Guwahati High Court grants temporary relief to Kasutali evictees:সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ উচ্চ ন্যায়ালয়ৰ

৩০ ছেপ্তেম্বৰলৈ নচলিব উচ্ছেদ

g.high court

Guwahati High Court grants temporary relief to Kasutali evictees:

সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ প্ৰজন্ম প্ৰজন্মই কচুতলিত বসবাস কৰি থকা প্ৰায় ৫০ টা পৰিয়ালে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে এক লেখ আবেদন দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত ৷ সেই অনুসৰি আজি অনুষ্ঠিত হোৱা শুনানিত অংশ লৈছিল গোচৰীয়া পক্ষৰ অধিবক্তা আৰু ৰাজ্যৰ মহাধিবক্তাই ৷ দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত আদালতে অহা ৩০ ছেপ্তেম্বৰলৈ সাময়িকভাৱে উচ্ছেদ বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে ৷

আদালতে নিৰ্দেশনাটোত উল্লেখ কৰে যে উচ্ছেদ বন্ধ থকা এই দহটা দিনত সংশ্লিষ্ট অঞ্চলৰ যিসকল লোকে ট্ৰাইবেল বেল্ট গঠনৰ পূৰ্বৰে পৰা সেই স্থানত বসবাস কৰি আছিল তেওঁলোকে উপযুক্ত নথিপত্ৰ দাখিল কৰিব লাগিব কামৰূপ মহানগৰ জিলা আয়ুক্তক ৷ ইতিপূৰ্বে ন্যায়ালয়ত দাখিল কৰা নথিপত্ৰত তেওঁলোকৰে বহুতেই ১৯২৩ চনৰ পৰা বসবাস কৰি আছিল কচুতলিত ৷

জিলা আয়ুক্তই উচ্ছেদিতৰ নথিপত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰি যদি নিশ্চিত হয় তেওঁলোক টাইবেল বেল্ট গঠনৰ পূৰ্বৰে থকা ৷ তেন্তে তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব জনজাতি সংৰক্ষণ বিধি। অৰ্থাৎ তেওঁলোক থাকিব পাৰিব কচুতলিত ৷ আনহাতে যিসকল লোকৰ ম্যাদি পট্টাৰ ভূমি আছে ৷ কিন্ত তেওঁলোক টাইবেল বেল্ট গঠনৰ পিছত বসবাস কৰিছে ৷ এই সকলৰ ওপৰত প্ৰযোজ্য হ’ব জনজাতি সংৰক্ষণ বিধি । এই নিদৰ্শনা ন্যায়ালয়ৰ ৷

উল্লেখ্য যে,কচুতলিৰ জনজাতি বেষ্টনী আৰু ব্লকৰ ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ একাংশ বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিছিল ৷ যাৰবাবে আৰক্ষীয়ে গুলীচালনা কৰে ৷ নিহত হৈছিল দুজন লোক ৷ আহত হৈছিল আন কে’বাজনো ৷

আনহাতে বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল কে’বাজনো আৰক্ষী ৷ ইয়াৰ পিছতে উচ্ছেদ অভিযান বন্ধ আছিল ৷ তাৰ পিছৰে পৰা বিগত কে’বাদিন ধৰি বহু বেদখলকাৰীয়ে স্বইচ্ছাই নিজৰ সা- সামগ্ৰী লৈ সেই স্থানৰ পৰা আঁতৰি গৈছিল ৷ ইয়াৰ মাজতে যোৱা সপ্তাহত ম্যাদি পট্টা থকা কচুতলিৰ বহু লোকৰ বাসগৃহত প্ৰশাসনে সেই স্থান ত্যাগৰ বাবে নটিছ জাৰি কৰি প্ৰতিটো বাসগৃহত আঁৰি দিছিল ৰঙা ষ্টিকাৰ ৷ সময়সীমা বান্ধি দিছিল ২০ ছেপ্তেম্বৰ ৷

ম্যাদি পট্টা থকা লোকৰ ৫০ জন লোকে প্ৰশাসনৰ উচ্ছেদৰ বাবে তেওঁলোকৰ বাসগৃহত ৰঙা ষ্টিকাৰ লগোৱাৰ বিৰুদ্ধে এক লেখ আবেদন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ সেই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি আজি আদালতে সাময়িকভাবে ৩০ ছেপ্তেম্বৰলৈ উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ প্ৰশাসনলৈ নিৰ্দেশনা জাৰি কৰে ৷

Exit mobile version