Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Plans to evict indigenous people for limestone:চূণশিলৰ বাবে ভূমিপুত্ৰক উচ্ছেদৰ যোজা

চিঞৰি চিঞৰি আমাক ভাবুকি দিছে মুখ্য কার্যবাহী সদস্য দেৱোলাল গর্লোচাই, স্বায়ত্তশাসন মানে নেতাসকলৰ পৰিয়ালৰ সুৰক্ষা, লাহ-বিলাহতে সীমাবদ্ধ হৈছে !, ক্ষুব্ধ ভূমিপুত্ৰৰ আৰ্তনাদ, ডিমা হাছাওত মাটি কাঢ়ি নিবলৈ কার্যবাহী সদস্যৰ নিৰীহ গাঁওবাসীলৈ গুলিচালনা-শাৰীৰিক নির্যাতন, যিসকলে জাতিৰ নামত দীঘলীয়া সশস্ত্র সংগ্রাম কৰি আজি শাসনত বহিছে স্বয়ং তেওঁলোকেই ভূমিপুত্ৰসকলৰ প্রধান শত্রুত পৰিণত হৈছে

samimsultana by samimsultana
November 12, 2024
in Uncategorized
Reading Time: 5 mins read
0
Plans to evict indigenous people for limestone:চূণশিলৰ বাবে ভূমিপুত্ৰক উচ্ছেদৰ যোজা
2
SHARES
17
VIEWS
ShareShareShareShare

Plans to evict indigenous people for limestone:

গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত গৈ শীতৰ আগমন ঘটিছে। ক্রমান্বয়ে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ গৰমপানী সমষ্টিৰ অন্তর্গত উমৰাংছলৈ অহা দেশী- বিদেশী পর্যটকৰ আগমন ঘটিছে। পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত থকা অতিথিশালা, ৰিজ’ৰ্ট আদি ইতিমধ্যে পর্যটকৰে ভৰি পৰিছে। প্রকৃতিয়ে নিজ হাতেৰে গঢ়া সেউজঘন পাহাৰ-পৰ্বত, জলাশয়, নদী-উপ-নদী, ডাৱৰে লুকা- ভাকু খেলা জলপ্রপাত আৰু বন্যপ্ৰাণীৰ প্ৰাচুৰ্যই পর্যটকসকলক হাত বাউলদি মাতে। উমৰং আৰু কপিলীৰ নীলবৰণীয়া প্রতি টোপাল পানীয়ে যেন পর্যটকক প্রশ্ন কৰে, ‘দেখিছা মই কিমান নীলা? মোৰ নীলা নীলা চাৱনিত নিজক বিচাৰি পাইছা!’ পানীমূৰ জলপ্রপাতৰ গৰ্জনত যেন পর্যটকসকলে আক্ষেপ কৰে কিয় অহা নাছিলো ইমানদিনে তোমাৰ কাষলৈ। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি উমৰাংছ’ পাহাৰৰ টিলাত বহি নিৰলসভাবে কিছু সময় চাই থাকিলে এনে লাগে যেন প্রকৃতিয়ে সদম্ভে চিঞৰি উঠিছে, ‘উমৰাংছ’, মোৰ লীলাময় সৃষ্টিৰ জীৱন্ত সাক্ষী। চোৱা আৰু মোৰ সৃষ্টিত বিলীন হৈ যোৱা।’ হয়, এয়াই উমৰাংছ’।

ADVERTISEMENT

umrangsu 2স্বায়ত্তশাসিত পার্বত্য জিলা ডিমা হাছাওৰ ঔদ্যোগিক চহৰ উমৰাংছ’। স্বায়ত্তশাসিত পৰিষদখনৰ দ্বিতীয় বৃহত্তম সমষ্টি গৰমপানীৰ অন্তৰ্গত আৰু পৰ্যটনৰ দিশত অত্যন্ত গুৰুত্বপূর্ণ চহৰ উমৰাংছ’। পৰিষদে সংগ্ৰহ কৰা সৰ্বমুঠ ৰাজহৰ ৭৫ শতাংশ পর্যন্ত বৰঙণি আগবঢ়োৱা চহৰখন উমৰাংছ’। কার্বি, ডিমাছা, বিয়াতে, খাচি, ৰাংখল, জেমি নাগা আদি বাৰেবৰণীয়া ভূমিপুত্ৰ সম্প্ৰদায়ৰ যুগ-যুগান্তৰৰ বাসস্থান উমৰাংছ’।

