PM Modi will take bath in Mahakumbha:
কেতিয়াবা কন্যাকুমাৰীত, কেতিয়াবা কেদাৰনাথত কৰে ধ্যান। দুয়োবাৰেই লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ পাছত নৰেন্দ্ৰ মোডীক ধ্যান-ধাৰণা কৰা দেখা যায়। এইবাৰো অনুৰূপ ধৰণেৰে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ দিনা অৰ্থাৎ ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভত স্নান কৰিব ৷
এই সন্দৰ্ভত ৰাজনৈতিক মহলে কয়, এই দিনটো বাছনিৰ আঁৰত আছে ৰাজনীতি। এই সকলোবোৰ হিন্দুত্ববাদী বাৰ্তাৰে ভোটাৰৰ মনক প্ৰভাৱিত কৰাৰ প্ৰয়াস বুলি দাবী কৰে।
উল্লেখ্য যে প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভ মেলাই আজি ভৰি দিলে দহদিনত ৷ ইতিমধ্যে মেলালৈ সোঁত বৈছে দেশী-বিদেশীৰ ৪০ কোটি ভক্তৰ ৷ বিশেষ খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৫ ফেব্ৰুৱাৰীক প্ৰয়াগৰাজত উপস্থিত হৈ গংগাত কৰিব স্নান ৷ নিয়মমতে সেইদিনা ৰাজস্নান নাই। বিৰোধীয়ে অনুভৱ কৰিছে যে সেইদিনটো বাছনিৰ আঁৰত আছে ৰাজনীতি। সেইদিনাই দিল্লীত ভোট গ্ৰহণ।
সেইদিনা যদি মোডীয়ে কুম্ভত স্নান কৰিবলৈ যায়, তেন্তে পুৱাৰে পৰা সমগ্ৰ ইলেক্ট্ৰনিক মিডিয়াই প্ৰধানমন্ত্ৰীৰ স্নানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব। ভোটাৰক প্ৰভাৱিত কৰিবলৈ এটা শিলেৰে দুটা চৰাই হত্যা কৰা এই কৌশল ৰছনা কৰিছে বুলি তিৰ্যক মন্তব্য কৰে আপৰ এগৰাকী নেতাই ৷
নেতাজনৰ মতে, দিল্লীৰ ভোটাৰলৈ হিন্দুত্ববাদৰ বাৰ্তা প্ৰেৰণ কৰাটোৱেই এই পদক্ষেপ।” কাৰণ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচনৰ দিনটোত প্ৰচাৰ চলাব নোৱাৰিব। কিন্তু কুম্ভত গা ধুই হিন্দু ধৰ্ম আৰু বিজেপিৰ হৈ পৰোক্ষভাৱে প্ৰচাৰ চলাব মোদীয়ে।
মনকৰিবলগীয়া যে, মোডীৰ পূৰ্বে ২৭ জানুৱাৰীত প্ৰয়াগ সংগমত স্নান কৰিবলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। একেদৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ক্ৰমে ১ ফেব্ৰুৱাৰী আৰু ১০ ফেব্ৰুৱাৰীত কুম্ভ মেলা ভ্ৰমণ কৰাৰ কথা।