Assam Repealing Bill 2024 passed in the Assembly:২০২৬ৰ ভিতৰত বন্ধ হ’ব বাল্য বিবাহ

বিধানসভাত গৃহীত হ’ল ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’, বাতিল হ’ল ‘দ্য আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫, কাজি প্রথা বিলুপ্ত কৰাই মূল লক্ষ্য, সদনত ঘোষণা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ

cm himanta

Assam Repealing Bill 2024 passed in the Assembly:

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুৰ্থ দিন ৷ সদনত সৰ্বসন্মতিক্ৰমে ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’ বিধেয়ক গৃহিত হোৱাৰ বিপৰীতে বাতিল হয় দ্য আছাম মুছলিম মেৰিয়েজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫ ৷ আনহাতে এই সম্পৰ্কীয় বিৰ্তকত অংশ লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই কয়,মুছলিম বিবাহ আইন সংশোধনী হোৱাৰ পিছত এতিয়াৰ পৰা কাজি প্রথা বিলুপ্ত হ’ব ৷ ইয়াৰ বিপৰীতে উপ- পঞ্জীয়কৰ দ্বাৰা পঞ্জীয়ন হ’ব মুছলিম বিবাহ ৷ মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ’ব মাত্র ১ টকা’।

একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ অতি কঠোৰ বুলি মন্তব্য কৰি কয় ২০২৬ৰ ভিতৰত নির্মূল হ’ব বাল্যবিবাহ । বহি:ৰাজ্যত বাল্য বিবাহ হ’ব পাৰে। কিন্তু অসমত কোনো কাৰণতে নহ’ব বাল্য বিবাহ। POCSO আইনৰ অধীনত ইতিমধ্যে ১৪ বছৰৰ কাৰাবাস হৈছে ৭ জন লোকৰ।

আনহাতে সদনত এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামে এই প্ৰসংগত কয় যে বহু আৰৱী পণ্ডিত আৰু চৰকাৰী শিক্ষকেই কাজীৰ কাম কৰি আছে৷ ইয়াৰ উদাহৰণ গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজন৷তেওঁ এজন শিক্ষক ৷ তদুপৰি অসমত প্ৰায় ৯০জন কাজী আছে ৷

বিধায়ক গৰাকীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়,৯০ জন কাজীৰ চিন্তা কৰিব নালাগে ৷মুছলমান জীয়ৰী সকলৰ চিন্তা কৰাৰ সমান্তৰালভাৱে নিজৰ দুই জীয়ৰীৰ ভৱিষ্যত চিন্তা কৰক৷ কাজীৰ চিন্তা পৰিহাৰ কৰক৷ কাজী সকলক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়টো চৰকাৰে বিবেচনা কৰিয়ে কাজী বিলুপ্তিকৰণৰ লক্ষ্যৰে নতুন বিধেয়ক খন অনা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,বিবাহ পঞ্জীয়ন কৰিবলৈ ছাব ৰেজিষ্টাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি ইয়াৰ বাবে সুকীয়া মুছলিম বিবাহ ছাব ৰেজিষ্টাৰ অফিচৰ ব্যৱস্থা কৰিম ৷ আনহাতে বিবাহ বিচ্ছেদো ছাব ৰেজিষ্টাৰ কাৰ্যালয়তে সম্পন্ন হ’ব ৷ মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ’ব মাত্র ১ টকা ধাৰ্য কৰা হৈছে ৷ বিবাহ পঞ্জীয়নৰ নামত অধিক ধন লোৱাটো চৰকাৰৰ মুল লক্ষ্য নহয় বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে কাজী প্ৰথা বিলুপ্তি সন্দৰ্ভত কে’বা গৰাকী বিধায়কে সদনত অসন্তুষ্টি প্ৰকাশ কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সদনত কয়,দেশৰ ভিতৰত আটাইতকৈ বেছি মুছলমান অধ্যুষিত ৰাজ্য জম্মু-কাশ্মীৰতো মুছলমান বিবাহ পঞ্জীয়ন হৈ আহিছে চৰকাৰী কাৰ্যালয়ত ৷একেদৰে দ্বিতীয় মুছলিম বহুল ৰাজ্য দক্ষিণ ভাৰতৰ কেৰালাতো বিবাহ পঞ্জীয়ন হৈছে চৰকাৰী কাৰ্যালয়ত। দুয়ো খন ৰাজ্য কোনো কাজীয়ে বিবাহ পঞ্জীয়ন কৰা নাই ৷ ইয়াৰ বাবে সংশ্লিষ্ট দুয়োখন ৰাজ্যৰ কাজী সকল ধন্যবাদৰ পাত্ৰ ৷

আনহাতে এআইইউডিএফৰ আন এজন বিধায়ক কৰিমউদ্দিন বৰভূঞাই সদনত এই একেই প্ৰসংগ আনি কয়, সঘনাই মুছলমানক টাৰ্গেট কৰি কেৱল মুছলমানেই বহুবিবাহ কৰি আহে বুলি কোৱা হৈছে যদিও কাৰ্যত মুছলমানেই বহুবিৱাহ নকৰে ৷ জনজাতি আৰু চাহ বাগিচা থকা অঞ্চলতো বহুবিবাহ হৈ আহিছে । এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীয়ে কয়, আপুনি এনেকুৱা কথা কৈ অসমৰ ভূমিপুত্ৰ জনজাতি আৰু বাগিছা লোকসকলক খং উঠাই নল’ব ৷

এইটো বাস্তৱ সত্য যে জনজাতি আৰু বাগিচা লোকৰ অধ্যুষিত অঞ্চলত কেতিয়াও বহুবিবাহ হোৱা নাই ৷ এনে ক্ষেত্ৰত মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে মুছলিম মহিলা- জীয়ৰীৰ উৎকৰ্ষ সাধন আৰু ন্যায়ৰ কথা চিন্তা কৰক ৷ কাৰণ এক তেওঁলোক আমাৰেই ছোৱালী ৷ তেওঁলোকক সুৰক্ষা আৰু বিধিসন্মত ন্যায় দিয়াটো আমাৰ নৈতিক দায়িত্ব ৷

Exit mobile version