অসমীয়াত এষাৰ কথা আছে, চৰণেহে জানে মৰণৰ ঠাই । অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতিত ভগৱানক দৰ্শন কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৬ গৰাকী ভক্তই । বুধবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত পদপিষ্টৰ ঘটনাত প্ৰায় ছয়জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো লোক আহত হয় ।
এই ঘটনাটো তিৰুমালা শ্ৰীবাৰী বৈকুণ্ঠ দ্বাৰ টিকট কাউণ্টাৰৰ ওচৰৰ বিষ্ণু নিৱাসমৰ ওচৰত সংঘটিত হৈছিল । মন্দিৰ দৰ্শনৰ টোকেন সংগ্ৰহ কৰিবলৈ হেতাওপৰা কৰাৰ সময়তে এই শোকাৱহ ঘটনাটো সংঘটিত হয় বুলি তিৰুমালা তিৰুপতি দেৱস্থানমৰ (টি টি ডি) বিষয়াসকলে জানিবলৈ দিয়ে ।
আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । স্থানীয় আৰক্ষী বিষয়াসকলে কোৱা অনুসৰি, তিৰুমালা পাহাৰৰ ভগৱান ভেংকটেশ্বৰ স্বামী মন্দিৰত বৈকুণ্ঠদ্বাৰ দৰ্শনমৰ টিকটৰ বাবে শ শ ভক্তই ভিৰ কৰেহি । ইয়াৰ ফলতেই এই দুখজনক ঘটনাটো সংঘটিত হ’বলৈ পালে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিযোগে কয় যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুপতি মন্দিৰৰ পদপিষ্টৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্যখনৰ উচ্চপদস্থ বিষয়াক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু বৃহস্পতিবাৰে তিৰুপতিলৈ ৰাওনা হ’ব আৰু মৃত লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে আহতসকলৰ খবৰ লব বুলি জানিবলৈ পৰা গৈছে ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাৰ সন্দৰ্ভত X ৰ এটা পোষ্টত লিখে যে, “অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত হোৱা পদপিষ্টৰ ঘটনাত দুখ পাইছো । যিসকলে তেওঁলোকৰ আত্মীয় লোকসকলক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মই আঘাতপ্ৰাপ্তসকলৰ আশু-আৰোগ্যৰ কামনা কৰিছো । অন্ধ্ৰপ্ৰদেশ চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে ।”