RelatedPosts

New cricket stadium opens in Umrangso:অসম ক্ৰীড়া মানচিত্ৰত নতুন সংযোজন

Umrangso Coal Mine in :উমৰাংছুৰ কালামাটি কয়লা খনিত উদ্ধাৰ দুই শ্ৰমিকৰ মৃতদেহ

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

আজি এই উমৰাংছ’য়ে উচুপি উঠিছে। উমৰাংছ’ৰ বক্ষ ফালি চিৰাচিৰ কৰা হৈছে। নিজ জননীৰ উচুপনিত ফেকুৰি ফেকুৰি কান্দিছে কাৰ্বিসকলে। দিকবিদিক হেৰুৱাই দৌৰিছে ডিমাছাসকলে। সম্মুখৰ পৃথিৱীখন যেন ধোঁৱাময়, একো মণিব
নোৱাৰি। কাক ক’ব, কোনে শুনিব। সকলো কেৱল ৰং চোৱাতেই ব্যস্ত।

https://dainikagradoot.in/wp-content/uploads/2024/11/UMRANG-SO-MAIN-NEW.mp4

পৰিতাপৰ বিষয়, উমৰাংছ’ৰ নাতিদূৰৈত, প্রায় ১৮ কিলোমিটাৰ নিলগত অৱস্থিত নখন গাঁও- ব’ৰ লক্ষিণডং, থাৰ্বেলাংচ, চ্ছট লক্ষিণডং, চ্ছিকিলাংচ, চ্ছেকচ,চ্ছ’ট লবাং, ব’ৰ লবাং, রাখা আৰু চ্ছ’টলক্ষিণডং খুতি গাঁৱক সামৰি বিস্তৃত হৈ থকা নহেজাৰৰো অধিক ভূমিৰ। । এক বৃহৎ অঞ্চলক চুণশিল খননৰ উদ্দেশ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে অধিগ্রহণ কৰিবলৈ সকলো প্রস্তুতি চূড়ান্ত কৰিছে। ব’ৰ লক্ষিণডং গাঁৱৰ গাঁওবুঢ়া জেং ৰংহাঙে ‘দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা মতে উক্ত নখন গাঁৱত ১০ হেজাৰৰো অধিক কাৰ্বি লোকে বাস কৰে। তেওঁ কয় যে পৰিষদে অত্যন্ত ফেচীবাদী আচৰণেৰে এই ১০ হেজাৰ ভূমিপুত্রক বলপূর্বক উচ্ছেদৰ ভাবুকি প্রদান কৰিছে।

umrangsu 4তাৎপৰ্যপূৰ্ণ যে অসম চৰকাৰৰ খনন আৰু খনিজ সম্পদ বিভাগৰ অধীনস্থ ‘ভূতত্ত্ব আৰু খনন সঞ্চালকালয়ে’ উক্ত অঞ্চলসমূহত চুণশিল খননৰ বাবে ইতিমধ্যে নিবিদা (নম্বৰ- জিএম/এমএম/৫০৪/৪৫৭৭-৭৯) আহ্বান কৰিছে। সমান্তৰালভাৱে, যোৱা ১৫ অক্টোবৰত ভাৰত চৰকাৰৰ ‘জিঅ’লজিকেল ছার্ভে অৱ ইণ্ডিয়া’ (ভাৰতৰ ভূতত্ত্ব জৰীপ)ৰ সঞ্চালক
শুভাশীষ ৰয়চৌধুৰীয়ে উক্ত প্রস্তাবিত অঞ্চলত ভূতাত্ত্বিক ‘মেপিং এণ্ড ড্রিলিং’ৰ বাবে দুজন জ্যেষ্ঠ ভূতত্ত্ববিদ মণিদ্বীপ কৌশিক আৰু পি বাক্সৰক ডিমা হাছাওলৈ প্ৰেৰণ কৰে। লগতে উত্তৰ ক্রুংমেং খণ্ডৰ অন্তৰ্গত (ট’পশ্বিত নম্বৰ- ৮৩ চি-১৪)
উক্ত অঞ্চলসমূহত ভূতাত্ত্বিক ‘মেপিং এণ্ড ড্রিলিং’ কৰোতে যাতে ভূতত্ত্ববিদসকলৰ লগতে তেওঁলোকৰ কাৰিকৰী দলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্রতি বিশেষ দৃষ্টি দিবলৈ আৰু প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়াবলৈ স্থানীয় জিলা প্রশাসন আৰু বন বিভাগলৈ বিশেষ নির্দেশনা জাৰি কৰে।

https://dainikagradoot.in/wp-content/uploads/2024/11/UMRANGSO-MAIN.mp4

এনে নির্দেশনা লাভ কৰাৰ পাছতে সম্প্রতি সমগ্র অঞ্চলটোত ড্ৰ’নৰ জৰিয়তে যুদ্ধংদেহি ৰূপত জৰীপ চলাই থকা হৈছে। উল্লেখ্য যে বিভিন্ন বণিয়া গোষ্ঠীক লীজত দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে ইতিমধ্যে প্রকাশ কৰা নিবিদা মতে প্রস্তাবিত চুণশিল খনন প্রকল্পই উত্তৰ বৰহুন্দং ( অংশ ক, খ), দক্ষিণ বৰহুন্দং (অংশ ক, খ, গ) আৰু নতুন উমৰাংছ’ খণ্ড আদি বৃহৎ অঞ্চলক সাঙুৰি ল’ব।

# আমাৰ নেতাসকলে আমাক জীৱ-জন্তুৰ দৰে আচৰণ কৰিছে

ব’ৰ লক্ষিণডং গাঁৱৰ গাঁওবুঢ়া জেং ৰংহাঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱোলাল গর্লোচা, স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ খনিজ সম্পদ মন্ত্রী নন্দিতা গর্লোচা, সাংসদ হৰেন সিং বে আৰু পৰিষদৰ স্থানীয় কাৰ্যবাহী সদস্য চেমচিং ইংতি আদি সকলো নেতাই আমাৰ বিপক্ষত অৱস্থান গ্রহণ কৰিছে।

আমাৰ নেতাসকলে আমাক নিৰাপত্তা দিয়াৰ বিপৰীতে আমাকেই পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ জীৱ- জন্তুৰ দৰে আচৰণ কৰিছে। আমাক অমানৱীয় আচৰণ কৰি আমাৰ পিতৃপুৰুষৰ মাটিৰ পৰা খেদি পঠাবলৈ বল প্রয়োগ কৰিছে। স্বায়ত্তশাসন মানে এতিয়া কেৱল নেতাসকলৰ পৰিয়ালৰ সুৰক্ষা, লাহ-বিলাহতে সীমাবদ্ধ হৈছে। তেওঁলোকে আমাক শত্রু জ্ঞান কৰিছে। আমি অত্যন্ত মর্মাহত হৈছো। কাৰ আগত কান্দিম আমি, কোনে শুনিব?’

umrangsu 5নখন গাঁৱৰ স্থানীয় বাসিন্দাই ‘দৈনিক অগ্রদূত’ৰ আগত প্রকাশ কৰে যে অতি দুর্ভাগ্যজনকভারে শেহতীয়াকৈ গাঁৱৰ বাসিন্দাই অসম চৰকাৰ তথা পৰিষদৰ এনে হঠকাৰী সিদ্ধান্তক প্রতিবাদ কৰাত মুখ্য কাৰ্যবাহী গর্লোচাকে ধৰি আন আন কার্যবাহী সকলো ভয়ানকভাবে হিংস্র হৈ উঠিছে। গাঁওবুঢ়া জেং ৰংহাঙে কয়, ‘অতি শেহতীয়াকৈ মুখ্য কার্যবাহী গর্লোচাক আমি আমাৰ অঞ্চললৈ নিমন্ত্ৰণ কৰি আমাৰ দুখ, ক্ষোভ আৰু অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছিলো।

আমি তেওঁৰ কথাত মান্তি নোহোৱাত খঙত অগ্নিশর্মা হৈ চিঞৰি চিঞৰি আমাক একপ্ৰকাৰ ভাবুকি দি থৈ গ’ল। আমি এতিয়া শংকিত হৈ আছো। কেতিয়া কি হয় ঠিক নাই।’অতি শেহতীয়াকৈ অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক এম কে যাদবে ৰহস্যজনকভাৱে সমগ্র অঞ্চল পৰিভ্ৰমণ কৰাৰ কথা প্রকাশ কৰি ৰংহাঙে লগতে কয় যে স্থানীয় বন বিভাগৰ খণ্ড বন বিষয়া আৰু ৰেঞ্জাৰ আৰু বহু অচিনাকি চেহেৰাৰ মানুহে সঘনাই ড্র’নৰে জৰীপ চলাই গাঁওবাসীক আতংকগ্রস্ত কৰি ৰাখিছে।

# বাৰে বাৰে উচ্ছেদিত ভূমিপুত্র

উল্লেখ্য যে বক্স’ৰ লক্ষিণডং আৰু প্ৰস্তাৱিত নহেজাৰ বিঘাৰ চূণশিল খনন প্ৰকল্পৰ ভিতৰত অৱস্থিত গাঁওসমূহে ‘৫০ৰ দশকতেই ৰাজহ গাঁওৰূপে চৰকাৰী স্বীকৃতি লাভ কৰিছিল। উক্ত গাঁওসমূহ কার্বিসকলৰ পিতৃপুৰুষে শতিকা পূর্বে খাণ্ডং অঞ্চলত স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত উত্তৰ-পূব বিদ্যুৎ শক্তি নিগম লিমিটেড (নীপক’)-এ কপিলীনদীৰ খাণ্ডং সুঁতিত ‘৭০ৰ দশকত জলবিদ্যুৎ প্রকল্প স্থাপন কৰাত গাঁওবাসীয়ে উচ্ছেদিত হৈ বৰ্তমানৰ স্থানলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। ভ-আৰপ্লাকলাংছ’ গাঁৱৰ গাঁওবুঢ়া তথা বৃহত্তৰ উমৰাংছ’ অঞ্চলৰ অন্যতম ৰাজনৈতিকভাবে সচেতন, জ্যেষ্ঠ নাগৰিক অনচিং টেৰঙে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘যেতিয়াই উমৰাংছলৈ চৰকাৰে উন্নয়নৰ নামত উদ্যোগ আনিছে তেতিয়াই কাৰ্বিসকলে আনন্দমনেৰে পিতৃপুৰুষৰ মাটি দান দি আহিছে।

umrangsu 5 1চাহ বাগান, চিমেন্ট কোম্পানী, কয়লা খনন, চুণশিল খনন আদি সকলো উদ্যোগৰ নামত কার্বিসকলেই মাটি দি আহিছে; কিন্তু বিনিময়ত আমি কেৱল দৰিদ্ৰতাহে উপহাৰ হিচাপে পাইছো। চিএছআৰৰ নামত নয়া পইচা এটা নিদিয়ে। আমাৰ স্থানীয় যুৱক-যুৱতীক কর্মসংস্থাপন নিদিয়ে। বৰঞ্চ উদ্যোগসমূহে ক্রমবর্ধমান ৰূপত চাৰিসীমা সম্প্ৰসাৰণ কৰি আমাৰ ঝুম খেতিৰ মাটি বেদখল কৰি আমাক সংকুচিত কৰি আহিছে । ফলত আমি সময়ে সময়ে বাসস্থান আৰু ঝুমস্থলী এৰি প্ৰব্ৰজন কৰি ফুৰিবলগীয়া হৈছে।

