International Criminal Court:
এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰোষৰ সন্মুখীন হ’ল আন্তৰ্জাতিক অপৰাধ আদালত (আইচিচি)। অভিযোগ অনুসৰি আমেৰিকাৰ বিৰুদ্ধে সেই আদালতত কেবাটাও সিদ্ধান্ত লোৱা হৈছে ।
কিছুমান সিদ্ধান্ত আমেৰিকাৰ ওচৰত থকা ইজৰাইলৰ বিৰুদ্ধেও গৈছে। ইয়াৰ পাছতে আন্তৰ্জাতিক ন্যায়ালয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ট্ৰাম্পে। বৃহস্পতিবাৰে তেওঁ আই চি চিৰ ওপৰত একাধিক নিষেধাজ্ঞা আৰোপ কৰে। এই সন্দৰ্ভত ট্ৰাম্পে সংশ্লিষ্ট নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পাছতে হোৱাইট হাউছে এক বিবৃতি প্ৰকাশ কৰে। ট্ৰাম্পৰ এই পদক্ষেপক লৈ এতিয়াও কোনো সঁহাৰি দিয়া নাই আইচিচিয়ে।
আই চি চি এখন আন্তঃচৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় আদালত। নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত এই আদালতে কিছুদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। মঙলবাৰে নেতানিয়াহুৱে ট্ৰাম্পৰ স’তে সাক্ষাৎ কৰে। ইয়াৰ পাছতে আই চি চি বিৰুদ্ধে পদক্ষেপ লোৱাৰ পথত আগবাঢ়িল আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী।
হোৱাইট হাউছৰ বিবৃতিত দাবী কৰা হৈছে যে আই চি চিয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। আমেৰিকা আৰু ইয়াৰ ঘনিষ্ঠ বন্ধুসকলে ইজৰাইলক ‘লক্ষ্য’ কৰিবলৈ কেবাটাও অবৈধ আৰু ভিত্তিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে। ফলত ট্ৰাম্পে আইচিচি ৰ সকলো বিষয়া, কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ দিছে।
তেওঁলোকক আমেৰিকা লৈ যাত্ৰা কৰাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ, আইচিচিয়ে যুদ্ধ অপৰাধৰ বিচাৰ চলাই আছিল। অভিযোগ কৰা হৈছে যে কেবাটাও আদালতৰ সিদ্ধান্ত আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে গৈছে।ট্ৰাম্পৰ নিষেধাজ্ঞা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব যিসকলে পৰীক্ষণত সহযোগ কৰিছে।
আমেৰিকা বা ইজৰাইল আইচিচিৰ সদস্য নহয়। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম নিৰ্বাচনৰ পাছত, ট্ৰাম্পে আইচিচিৰ কিছুমান বিষয়াৰ বিৰুদ্ধে কিছু বিত্তীয় আৰু ভিছা নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ তেওঁ সম্পত্তি জব্দ কৰিবলৈও নিৰ্দেশ দিয়ে।