RG Kar Convict কল’কাতাৰ আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ- হত্যাৰ দোষী সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড
এই ঘটনা বিৰলতকৈ বিৰলতম নহয় বুলি কলে আদালতে
কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ক সোমবাৰে ঘটনাৰ ১৬৪ দিনৰ পাছত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে শিয়ালদহ আদালতে। আদালতে ক’লে, ‘এই ঘটনা বিৰলতকৈ বিৰলতম নহয়।সেয়েহে মৃত্যুদণ্ড দিব নোৱাৰি।’
উল্লেখ্য যে নিম্ন আদালতখনৰ বিচাৰপীঠে ভুক্তভোগী পৰিয়ালক ১৭ লাখ টকা ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যদিও পৰিয়ালে সেই ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ইয়াৰ পূৰ্বে ১৮ জানুৱাৰীত আদালতে সঞ্জয়ক দোষী ঘোষণা কৰিছিল যদিও শাস্তি সন্দৰ্ভত সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। সোমবাৰে ঘোষণা কৰা সঞ্জয়ৰ শাস্তিৰ বাবে লিখা হৈছে ১৬০ পৃষ্ঠাৰ সিদ্ধান্ত। উল্লেখ্য যে ২০২৪ৰ আঠ-ন আগষ্টৰ নিশা এই নৃশংস ঘটনা সংঘটিত হৈছিল। সঞ্জয় ৰয়ক ১০ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল।