আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্ত কৰি দেওবাৰে নতুন কৰ্মস্থলীত যোগদান কৰিবলৈ গৈছিল এগৰাকী তৰুণ আইপিএছ বিষয়াই ৷ কিন্ত কৰ্ণাটকৰ হাছান জিলাত প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিবলৈ যোৱাৰ পথত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে ২৬ বছৰীয়া আই পিএছ বিষয়া হৰ্ষ বৰ্ধনৰ ৷ ২০২৩ বেটছৰ আই পিএছ বিষয়াজনৰ ঘৰ মধ্য প্ৰদেশত ৷
কৰ্ণাটক আৰক্ষীয়ে সদৰী কৰা মতে আইপিএছ বিষয়াজন উঠি অহা বাহনখনৰ চকাৰ টায়াৰ হঠাতে ফাটি যোৱাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এডাল গছত খুন্দা মাৰি উফৰি পৰেগৈ এটা বাসগৃহত ৷ ফলত বাহন খন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আইপিএছ হৰ্ষবৰ্ধন। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে বাহন খনৰ চালকজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত তেওঁক যাব দিয়া হয় । উল্লেখ্য যে হৰ্ষ বৰ্ধনে হোলেনাৰসীপুৰত উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যত যোগদানৰ বাবে গৈ আছিল হাছানলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই তৰুণ আই পি এছ বিষয়াজনৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনায়।
লগতে পঢ়ক: UP Crime: ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা, ২০ লাখ টকা ছুপাৰী দি হত্য়া প্ৰতিদ্বন্দ্বীক