e-Aadhaar card:
আধাৰ কার্ড ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক অতি গুৰুত্বপূর্ণ নথি। ইয়াক বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত কামত ব্যৱহাৰ কৰা হয়। কিন্তু দৈনন্দিন জীৱনত সকলো সময়তে আধাৰ কার্ড লৈ ফুৰাটো সুবিধাজনক নহয় আৰু হেৰাই যোৱা বা চুৰি হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত আপুনি ই-আধাৰ ব্যৱহাৰ কৰিব পাৰে। ই-আধাৰে ঠিকনা অৰু পৰিচয় প্রমাণ হিচাপে কাম কৰে, ঠিক আধাৰ কাৰ্ডৰ দৰেই। ইয়াত আধাৰ কাৰ্ডৰ সকলো তথ্য সন্নিবিষ্ট কল হৈছে আৰু ইয়াক স্বাক্ষৰ হিচাপে ডিজিটেলভাৱে অনুমোদিত কৰা হৈছে। সহজ ভাষাত ক’বলৈ গলে ই-আধাৰ হেছে আধাৰ কাৰ্ডৰ এটা সুৰক্ষিত, পাছৱর্ড সুৰক্ষিত আৰু ডিজিটেল স্বাক্ষৰিত কপি। অর্থাৎ ই-আধাৰ হৈছে আপোনাৰ আধাৰ কাৰ্ডৰ ডিজিটেল সংস্কৰণ।
আপুনি ইয়াক আপোনাৰ ফোনত ছেভ কৰিব পাৰে। কোনো পৃথক নথি-পত্র ৰখাৰ প্রয়োজন নাই। ই-আধাৰ আপোনাৰ আধাৰ কাৰ্ডৰ দৰেই বৈধ। ইয়াক পৰিচ্যাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰি, যেনে পাছপ’ৰ্টৰ বাবে আবেদন কৰাৰ সময়ত পৰিচয় আৰু ঠিকনাৰ প্রমাণ। তদুপৰি অফলাইন পৰীক্ষণৰ বাবেও ই-আধাৰ ব্যৱহাৰ কৰিব পাৰি। বর্তমান ই- আধাৰ যথেষ্ট জনপ্রিয়। ডিমেন্ট একাউণ্টৰ পৰা আৰম্ভ কৰি ব্যক্তিগত কার্যালয়ত বহুলভাৱে ব্যৱহাৰ কৰা হয়।
# ই-আধাৰ কেনেকৈ ডাউনলোড কৰিব-
গুগল প্লে ষ্ট’ৰৰ পৰা MAachaar ক্রুটো ডাউনলোড কৰি ইনস্টল কৰক। এপটো খুলি আপোনাৰ ১২ সংখ্যাৰ আধাৰ নম্বৰ বা ২৮ অংকৰ নম্বৰ দিয়ক। আপোনাৰ ৰেজিষ্ট্ৰৰ থকা ম’বাইল নম্বৰ দিয়ক আৰু অটিপি অপছনত ক্লিক কৰক।
ম’বাইল নম্বৰত এটা অর্টিপি প্রেৰণ কৰা হ’ব। ইয়াৰ স’তে পৰীক্ষ কৰি ক্লিক কৰক।
Aadhaar Download বিকল্পত ক্লিক কৰক। আপোনাৰ আধাৰ পাছৱর্ড দিয়ক আৰু submit বুটামত ক্লিক কৰক।
এতিয়া আপেনাৰ ই-অধাৰ PDF ফর্মেটত ডাউনলোড হ’ব। যিকোনো PDF reader appত চাব পাৰিব। এইদৰে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ ডিজিটেল কপি সহজে সংগ্রহ কৰি যিকোনো প্রয়োজনীয় কামত ব্যৱহাৰ কৰিব পাৰিব।