Koch Rajbongshi Sahitya Sabha Pressmeet: ৰাজনৈতিক ক্ষমতাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ বাবে বিশিষ্ট ব্যাক্তি সকললৈ আহ্বান কোচ ৰাজবংশী সাহিত্য সভাৰ

শক্তি আশ্ৰমত কোচ ৰাজবংশী সাহিত্য সভাৰ লগতে -কোচ ৰাজবংশী লেখিকা সভাৰ যৌথ সংবাদমেল

kokrajhar 3

Koch Rajbongshi Sahitya Sabha Pressmeet:

ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আগভাগ লবলৈ জনগোষ্ঠীটোৰ বিশিষ্ট লোক সকলক আহ্বান জনাইছে কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই । আজি কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত কোচ ৰাজবংশী সাহিত্য সভা আৰু কোচ ৰাজবংশী লেখিকা সভাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি উক্ত আহ্বান জনায় ।

সংবাদমেলত সৰ্বদিশতে অবহেলিত অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষমতাৰে আগ ভাগ লবলৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ সুসন্তান ব্ৰজেনজিৎ সিংহ, সুভাষ অধিকাৰীৰ দৰে বিশিষ্ট ব্যাক্তি সকলক আহ্বান জনায় কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে ।

সংবাদ মেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে নতুনকৈ দায়িত্ব ভাৰ লোৱা জীবেশ ৰায়ক আঁদৰণি জনাই কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ এলেকাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে । বি টি আৰ অঞ্চলত ৰাজবংশী ভাষাৰ প্ৰসাৰ আৰু সম্প্ৰচাৰৰ বাবে ৰাজবংশী ভাষাৰ শিক্ষকৰ মাননি আৰু কোচ ৰাজবংশী সাহিত্য সভাৰ আন্ত: গাথনি উন্নয়নৰ বাবে ঘোষণা কৰা অনুদান অতি সোনকালে মোকলাই দিয়াৰ বাবে বি টি আৰ প্ৰধান প্ৰমোদ বড়োক আহ্বান জনায় ।ass

কে এল অ’ ৰ অধ্যক্ষ জীৱন সিংহৰ লগতে কে এল অ’ৰ সকলো গোটৰ লগত শান্তি আলোচনা কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায় কোচ ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ ৰায়ে । ইয়াৰ উপৰি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উত্তৰণৰ উদ্দেশ্যে বহুধা বিভক্ত আক্ৰাছুৰ গোট সমুহক একত্ৰিত ভাবে আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ আক্ৰাছুৰ নেতৃবৃন্দক আহ্বান সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

উল্লেখ্য যে নৱ গঠিত কোচ ৰাজবংশী লেখিকা সভাই “জাখলা’ নামৰ ৰাজবংশী ভাষাৰ এখন মুখপত্ৰ প্ৰকাশ কৰিব বুলি আজিৰ সংবাদ মেলত কোচ ৰাজবংশী লেখিকা সভাৰ সভানত্ৰী নিবেদিতা ৰায়ে প্ৰকাশ কৰে । উক্ত সংবাদ মেলত কোচ ৰাজবংশী সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক অলকেশ চন্দ্ৰ ৰায়, কোচ ৰাজবংশী লেখিকা সভাৰ সাধাৰণ সম্পাদিকা সৌদা বৰ্মনকে ধৰি লেখিকা সভাৰ নেতৃবৃন্দ উপস্থিত থাকে ।

Exit mobile version