AAP District Workers Conference in Diphu
ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত আৰু বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বেই আম আদমী পাৰ্টিয়ে সাংগঠনিক পুনৰগঠনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। চলিত জুলাই মাহৰ ভিতৰতে দলৰ নতুন ৰাজ্যিক কমিটীৰ লগতে জিলা পৰ্যায়ৰ কমিটী সমূহ নতুনকৈ গঠন কৰা হ’ব। আজি কাৰ্বি আংলং জিলাৰ ডিফুত পাহাৰীয়া জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অহা কৰ্মী সকলৰ উপস্থিতিত আপৰ জিলা কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।
কৰ্মকৰ্তা সন্মিলনত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনীয় ব্যৱস্থাৰ পৰা বিজেপিৰ দুৰ্নীতি – ভ্ৰষ্টাচাৰ উৎখাত কৰাৰ স্বাৰ্থত আপৰ ভেটি সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত সদস্য ভৰ্তি অভিযানত গুৰুত্ব আৰোপ কৰে । দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত অসমতো এখন জনকল্যাণকামী চৰকাৰ গঠনৰ লক্ষ্য সন্মুখত লৈ দলৰ কৰ্মকৰ্তা সকলক আগবাঢ়ি যাবলৈ আহ্বান জনায়।
আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া, কাৰ্বি আংলং জিলাৰ নেতা জিতেন ৰংপি, ফুডিং টেৰণ আৰু কাৰ্তিক বে’ই দলীয় কৰ্মী সকলক সম্বোধন কৰি ২০২৬ চনৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সকলোকে সাজু হ’বলৈ আহ্বান জনায়।