Pet dogs:
মৰমৰ পোহনীয়া কুকুৰটোৱে মৰমৰ চিনস্বৰূপে চেলেকি দিয়া কার্যত বহু অভ্যাসৰ বাবেও যে কেতিয়াবা প্রাণ হেৰাব পাৰে, সেই কথা কল্পনা কৰিব পাৰেনে ?
জার্মানীৰ এজন ৬৩ বছৰীয়া লোকৰ অলপতে পোহনীয়া কুকুৰে চেলেকাৰ বাবেই মৃত্যু হ’ল। নিজৰ ক্ষতস্থানত যেতিয়া মৰমৰ কুকুৰটোৱে আদৰ কৰি চেলেকি দিছিল, তেতিয়া জার্মান লোকজনে বৰ আৰাম পাইছিল। কিন্তু ইয়াৰ পৰিণতি যে মর্মান্তিক হ’ব পাৰে, সেয়া তেওঁ কল্পনাও কৰিব পৰা নাছিল। কুকুৰৰ লেলাৱটিৰ পৰাও জানো মানুহৰ মৃত্যু হ’ব পাবে?
‘ইউৰোপীয়ান জাৰ্ণেল অৱ কেছ ৰিপ’ৰ্টছ’ত প্রকাশিত এক প্রতিবেদন অনুসৰি, এক বিৰল জীৱাণুজনিত সংক্ৰমণৰ ফলতে লোকজনৰ মৃত্যু হয়। কুকুৰৰ লেলাৱটিত থকা কেপনোছাইটোফেগা কেনিমোৰছাছ নামৰ এবিধ জীৱাণুৱে ক্ষতস্থানৰ জৰিয়তে লোকজনৰ তেজত প্রৱেশ কৰে।
তাৰ ফলতে লোকজনৰ শৰীৰত সংক্ৰমণ আৰম্ভ হয়। পোহনীয়া কুকুৰটোৱে লোকজনৰ ক্ষতস্থানত চেলেকি দিয়াৰ কিছু সময়ৰ পাছতে তেওঁৰ জ্বৰ উঠে। সমানে আৰম্ভ হয় প্রৱল যন্ত্রণা। তিনিদিনৰ পাছত লোকজনক হাস্পতালত ভর্তি কৰোৱা হয়। লগে লগে চিকিৎসা আৰম্ভ হ’লেও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি থাকে।
চিকিৎসকে জনোৱা মতে, লোকজনৰ শৰীৰৰ একাধিক অংগ এটা এটাকৈ বিকল হ’বলৈ ধৰে। মস্তিষ্কৰো ক্ষতিগ্রস্ত হয়। হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তেই লোকজনৰ ভবিত থকা ক্ষতস্থানৰ আশে-পাশে থকা মঙহ পচিবলৈ আৰম্ভ কৰে। প্ৰৱল শ্বাস-প্রশ্বাসৰ কষ্টও তেওঁ অনুভৱ কৰে। এটা এটাকৈ বিকল হৈ পৰে বৃক্ক, যকৃৎ আৰু মস্তিষ্ককে ধৰি শৰীৰৰ বিভিন্ন গুৰুত্বপূর্ণ অংগ। ফলত হাস্পতালতে লোকজনৰ মৃত্যু হয়।
চিকিৎসকৰ মতে, এই ধৰণৰ সংক্ৰমণ অত্যন্ত বিৰল। অৱশ্যে কেপনোছাইটোফেগা কেনিমোৰছাছৰ সংক্ৰমণ হ’লে ২৮ৰ পৰা ৩০ শতাংশ ক্ষেত্ৰতহে ৰোগীক বচাব পাৰি।