Married man fled after impregnating a widow:
বিধবা মহিলাক অন্তঃসত্বা কৰি পলায়ন এজন বিবাহিত লোকৰ ৷ ঘটনাটো নগাঁও জিলাৰ চামগুৰিৰ কনুৱামাৰীৰ বৌ বজাৰৰ। গৰুমৰাৰ বলোৰাম দাস নামৰ লোকৰ বিৰুদ্ধে অভিযোগ উদ্থাপন কৰিছে এগৰাকী বিধৱা গৰাকীয়ে ।
ADVERTISEMENT
আনহাতে তিনি লাখ টকাৰে মুখ বন্ধৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ বলোৰামৰ বিৰুদ্ধে। জনৈক সুকুমাৰ দাস নামৰ দালালৰ জৰিয়তে মুখ বন্ধ কৰাৰ চেষ্টা। উল্লেখ্য যে চামগুৰিৰ শিৱস্থান আৰক্ষী চকীত এজাহাৰ দাখিলৰ পাছতেই দালালীত নামিছিল সুকুমাৰ ।
পত্নী থকাৰ পাছতো বলোৰামে অবৈধ সম্পৰ্ক ৰাখিছিল দুই সন্তানৰ মাতৃ গৰাকীৰে। বৰ্তমান পলাতক অৱস্থাত আছে বলোৰাম। আনহাতে দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ নগাঁও জিলা কমিটিয়ে ।






