# উন্নয়নৰ সপোন দেখুওৱাসকল আজি দালালত পৰিণত হৈছে, চৈধ্য গোষ্ঠীলৈ সম্পত্তি গোটাইছে

তাতোকৈ অধিক পৰিতাপৰ বিষয় যে উমাৰংছ’ চহৰৰ আন এঠাইত চূণশিল খনন প্রকল্প স্থাপনৰ বাবে পৰিষদে অসম চৰকাৰৰ নিৰ্দেশত অতিৰিক্ত দুহেজাৰ বিঘা ভূমি অধিগ্রহণ কৰিবলৈ জঁপিয়াই পৰিছে। উক্ত দুহেজাৰ বিঘা ভূমিত চচ্ছাট লার্পেং আৰু ন’বডিলং কৰ’ক নামৰ দুখন গাঁও অৱস্থিত। স্থানীয় বাসিন্দাই ‘দৈনিক অগ্রদূত’ৰ আগত প্ৰকাশ কৰা অনুসৰি, দুয়োখন গাঁৱৰ জনসংখ্যা কমেও এহেজাৰৰো অধিক। গাঁও দুখনৰ অধিকাংশ বাসিন্দাই ভূমিপুত্ৰ কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ লোক। উক্ত গাঁও দুখনৰ নিচেই সমীপত ইতিমধ্যে বিনয় চিমেন্ট (সম্প্রতি ডালমিয়া চিমেন্ট), ইউনাইটেড চিমেণ্ট আৰু নর্থ-ইষ্ট চিমেন্ট আদি কে’বাটাও উদ্যোগ স্থাপন কৰা হৈছে।

umrangsu 6 publicপ্ৰস্তাৱিত দুহেজাৰ বিঘাৰ চুণশিল খনন প্ৰকল্পৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি চ্ছট লাৰ্পেং গাঁৱৰ মুখিয়ালস্বৰূপ হমছন কাটাৰে ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘স্বায়ত্তশাসিত পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ’ল থলুৱা ভূমিপুত্ৰসকলৰ মাটি, সম্পত্তি, জীৱন-জীৱিকা, কৃষ্টি- সংস্কৃতিৰ সুৰক্ষা সুনিশ্চিত কৰা। ভূমিপুত্ৰসকলক কর্মসংস্থাপন প্রদান কৰা। বিপৰীতে সেই লক্ষ্য-উদ্দেশ্য লৈ যিসকলে জাতিৰ নামত দীঘলীয়া সশস্ত্র সংগ্রাম কৰি আজি শাসনত বহি আছে স্বয়ং তেওঁলোকেই ভূমিপুত্ৰসকলৰ প্ৰধান শত্ৰুত পৰিণত হৈছে। বণিয়াৰ নিৰ্দেশত, অসম তথা ভাৰত চৰকাৰৰ নিৰ্দেশত আৰু মূলতঃ চৈধ্য গোষ্ঠীয়ে খাই শেষ কৰিব নোৱৰা সম্পত্তি আহৰণৰ স্বাৰ্থত নিজৰ নেতাসকলেই আজি সমুদায় মাটি কব্জা কৰি আমাক বলি দিবলৈ ওলাইছে।

https://dainikagradoot.in/wp-content/uploads/2024/11/UMRANG-2-VIDEO.mp4

ধিক্কাৰ দিবলৈ ভাষা নাই। আমি কিমান যন্ত্রণাত ছটফটাই আছে কাকো বুজাব নোৱাৰো। যেতিয়া সুন্দৰ ভৱিষ্যতৰ সপোন দেখুওৱাসকল মাটিৰ দালালত পৰিণত হয়, তেতিয়া আৰু ক’বলগীয়া একো নাথাকে।’

