Ghagrapar Sanibariya Bazar:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষাখণ্ডৰ ২ নং দতৰা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৫১৩ নং গুৱাকুছি মোক্তাৱ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ল শনিবৰীয়া বজাৰ । পুৱা ১০-০০ বজাত বজাৰ খন উদ্বোধন কৰে সাংবাদিক শ্বাহ আলম আহমেদে ।
বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিপেন্দ্ৰ নাথ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানটিত সহযোগ কৰে সহ: শিক্ষয়িত্ৰী কৰবী তালুকদাৰ, চাবানা ইয়াছমিন আৰু ই। শনিবৰীয়া বজাৰখনত গুৱাকুছি মোক্তাৱ প্ৰাথমিক বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে শাক-পাচলি, কণী, মাছ আদি বিক্ৰী কৰাৰ বাবে উলিয়াই । এই বজাৰৰ পৰা অভিভাৱক-অভিভাৱিকা তথা স্থানীয় লোক সকলে সকলে বয়-বস্তু সমুহ ক্ৰয় কৰি নিয়ে।
বজাৰ খন উদ্বোধন কৰি সাংবাদিক আলমে ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ বজাৰ আৰু সামগ্ৰী সমুহৰ মূল্যৰ বিষয়ে জ্ঞান বৃদ্ধি পাব বুলি কয় । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এনে পদক্ষেপ লোৱা বাবে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে । অতি সুন্দৰ আৰু আটকধুনীয়াকৈ সজাই তোলা বজাৰখন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজেও বিদ্যালয় কতৃপক্ষক প্ৰশংসা কৰে ।