হৈছে। প্রতিবেদনত প্ৰকাৰান্তৰে এইটোৱে স্পষ্ট কৰা হৈছে যে ধোৱা তুলসীৰ পাত কোনো নহয়। ব্যাপক কেলেংকাৰিৰে প্ৰস্তুত কৰা তালিকাত স্বাক্ষৰ কৰা সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। অথচ তদন্তৰ এই দিশটোক সম্পূর্ণ উপেক্ষা কৰা হৈছে।

প্রসংগক্রমে উল্লেখ্য যে বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাতো হস্তক্ষেপ চলাৰ অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে। নির্দিষ্ট কেইগৰাকীমান ৰাজপত্ৰিত বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈকে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ এনে হস্তক্ষেপ অব্যাহত আছে।

Exit mobile version