Sharad also demanded strict anti-rape laws in Maharashtra:
পশ্চিমবংগ বিধানসভাত ঐতিহাসিক অপৰাজিতা নাৰী আৰু শিশু বিধেয়ক সর্বসম্মতিক্রমে ইতিমধ্যে গৃহীত হয়। এই বিধেয়কত ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডসহ কঠোৰ শাস্তিৰ প্রস্তাব আগবঢ়োৱা হৈছে। পশ্চিমবংগত এই বিধেয়ক গৃহীত হোৱাৰ পাছত এনচিপি (এছপি)ৰ মুৰব্বী শাৰদ পাৱাৰে মহাৰাষ্ট্ৰতো একে ধৰণৰ এক বিধেয়ক উত্থাপনৰ দাবী জনালে।
ADVERTISEMENT
পশ্চিমবংগৰ তৃণমূল কংগ্রেছ চৰকাৰৰ ধৰ্ষণ প্ৰতিৰোধী এই আইন প্ৰৱৰ্তনৰ পদক্ষেপক স্বাগত জনাই পাৱাৰে কয় যে ধৰ্ষণৰ বিৰুদ্ধে আন্দোলনক অধিক শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গুৰুত্বপূর্ণ। পাৱাৰে লগতে কয় যে মহাৰাষ্ট্ৰ চৰকাৰেও শীঘ্ৰে ধৰ্ষণৰ দৰে অপৰাধ নিয়ন্ত্রণৰ বাবে অতি কঠোৰ আইন প্ৰৱৰ্তন কৰা জৰুৰী হৈছে।