Kochbihar will be a separate state:পৃথক ৰাজ্য হ’ব কোচবিহাৰ !

বিজেপি সাংসদ অনন্ত মহাৰাজৰ বিস্ফোৰক দাবী

ananat maharaj

Kochbihar will be a separate state:

কোচবিহাৰ অচিৰে পৃথক ৰাজ্যত পৰিণত হ’ব। এইদৰে হুংকাৰ দিলে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনন্ত মহাৰাজে। কোচবিহাৰক পৃথক ৰাজ্য হিচাপে গঠনৰ সন্দৰ্ভত সৰৱ হৈ বিজেপিৰ সাংসদজনে এইদৰে ক’লে, ‘কোচবিহাৰ কেতিয়াও পশ্চিমবংগৰ অংশ নাছিল।

ইয়াক বলপূর্বক অন্তর্ভুক্ত কৰা হৈছিল। আমি বিচাৰো যিমান সম্ভৱ শীঘ্ৰে বৃহত্তৰ কোচবিহাৰক পৃথক ৰাজ্য ঘোষণা কৰা হওক।’ সাংসদ মহাৰাজে লগতে কয় যে কোচবিহাৰক পৃথক ৰাজ্য হিচাপে স্বীকৃতি প্রদানৰ বাবে কেন্দ্রই তেওঁক পূর্বে মৌখিক প্রতিশ্রুতি দিছিল।

বিজেপিৰ ৰাজ্যসভাৰ সাংসদজনে লগতে ক’লে, ‘এই বিষয়ত বিজেপি বা তৃণমূল কংগ্ৰেছে কি বিচাৰে সেয়া গুৰুত্বপূৰ্ণ নহয়। কেন্দ্ৰীয় চৰকাৰে পূৰ্বে প্রতিশ্রুতি দিছিল। মোৰ হাতত এই বিষয়ত লিখিত প্রতিশ্রুতি আছে। উত্তৰ বংগৰ উন্নয়ন কৰিব লাগিব। উত্তৰ বংগক উত্তৰ-পূব উন্নয়ন পৰিষদৰ স’তে অন্তর্ভুক্ত কৰাৰ আগেয়ে কোচবিহাৰক পৃথক ৰাজ্য ঘোষণা কৰিব লাগিব।’

Exit mobile version