India-US Defence Deal:
ভাৰতক পঞ্চম প্ৰজন্মৰ এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেট যোগান ধৰিব আমেৰিকাই। কেৱল সেয়াই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিলে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে দ্বিপাক্ষিক বৈঠকত বহে নৰেন্দ্ৰ মোডী। বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আলোচনাত কে’বাটাও বিষয় উত্থাপিত হয়। তাৰে এটা হৈছে এফ-৩৫ যুঁজাৰু বিমান, যাক ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে জানুৱাৰীত ইংগিত দিছিল যে তেওঁ ভাৰতৰ স’তে প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ত কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ গৈ আছে। একে সময়তে, এইটোও জনাইছিল তেওঁৰ দেশে ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে,ট্ৰাম্পে বৃহস্পতিবাৰৰ বৈঠকত সেই বিষয়টোত সেউজ সংকেত দিয়ে ।
আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে জনাইছে ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমেৰিকাই এক “গুৰুত্বপূৰ্ণ ভূমিকা” পালন কৰিবলৈ ওলাইছে। দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত চাৰি ঘণ্টা ধৰি চলিল বৈঠক । কেৱল এফ-৩৫ যুঁজাৰু বিমানেই নহয়, ভাৰতক এণ্টি-টেংক মিছাইল জেভেলিন প্ৰদানৰ বিষয়টোও দুয়োখন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা কৰা হয়।
দুয়োপক্ষই চি১৩০জে চুপাৰ হাৰকিউলিছ, চি-১৭ গ্লোবমাষ্টাৰ তৃতীয়, পি-৮১ পচাইডন, চিএইচ-৪৭এফ চিনুক, এম এইচ-৬০আৰ চিহাকছ, এএইচ-৬৪ই আপাচে, হাৰ্পুন মিছাইল, এম৭৭৭ হাউইটজাৰ আৰু এমকিউ-৯বি আদিৰ দৰে সামৰিক সঁজুলিৰ বিষয়েও আলোচনা কৰে।
বৃহস্পতিবাৰে পুৱা দুদিনীয়া ভ্ৰমণত আমেৰিকাত উপস্থিত হয় মোডী। তেওঁ প্ৰথমে ভাৰতীয়-আমেৰিকান চোৰাংচোৱা প্ৰধান তুলসী গাবাৰ্ডক লগ কৰে । দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদ বিৰোধীকে ধৰি প্ৰতিৰক্ষা ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে।
মোডীয়ে তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজ আৰু ৰিপাব্লিকান নেতা বিবেক ৰামাস্বামীক লগ কৰে। বৈঠকৰ পাছত মোডীয়ে কয় যে প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু নিৰাপত্তা ৰক্ষাৰৰ ওপৰত আলোচনা “ফলপ্ৰসূ”। ইয়াৰ পাছত, মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স’তে এক বৈঠকত মিলিত হয় ।