# মাটিৰ পৰিৱৰ্তে আমাৰ মূৰ কাটি দিম ৷

উল্লেখ্য যে চ্ছতলার্পেং গাঁওখন পূৰ্বতে নীপক’ৰ কপিলী নদীৰ উমৰং প্ৰকল্পৰ নামনি অঞ্চলত প্রতিষ্ঠা কৰা হৈছিল। উক্ত গাঁৱক ১৯৪২ ত অর্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ আগতেই ব্ৰিটিছ চৰকাৰে ৰাজহ গাঁওৰূপে চিহ্নিত কৰিছিল। নীপক’ৰ উমৰং জলবিদ্যুৎ প্রকল্পই সমগ্ৰ অঞ্চল জলমগ্ন কৰাৰ ফলত ১৯৭৬ত উক্ত অঞ্চল ত্যাগ কৰি চ্ছতলাপেং গাঁওখন বৰ্তমানৰ স্থানত পুনৰ প্রতিষ্ঠা কৰা হৈছিল।

সেই বছৰতেই স্বায়ত্তশাসিত পৰিষদখনে বৰ্তমানৰ চাৰিসীমাক স্বীকৃতি দি মেপ তৈয়াৰ কৰি দিছিল আৰু পৰিষদীয় সমষ্টিৰ ৰাজহ গাঁও হিচাপে স্বীকৃতি দিছিল। গাঁওখনৰ জ্যেষ্ঠ নাগৰিক ইলিছ টিমুঙে কয়, ‘কিছুদিন পূর্বে আমাক বলে মনাব নোৱাৰি স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কার্যবাহী সদস্যই প্রতিবাদী গঞাক লক্ষ্য কৰি গুলি ফুটাইছে। কে’বাগৰাকীকো শাৰীৰিক নির্যাতন চলাইছে। যিকোনো মূল্যৰ বিনিময়ত আমাৰ মাটি কাঢ়ি লৈ যোৱাৰ ভাবুকি প্রদান কৰিছে।

umrangsu 7 debalal garlosaএই মাটি দিয়াৰ পৰিৱৰ্তে আমি আমাৰ মূৰ কাটি তেওঁলোকক দিম বুলি সিদ্ধান্ত লৈছো। ভূমিপুত্ৰ হৈয়ো যুগ যুগ ধৰি এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰি ফুৰাতকৈ মৃত্যু শ্রেয়।’ এই বৃহত্তৰ দুহেজাৰ বিঘা ভূমিক বন্দুকৰ ভয় দেখুৱাই গাঁওবাসীৰ পৰা কাঢ়ি ল’ব নোৱৰাত শেহতীয়াকে পৰিষদে ‘জুৰি পাহাৰ’ নাম দি নতুন মানচিত্ৰ তৈয়াৰ কৰি দখল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

https://dainikagradoot.in/wp-content/uploads/2024/11/GARLOSA.mp4

বৃহত্তৰ উমৰাংছ’ অঞ্চলত আসাম কয়লা কোৱাৰী (১৯৮৫), নীপক’ (১৯৭৬), বিনয় চিমেন্ট (১৯৮৮), নর্থ-ইষ্ট চিমেন্ট (১৯৮৯), উমৰাংছ’ চিমেন্ট (১৯৮৯), কপিলী টিই (১৯৯১), কুমৰেং ৰিজার্ভ (১৯৮৬), নামনি কপিলী ডেম (২০০৮) আদি কে’ বাটাও ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ প্রতিষ্ঠা কৰা হৈছে। আৰু এতিয়াও এই ক্ষুদ্র আয়তনৰ চহৰখনত নতুন নতুন প্রদূষণ সৃষ্টিকাৰী উদ্যোগ প্রতিষ্ঠা কৰিবলৈ গৈ থলুৱা ভূমিপুত্রসকলক সমূলঞ্চে বিতাড়ন কৰাৰ এক গভীৰ ষড়ষন্ত্ৰত লিপ্ত হৈছে বুলি ‘দৈনিক অগ্রদূত’ৰ আগত উমৰাংছ’বাসীয়ে ক্ষোভ প্রকাশ কৰে।

