Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:
ব্যাপক ৰক্তপাত-অৰাজকতাৰ মাজতে শান্তি ঘূৰাই অনাৰ আশ্বাসেৰে বৃহস্পতিবাৰে বাংলাদেশত শান্তিৰ ন’বেল জয়ী মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে শপত গ্রহণ কৰিব।
একালত প্রতিষ্ঠাপক ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানকে প্রাণদণ্ড বিহি সেনা বাহিনীয়ে অন্ধকাৰৰাজৰ সূচনা কৰা দেশখনত শেহতীয়া হিংসাত্মক প্রতিবাদে সৃষ্টি কৰা অৰাজকতা তথা হিংসাৰ জুই জ্বলি আছে। এই জুই নুমুৱাই ইউনুছে শান্তি ঘূৰাই আনিবলৈ সক্ষম হ’ব নে নহয়, তাক লৈ বহুজন সন্দিহান হৈ আছে। এনে অৱস্থাতে বুধবাৰে সেনা প্রধান জেনেৰেল ৱাকাৰ-উজ-জামানে ঘোষণা কৰে যে বৃহস্পতিবাৰে অন্তৱতী চৰকাৰে শপত গ্রহণ কৰিব।
সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলে নৰসংহাৰ তথা ধ্বংসলীলা চলোৱাৰ মাজতে প্রধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ আৰু দেশ ত্যাগ কৰাৰ পাছৰ পৰা দেশখন চৰকাৰবিহীন হৈ আছে। আজি এই চৰকাৰবিহীন অৱস্থাৰ অৱসান ঘটাৰ সম্ভাৱনা আছে। আনহাতে, আজি দেশবাসীক উদ্দেশি সেনা মুৰব্বী জেনেৰেল জামানে টেলিভিছন যোগে দিয়া ভাষণত কয়, ‘তেওঁ’ (ইউনুছ) এই দায়িত্ব পালন কৰিবলৈ ব্যগ্ৰ হৈ আছে। মই নিশ্চিত যে তেওঁ আমাক এক সুন্দৰ গণতান্ত্রিক প্রক্রিয়াৰ মাজেৰে নিবলৈ সক্ষম হ’ব আৰু তাৰ জৰিয়তে আমি লাভৱান্বিত হ’ম।’ হাছিনাৰ পলায়নৰ পাছৰে পৰা বাংলাদেশব ক্ষমতা সেনাই নিজৰ হাতত ৰাখিছে।
হাছিনা চৰকাৰৰ পতনৰ পাছত সৃষ্ট শূন্য স্থান পূৰণ কৰিবলৈ হাবিয়াস থকা বুলিও তেওঁ সদৰী কৰে। সকলোকে শান্তি- সম্প্রীতি বজাই ৰাখিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘আমাৰ কোনো ভুলৰ বাবে যাতে এই বিজয় হাছিনা চৰকাৰৰ পতন) অসার্থক নহয়, সেয়া সকলোৰে মনত ৰখা উচিত। আমি সকলোকে শান্তি-সম্প্রীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছো। সকলো ধৰণৰ হিংসা, স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিনষ্ট কাৰ্যৰ পৰা সকলো বিৰত থাকক। ছাত্র-ছাত্ৰীসকলৰ লগতে দল-মত নির্বিশেষে সকলোকে আমি শান্তি ধৰি ৰাখিবলৈ আহ্বান জনাইছো। এতিয়া আমাৰ প্ৰধান উদ্দেশ্য হৈছে এই বিপুল সম্ভাৱনাপূর্ণ দেশখনৰ পৰবৰ্তী প্ৰজন্মৰ বাবে এখন প্রগতিশীল দেশ গঢ়া। এখন নতুন পৃথিৱী গঢ়িবলৈ আমাৰ যুৱক- যুৱতীসকল প্রস্তুত। অকাৰণত হিংসাৰ আশ্রয় নল’ব। সহিংসা আমাৰ সকলোৰে শত্রু। অনুগ্রহ কৰি শত্রু সৃষ্টি নকৰিব। সকলোৱে শান্তিৰে থাকক আৰু দেশ পুনৰ গঠনত চামিল হওক।’
.#শ্রমিক সংক্ৰান্তীয় গোচৰত ইউনুছক মুক্তি
হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছতো বাংলাদেশত হত্যা-হিংসা অব্যাহত আছে। যোৱা দেওবাৰৰ পৰা আৰম্ভ হোৱা হিংসাত্মক ঘটনাত এই পর্যন্ত চাৰি শতাধিক লোকৰ প্ৰাণহানি ঘটাৰ লগতে আন সহস্রাধিক আহত হৈছে।বুধবাৰে পেৰিছত সাংবাদিকৰ আগত ন’বেল জয়ী মহম্মদ ইউনুছে কয় যে দেশখনৰ হিংসাত্মক ঘটনাত বর্তমানলৈ কমেও ৪৫৫জন লোকে প্রাণ হেৰুৱাইছে। মৃতসকলৰ মাজত বহুসংখ্যক আৰক্ষীৰ লোকো আছে।
তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব। সদায় জনগণৰ কাষত সেনা বাহিনী আছে। আমি সকলো মিলি কাম কৰিম আৰু দেশক এক সুন্দৰ ভৱিষ্যৎ উপহাৰ দিম।’ আনহাতে, আৰক্ষীৰ অনুপস্থিতিত দেশখনৰ বিভিন্ন স্থানত চুৰি- ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
এই সম্পর্কত সেনা মুৰব্বীয়ে অৱশ্যে দাবী কৰে যে সামগ্রিকভাবে পৰিস্থিতি শান্ত। বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘ঠায়ে ঠায়ে অশান্তি বর্তি থকাৰ অন্তৰালত কিছু কাৰণ আছে। পাছত পৰিস্থিতি স্বাভাৱিক হ’ব।’ ইপিনে, বাংলাদেশৰ এই ধ্বংসলীলাৰ সময়ত সদ্য ক্ষমতাচ্যুত আৱামী লীগৰ বহুসংখ্যক নেতায়ো প্রতিবাদকাৰীৰ হাতত প্ৰাণ হেৰুওৱাৰ তথ্যও পোহৰলৈ আহিছে।
# সেনাই স্বৰূপাৰ্থতে ক্ষমতা হস্তান্তৰ কৰিব নে?
শপত গ্ৰহণৰ পাছত অন্তৱৰ্তী চৰকাৰক সেনাই স্বৰূপাৰ্থতে ক্ষমতা হস্তান্তৰ কৰাৰ কথা আজি একপ্ৰকাৰ আওপকীয়াকৈ ঘোষণা কৰে সেনা মুৰব্বী জামানে। তেওঁ গণতান্ত্রিক প্রক্রিয়াত আস্থা ৰখাৰ কথা কৈ আৰক্ষী বাহিনীৰ পুনৰ গঠন চলি থকা বুলি মন্তব্য কৰাটোৱে তাৎপর্য বহন কৰিছে।
