Three student leaders of Dhaka University forced Sheikh Hasina to leave the country?১৫ বছৰ ধৰি ক্ষমতাত থকা হাছিনাক দেশত্যাগৰ বাধ্য কৰোৱা কোন এই তিনি ছাত্ৰ নেতা

নাহিদ,আছিফ,আবুৰ নেতৃত্বত বিক্ষোভ-আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী পদত্যাগ শ্বেখ হাছিনাৰ

BANGLADESH 1

Three student leaders of Dhaka University forced Sheikh Hasina to leave the country?

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত অৱশেষত সোমবাৰে দেশত্যাগ কৰিবলৈ বাধ্য হৈছিল প্রধানমন্ত্রী শেখ হাছিনা। হাছিনাই বাংলাদেশ ত্যাগ কৰি প্ৰথমে ভাৰতত আশ্রয় গ্রহণ কৰে। কিন্তু কিয় হঠাতে দেশত্যাগ কৰিবলৈ বাধ্য হ’ল হাছিনা ?

তথ্য অনুসৰি, হাছিনাক বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য কৰালে দেশখনৰ তিনিজন ছাত্র নেতাই। এই ছাত্র নেতা তিনিজনে ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদত চৰকাৰবিৰোধী আন্দোলন আৰম্ভ কৰি অৱশেষত ১৫ বছৰ ধৰি ক্ষমতাত থকা প্রধানমন্ত্রী হাছিনাৰ চৰকাৰৰ পতন ঘটালে।

এই ছাত্র আন্দোলনৰ অন্যতম নেতা হৈছে নাহিদ ইছলাম। দেওবাৰে নাহিদে এইদৰে কৈছিল, ‘আজি আমি হাতত লাঠি তুলি ল’লো। যদি লাঠি কামত নাহে, তেন্তে আমি অস্ত্র তুলি ল’বলৈ সাজু আছো। প্রধানমন্ত্রী হাছিনাই দেশক গৃহযুদ্ধৰ মাজলৈ ঠেলি দিব বিচাৰিছে। এতিয়া হাছিনাই সিদ্ধান্ত ল’ব লাগিব যে তেওঁ পদত্যাগ কৰিব নে পদত থাকি ৰক্তপাতৰ আশ্রয় ল’ব।’ নাহিদ হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্র। নাহিদক আৰক্ষীয়ে একাধিকবাৰ জিম্মাত হৈছিল যদিও তেওঁৰ নেতৃত্বত আৰম্ভ হোৱা বাংলাদেশৰ এই ছাত্র আন্দোলনক বাধা দিব পৰা নাছিল।

হাছিনাৰ পতনত অৰিহণা যোগোৱা আন এজন ছাত্রনেতা হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষার্থী আছিফ মহমুদ। যোৱা জুনৰে পৰা সংৰক্ষণ বিৰোধী আন্দোলনত আছিফে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। আছিফকো আৰক্ষীয়ে একাধিকবাৰ গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁৰ প্রতিবাদী সত্তাক বাধা দিব নোৱাৰিলে। বাংলাদেশৰ ছাত্র আন্দোলনক সম্মুখৰ পৰা নেতৃত্বদান কৰা আন এজন ছাত্র নেতা হৈছে আবু বকৰ মজুমদাৰ। হাছিনাক ক্ষমতাচ্যুত কৰাত আবুবে বিশেষ ভূমিকা গ্রহণ কৰিছিল।

যোৱা পাঁচ জুনত উচ্চ ন্যায়ালয়ে সংৰক্ষণ সন্দৰ্ভত দিয়া ৰায়ৰ পাছত আবুবে ষ্টুডেন্টছ এগেইনষ্ট ডিস্ক্রিমিনেচন ম’ভমেন্টৰ নেতৃত্বদানৰে বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলন ব্যাপক কৰি তুলিছিল। ৰাজনৈতিক পর্যবেক্ষক মহলৰ মতে মূলত নাহিদ, আছিফ, আবুৰ সবল নেতৃত্বতে বিক্ষোভ আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্রীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ’ল হাছিনা।

Exit mobile version