#উন্নয়নৰ নামত ভেঁকো-ভাওনা

পাহাৰীয়া জিলাখনৰ সংগ্ৰামী যুৱক দ্বীপেন ৰংপিয়ে দৈনিক অগ্রদূতৰ আগত কয়, ‘প্রতিটো খোজতে এতিয়া উদ্যোগ। পূর্বতে হওক বর্তমানতে হওক, ৰাইজক উদ্যোগ লাগে নালাগে তাৰ উত্তৰ কোনোদিন বিচৰা নাযায়। পৰিষদ তথা চৰকাৰক কেৱল মাটি লাগে। মানুহ নালাগে। চৰাই-চিৰিকটি, গছ-গছনি নালাগে। উন্নয়নৰ ভাগ আমি কোনোদিন পোৱা নাই। যদি হৈছে কেৱল নেতাৰ হৈছে।

সমগ্র উমৰাংছ’ত কেৱল দ্বাদশ শ্রেণী পর্যন্তহে অধ্যয়ন কৰিব পৰাকৈ শিক্ষানুষ্ঠান আছে। কোনোবা গাঁৱত খুব বেছি এগৰাকীকৈ চতুৰ্থ বৰ্গৰ চৰকাৰী কর্মচাৰী আছে। শিক্ষা, স্বাস্থ্য, সাধাৰণ জীৱন-জীৱিকা সকলোতে ভৈয়ামৰ ওপৰত নিৰ্ভৰশীল। এয়াই আমাৰ উন্নয়ন। উদ্যোগীকৰণৰ পৰিণম আৰু ১৯৫২ তে স্বায়ত্তশাসন লাভ কৰাৰ পৰিণাম। আজি আমি সৰ্বস্ব হেৰোৱাৰ বেদনতা কান্দিছো, প্রাণ ৰক্ষাৰ ভয়ত নিৰাপত্তা বিচাৰি যেনিয়ে তেনিয়ে দৌৰিছো আৰু দৌৰিছো।’

https://dainikagradoot.in/wp-content/uploads/2024/11/URAN-1.mp4

তেওঁ কয় যে বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিৰখনত মুখ্য কাৰ্যবাহী দেৱোলাল গর্লোচাকে ধৰি সৰ্বমুঠ ১২গৰাকী প্রাক্তন উগ্রপন্থী কার্যবাহী সদস্যৰূপে নির্বাচিত হৈ আছে যিসকলে ডিমাছা পাহাৰৰ আদিম, ভূমিপুত্র জনজাতিসকলক স্বাধীনতা আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সপোন দেখুৱাই এক দীঘলীয়া সশস্ত্র সংগ্ৰামৰ নেতৃত্ব দিছিল। ৰংপিয়ে কয়, ‘আজি তেওঁলোকেই পাহাৰীয়া জিলাখনৰ স্থানীয় ভূমিপুত্ৰসকলৰ জীৱন-জীৱিকা মাটি সম্পত্তি কাঢ়ি পুঁজিপতিক গতাই দিয়াৰ প্ৰতিযোগিতাত লিপ্ত হৈছে।

umrangso 8উমৰাংছ’ৰ সচেতন ৰাইজ এইবুলি অনুতপ্ত যে প্রাক্তন উগ্রপন্থী তথা বৰ্তমানৰ গৰিষ্ঠসংখ্যক কাৰ্যবাহী সদস্যৰ শৈক্ষিক অর্হতা সপ্তম শ্ৰেণীৰ পৰা খুব বেছি দ্বাদশ শ্রেণী উত্তীর্ণ। এতেকে ক্ষমতা পাই জাতি-মাটিক অসৎ উপায়েৰে বিক্ৰী কৰি পাহাৰসম সম্পত্তি গঢ়িছে ঠিকেই কিন্তু স্বাভাৱিকতে তেওঁলোকৰ জ্ঞান বুদ্ধিয়ে ঢুকি পোৱা নাই যে থলুৱা ভূমিপুত্ৰসকল অচিৰেই সর্বস্ব হেৰুৱাই ভগনীয়াত পৰিণত হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Debolal Gorlosalimestone miningNCHACPlans to evict indigenous peopleUmrangso
samimsultana

samimsultana

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d