“সপোনবোৰ দিঠকত পৰিণত হয় যদিহে বিশ্বাস ৰাখি আগুৱাই যোৱা হয় আৰু সেইমৰ্মে কষ্ট কৰা হয়। এইখন মঞ্চই মোৰ আশা আৰু উদ্দেশ্যত সফল হোৱাত সহায় কৰাৰ লগতে মোৰ এই যাত্ৰাই অন্য মহিলাসকলৰ বাবেও প্ৰেৰণাৰ বাৰ্তা কঢ়িয়াব।” মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যন ২০২৪ ৰ চতুৰ্থ ৰাণাৰ্ছ আপ আৰু মিছেছ গ্রেচফুল খিতাপ অৰ্জিত অসমকন্যা শ্বেতা ঠাকুৰীয়াই এই মন্তব্য কৰে ।
নাৰী তুমি অনন্যা । স্বপ্নৰ কোনো পৰিধি নাথাকে । পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসমকন্যা শ্বেতা ঠাকুৰীয়া । দিল্লীৰ আইকনিক জেডব্লিউ মেৰিয়ট নতুন দিল্লী এৰোচিটিত যোৱা ২৪ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যন ২০২৪ ৰ ষষ্ঠ সংস্কৰণত অসমকন্যা শ্বেতাই চতুৰ্থ ৰাণাৰ্ছ আপ আৰু মিছেছ গ্রেচফুল খিতাপ দখলেৰে বিজয়ৰ মুকুট পৰিধান কৰি গুৱাহাটী তথা সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
শ্বেতাৰ শৈশৱ-
গুৱাহাটীত জন্ম আৰু ডাঙৰ দীঘল হোৱা শ্বেতাৰ সৰুৰে পৰা কলা আৰু নৃত্যৰ প্ৰতি আকৰ্ষিত আছিল । গুৱাহাটীৰ চেন্ট মেৰীজ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল শ্বেতাই । নৃত্য অনুৰাগী শ্বেতাই যশস্যী শিল্পী ইণ্ডিৰা পি পি বৰাৰ তত্ত্বাৱধানত ভাৰতনাট্যমৰ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিছিল । তাৰ পিছতে শ্বেতাই গুৱাহাটীৰ গিৰিজানন্দ ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকন’ল’জিৰ পৰা আভিযান্ত্ৰিকৰ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো আভিযান্ত্রিক মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৯ম স্থান দখলেৰে সুখ্যাতিৰে উত্তীর্ণ হৈছিল।
মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ পৰাই শ্বেতাই ফেশ্বন জগতৰ সৈতে জড়িত হৈছিল । সেই সময়ৰ পৰাই শ্বেতাই বিভিন্ন ৰেম্প শ্ব’ত অংশগ্ৰহণ কৰি মিছ ক্যেটৱাক আৰু দ্বিতীয় ৰাণাৰ্ছ আপৰ খিতাপ জয়ী কৰিবলৈ সক্ষম হৈছিল। এয়াই আছিল মডেলিং জগতত শ্বেতাৰ প্ৰথম খোজ ।
পৰৱৰ্তী সময়ত শ্বেতাই কৰ্মসূত্ৰে বেংগালুৰত তথ্য-প্রযুক্তিৰ ক্ষেত্ৰখনত কৰ্মজীৱনৰ পাতনি মেলে । ইয়াৰ মাজতো শ্বেতাৰ মডেলিঙৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ ফলশ্ৰুতিত পুনৰ প্ৰায় আঠ বছৰৰ পিছত ৰাষ্ট্ৰীয় প্রতিযোগিতা মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যন ২০২৪ত অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত ৰাণাৰ্ছ আপ আৰু মিছেছ গ্রেচফুল খিতাপ জয় কৰিবলৈ সক্ষম হয় শ্বেতাই ।
উল্লেখ্য যোৱা ৬ বছৰ ধৰি দেশৰ আগশাৰীৰ উদ্যোগী মহিলা বর্ষা নাংগিয়াই অনুষ্ঠিত কৰি আহিছে মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যন শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা । বিশেষকৈ এই প্রতিযোগিতাই বিবাহিত মহিলাসকলক সবলীকৰণ কৰাৰ লগতে তেখেতসকলক সামাজিক প্রতিবন্ধকতা নেওচি সপোনবোৰ দিঠকত পৰিণত কৰাৰ মাধ্যম হিচাপে কাম কৰি আহিছে। এইখন মঞ্চই বিবাহিত মহিলাসকলক নিজকে পুনঃআৱিস্কাৰ কৰি মডেলিং জগত, অভিনয় আৰু মঞ্চ অভিনয়ত প্ৰতিষ্ঠা কৰাৰ বাবে সুযোগ প্রদান কৰি আহিছে।
শ্বেতাই লগতে কয় যে, ‘আমাৰ সমাজত প্রায় সংখ্যক লোকেই ভাবে যে বিবাহ হৈছে ব্যক্তিগত জীৱনৰ সাফল্যপ্ৰাপ্তিৰ এক অন্তৰায়। এক সন্তুলিত ব্যৱস্থাৰে আমি বিবাহিত জীৱনৰ যাত্রাপথত নিজৰ চখ, ইচ্ছা পূৰণৰ লগতে সপোন বাস্তৱায়িত কৰিব পাৰো । বর্ষা নাংগিয়াৰ মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যনত এটি মাত্র সৈন্দৰ্য প্ৰতিযোগিতাই নহয়- ইয়াত নাৰীৰ সহনশীলতা, উদ্যমিতা, অবিশ্বাস্য সম্ভাৱণীয়তা, সুপ্ত প্রতিভা প্রতিফলিত কৰাৰ এখন মঞ্চ।’