বুধবাৰে সৰুসজাই ক্রীড়া প্রকল্পত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।ইয়াৰ অধীনত কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ প্ৰদান কৰা হয় । লগতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্রীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীলৈ ডি বি টি যোগে নগদ পুৰস্কাৰ প্ৰদান কৰে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে বিকাশৰ ১২ দিন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই সময়ছোৱাত কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়োৱা হ’ব । ইয়াৰ জৰিয়তে লাখ লাখ ছাত্র-ছাত্রী আৰু দৰিদ্ৰ পৰিয়াল লাভান্বিত হ’ব।
তেওঁ লগতে কয় যে, শিক্ষা বিভাগৰ তিনিটা গুৰুত্বপূৰ্ণ আঁচনি এই সময়ছোৱাত ৰাইজৰ মাজলৈ লৈ যোৱা হ’ব। প্রতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীর্ণ হোৱা ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এইবছৰ ৰাজ্যৰ ২৬,৯৬৯ গৰাকী ছাত্র-ছাত্রীক অহা ১২ দিনত আনন্দৰাম বৰৱা বঁটা হিচাপে বিদ্যার্থী সমাজৰ শিক্ষাগ্রহণৰ সুবিধার্থে ১২,৫০০ টকা নিজৰ বেংক একাউণ্টত যোগে লাভ কৰিব বুলি তেওঁ কয়। এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা ৰাজ্যৰ ৪,৪০,৫৮৩ গৰাকী ছাত্র-ছাত্রীক এই আঁচনিখনৰ জৰিয়তে উপকৃত হৈছে।
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূর্ণ আঁচনি হৈছে বাণীকান্ত কাকতি বঁটা। এই বঁটাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্রীয়ে প্রথম বিভাগত উত্তীর্ণ হয় তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে আগবঢ়ায় আৰু যিসকল ছাত্রই ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোকৰ বাবেও একোখনকৈ স্কুটাৰ আগবঢ়োৱা হয় বুলিও তেওঁ কয়।
পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ ৰাজ্যৰ ৪৮,৬৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্রহণক সহজলভ্য কৰি তোলাৰ বাবে নবম শ্রেণীব ছাত্র-ছাত্রীসকলক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছিল। এই বছৰ অহা ১২ টা দিনৰ ভিতৰত ৰাজ্যৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা চাইকেল লাভ কৰিব।
বিকাশৰ দিনৰ সময়ছোৱাত বিধ্বংসী বানে ক্ষতিগ্রস্ত কৰা ৬,৮৬,৪৮৭ পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে ডি বি টি যোগে আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে মাইক্র’ফাইনেন্সৰ পৰা ৫০ হাজাৰ টকা পর্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণ মুক্ত প্রমাণপত্র বিতৰণ কৰিব। এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন আঁচনিৰ জৰিয়তে ৬৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১ কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে অহা ১২ দিনত ৰাজ্যৰ প্রায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব।