America:✒️বুধবাৰে হোৱাইট হাউছৰ সমীপত সংঘটিত গুলীচালনাত আমেৰিকাৰ নেচনেল গাৰ্ডৰ দুজন সদস্য গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে দুজনৰ মাজৰ এজনৰ মৃত্যু হয়। আনজনৰ অৱস্থা সংকটজনক। ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে এই কথা উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।
বুধবাৰে দুপৰীয়া ২:১৫ মিনিটত (আমেৰিকাৰ স্থানীয় সময় অনুসৰি) হোয়াইট হাউছৰ পৰা মাত্ৰ দুটা ব্লক উত্তৰ-পশ্চিমে সংঘটিত হয় এই গুলীচালনা।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে আফগানৰ নাগৰিক ৰহমানুল্লাহ লাকানৱালে পুৱাই নেশ্যনেল গাৰ্ডৰ সদস্যৰ কাষ চাপি হঠাতে গুলী চলাবলৈ আৰম্ভ কৰিছিল।
বৃহস্পতিবাৰে ট্ৰাম্পে ছাৰাৰ মৃত্যুৰ কথা ঘোষণা কৰে। তেওঁ গাৰ্ডজনৰ প্ৰশংসা কৰি লিখিছিল, ” পশ্চিম ভাৰ্জিনিয়াৰ ছাৰা বেকষ্ট্ৰমৰ কথা কওঁ। তেওঁ এগৰাকী সন্মানীয়, দুর্দান্ত ব্যক্তি। অলপ সময়ৰ আগতে তেওঁৰ মৃত্যু হৈছে। তেওঁ আৰু আমাৰ মাজত নাই।”
গুলীবিদ্ধ হোৱা আন এজন গাৰ্ডৰ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰি ট্ৰাম্পে কয় ,” তেওঁ এতিয়াও নিজৰ জীৱনৰ মৰণৰ স’তে যুঁজি আছে।”
আমেৰিকাৰ একাধিক সংবাদ সংস্থাৰ খবৰ অনুসৰি ২০২১ চনত আফগানিস্তানৰ পৰা ৰহমানুল্লাহ আমেৰিকালৈ আহিছিল।সেই বছৰৰ ১৫ আগষ্টত তালিবানে আফগানৰ ৰাজধানী কাবুলৰ নিয়ন্ত্ৰণ লয়।
সেই সময়ত জ’বাইডেনৰ চৰকাৰে আমেৰিকালৈ নিৰাপত্তাজনিত বিপদজনক আফগান নাগৰিকক আনিবলৈ ‘অপাৰেচন এলাইজ ৱেলকাম’ আৰম্ভ কৰিছিল।
সেই অভিযানত প্ৰায় ২০ হেজাৰ আফগান নাগৰিক আৰু আমেৰিকাৰ কূটনীতিবিদক আফগানিস্তানৰ পৰা আমেৰিকালৈ বিমানেৰে লৈ যোৱা হৈছিল। সেই সময়তে ৰহমানুলাই আমেৰিকাৰ মাটিত ভৰি দিছিল। তেতিয়াৰ পৰাই তেওঁ ৱাশ্বিংটনৰ বেলিংহামত বাস কৰে।






























