Appointment letter distribution ceremony at GMCH auditorium:জিএমচিএইছৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি সমাৰোহ

মুঠ ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ 

GMCH AUDITARIAM

Appointment letter distribution ceremony at GMCH auditorium:

স্বছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ যাত্ৰা অব্যাহত ৰাখি আজি জিএমচিএইছৰ প্ৰেক্ষাগৃহত  সম্পন্ন হয় নিযুক্তি সমাৰোহ | পুনৰ ৩৮৫গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ ৷ আজি প্ৰদান কৰা নিযুক্তি পত্ৰৰ ফলত  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাৰ্যকালত বৰ্তমানলৈকে প্ৰদান কৰা নিযুক্তিৰ সংখ্যা বৃদ্ধি পালে ১,২৫০৩০ লৈ ।

আজি নিযুক্তি পত্ৰ দিয়া বিভাগ কেইটাৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ৮১গৰাকী,কাৰিকৰী শিক্ষা সঞ্চালকালযত ১৮৩গৰাকী , ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ২০গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১০১গৰাকী ৷

মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি কয়, আমাৰ চৰকাৰে অসম আৰু অসমীয়া নৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত অবিৰতভাৱে কাম কৰি আহিছে। কৰ্ম সংস্থাপন বৃদ্ধিৰ দূৰদৰ্শী উদ্দেশ্য আগত ৰাখি ১ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰাৰ পাছত এতিয়া আমি ২০২৬ চনৰ ভিতৰত ১.৭ লাখ চৰকাৰী চাকৰি সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ।

আজি তাৰেই অংশস্বৰূপে ৩৮৫গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰি অতিশয় আনন্দিত অনুভৱ কৰিছোঁ ৷ যুৱপ্ৰজন্মৰ মুখত এটি প্ৰাপ্তিৰ হাঁহি দেখিবলৈ আমাৰ সকলো ধৰণৰ ইতিবাচক প্ৰয়াস অব্যাহত থাকিব ৷ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুআয়ুক্ত – সচিব ডা: পি অশোক বাবু সহ ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

আনহাতে ,ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে মহানগৰীৰ পাশ্বৱৰ্তী আজাৰাৰ মিৰ্জাপুৰ গাঁৱত স্থাপিত মা মহামায়া মন্দিৰত উপস্থিত হৈ সেৱা-অৰ্চনা নিবেদন কৰি কামাখ্যা মন্দিৰ আৰ্হিত নিৰ্মিত মন্দিৰ ভাগ ভক্তৰ বাবে মুকলি কৰে ৷

আনহাতে ,মুখ্যমন্ত্ৰী ড; হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ উৰ্বৰতা গুণ নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কেইবালাখো কৃষকলৈ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ অধীনত মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত  ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকি হিতাধিকাৰীৰ মাজত সংশ্লিষ্ট ভুমি স্বাস্থ্য পত্ৰ বিতৰণ কৰে ৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, বৰ্তমান সময়ত কৃষিকৰ্ম অধিক ফলদায়ক হৈ উঠিবলৈ আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰাটো সময়ৰ আহ্বান বুলি ব্যক্ত কৰি তেখেতে ইয়াৰ পৰিপ্ৰেক্ষিততে আজি কৃষি বিভাগে কৃষি যান্ত্ৰিকীকৰণৰ উপ-অভিযানৰ অধীনত কৃষকসকলৈ কৃষি যন্ত্ৰপাতি বিতৰণৰো উদ্যোগ লোৱাৰ কথা ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয়, আজি অসমৰ ১৬খন জিলাত নিৰ্মাণ কৰা ২১টা কৃষি জ্ঞান কেন্দ্ৰ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ এই কেন্দ্ৰসমূহে উন্নত কৃষি পদ্ধতি, চৰকাৰী আঁচনি, নতুন প্ৰযুক্তি আদিৰ তথ্য কৃষকসকলক প্ৰশিক্ষণ আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰ জৰিয়তে প্ৰদান কৰিব ৷ লগতে কৃষকসকলে এই কেন্দ্ৰসমূহত বিভাগীয় বিষয়া তথা কাৰিকৰী বিশেষজ্ঞৰ পৰা সময়ে সময়ে পৰামৰ্শ গ্ৰহণৰো সুবিধা প্ৰদান কৰিব ৷

উল্লেখ্য, কৃষকে গাঁৱৰ পৰা ধান ক্ৰয় কেন্দ্ৰলৈ ধান বিক্ৰী কৰাৰ বাবে অনাৰ সময়ত হোৱা পৰিবহণ ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এইবাৰ প্ৰতি কুইণ্টল ধান পৰিবহণৰ বাবদ ৰাজসাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অনুষ্ঠানত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা সহ ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

Exit mobile version