EVM:‘ইভিএম ডাটা ডিলিট নহয়’, উচ্চতম ন্যায়ালয়ে আয়োগক দিলে নিৰ্দেশ !
ভোটদানৰ পাছত কোনো ইভিএম ডাটা ডিলিট কৰা নহয়। ইভিএমৰ স’তে জড়িত এক গোচৰত নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচনৰ পাছতো ইভিএমৰ ‘মেমোৰি’ পৰীক্ষা কৰাটো প্ৰয়োজন।
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছে উচ্চতম ন্যায়ালয়ত দাবী জনাইছিল যে ভোটগ্ৰহণৰ পাছতো ইভিএমত জমা হৈ থকা নথি-পত্ৰৰ তদন্ত নিৰ্বাচন আয়োগৰ বাধ্যতামূলক কামৰ তালিকাত অন্তৰ্ভুক্ত হ’ব লাগে।
এইটো অনুসন্ধান কৰা উচিত যে ইভিএমত কিবা আছে নেকি যাৰ জৰিয়তে ইয়াক হেক কৰিব পাৰি।
এডিআৰে দাবী কৰে যে নিৰ্বাচনৰ পাছত ই ভি এমৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটা পৰীক্ষা কৰা উচিত। ইয়াক নিৰ্বাচন আয়োগৰ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া বা এছঅ’পিত অন্তৰ্ভুক্ত কৰিব লাগে।
মঙলবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠৰ সন্মুখত এই গোচৰটো উত্থাপন হয়।
শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে নিৰ্বাচন আয়োগক উদ্দেশ্য ক’লে , “অনুগ্ৰহ কৰি এতিয়াই ইভিএমৰ তথ্য মচি নেপেলাব বা পুনৰ লোড নকৰিব।” আমি বিচাৰো যে অন্ততঃ কোনোবাই সেই তথ্য পৰীক্ষা কৰক।”
উচ্চতম ন্যায়ালয়ৰ পৰ্যৱেক্ষণৰ অৰ্থ হৈছে যে বৰ্তমানৰ বাবে, আয়োগে নিৰ্বাচন সম্পৰ্কীয় তথ্য সংৰক্ষণ কৰিব লাগিব।
শেহতীয়াকৈ, হাৰিয়ানা হওঁক বা মহাৰাষ্ট্ৰ হওঁক। নিৰ্বাচনত পৰাজয়ৰ পাছত, বিৰোধী শিবিৰে ইভিএমৰ ফালে আঙুলি তুলিছে। অতীতত, বাৰে বাৰে পৰাজয়ৰ বাবে ইভিএমক দোষাৰোপ কৰা হৈছে ।
অৱশ্যে, নিৰ্বাচন আয়োগে প্ৰতিবাৰেই এনে অভিযোগ অস্বীকাৰ কৰি আহিছে । উচ্চতম ন্যায়ালয়ত কেবাবাৰো গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে,ই ভি এম বাতিলৰ দাবীত আন্দোলনও হৈছে। কিন্তু উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে ই ভি এম বাতিল কৰাৰ নিৰ্দেশ দিয়া নাই।