বিগত এবছৰত ভাৰতত তিনিগুণ বৃদ্ধি পালে বেংক প্ৰতাৰণাৰ ঘটনা। শতাংশ হিচাপত দেশত বেংকৰ বিত্তীয় প্রবঞ্চনাৰ ঘটনা ১৯৪ শতাংশ বৃদ্ধি পালে এবছৰ।
ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ এই তথ্য সদৰী কৰি জনোৱা অনুসৰি যোৱা বছৰৰ মাৰ্চ পর্যন্ত দেশত ১২ হেজাৰ ২৩০ কোটি টকাৰ বেংক প্ৰতাৰণাৰ অভিযোগ লাভ কৰা হৈছিল।
একেদৰে চলিত বৰ্ষত মার্চ পর্যন্ত বেংক প্ৰতাৰণাৰ পৰিমাণ আছিল ৩৬ হেজাৰ ১৪ কোটি টকা। অৱশ্যে প্ৰতাৰণাৰ পৰিমাণ বৃদ্ধি পালেও প্ৰতাৰণাৰ সংখ্যা হ্রাস পাইছে। ২০২৩-২৪ বিত্তীয় বর্ষত ৩৬,০৬০ টা বেংক প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছিল।
আনহাতে, ২০২৪-২৫ত এনে অভিযোগৰ সংখ্যা ২৩,৯৫৩ লৈ হ্রাস পাইছিল। চলিত বর্ষত ৩৬,০১৪ কোটি টকাৰ যি বেংক প্রবঞ্চনা হ’ল, ইয়াৰ মাজত ২৫,৬৬৭ কোটি টকাৰ প্ৰবঞ্চনাৰ ঘটনা সংঘটিত হ’ল ৰাষ্ট্ৰীয়কৃত বেংকত।
যোৱা বছৰত ৰাষ্ট্ৰীয়কৃত বেংকত প্রবঞ্চনাৰ পৰিমাণ আছিল ৯,২৫৪ কোটি টকা। ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত বেংক উভয় ক্ষেত্রতে যোৱা বছৰৰ তুলনাত প্ৰতাৰণাৰ সংখ্যা হ্রাস পালেও প্রবঞ্চনাৰ ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পালে।
ইমানদিনে বেংক প্রবঞ্চনাৰ ক্ষেত্ৰত কাৰ্ড আৰু ইণ্টাৰনেট বেংকিঙৰ নানা ধৰণৰ প্ৰতাৰণাৰ অভিযোগ উত্থাপন হৈছিল। যোৱা বছৰত এই ধৰণৰ প্ৰতাৰণাৰ ফলত ১,৪৫৭ কোটি টকাৰ কেলেংকাৰি হৈছিল।
চলিত বৰ্ষত অৱশ্যে এনে প্রবঞ্চনাৰ অভিযোগ ৫২০ কোটি টকালৈ হ্রাস পালে।






























