Union Minister Visit Assam-Meghalaya:
তিনিদিনীয়া ভ্ৰমণসূচীৰে মেঘালয় আৰু অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য, আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড:নিমুবেন বাম্ভানিয়াই আজি উভতে দিল্লীলৈ ৷ তিনিদিনীয়া মেঘালয় আৰু অসম ভ্ৰমণৰ কালছোৱাত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিভিন্ন উন্নয়নমূলক প্ৰকল্প, চৰকাৰী আঁচনি, আৰু জনকল্যাণমূলক কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰে।
উল্লেখ্য যে মঙলবাৰে মন্ত্ৰী গৰাকীয়ে মেঘালয়ৰ ৰি-ভয় জিলা উপাযুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ জিলা খনত চলি থকা চৰকাৰী পদক্ষেপ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে।
আনহাতে বুধবাৰে শিলচৰত থকা শিশু পৰ্যবেক্ষণ গৃহ আৰু এটা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে শিশু কল্যাণ আৰু শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে ভাৰত নিৰ্মাণ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ ভ্ৰমণ কৰি নতুনকৈ নিৰ্মিত ঘৰ পৰিদৰ্শন কৰি আৰু হিতাধিকাৰীৰ সৈতে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অগ্ৰগতিৰ মূল্যায়ন কৰে।
মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণত শ্বিলঙৰ ৰিঞ্জাহত থকা ঔষধৰ দোকান এখনত উপস্থিত হৈ স্বাস্থ্যসেৱা সেৱাৰ পৰ্যালোচনা কৰে আৰু অঞ্চলটোৰ চিকিৎসা আন্তঃগাঁথনিৰ উন্নতিৰ বিষয়ে আলোচনা কৰে। একেদৰে শ্বিলঙস্থ ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ কাৰ্যালয়ত তেওঁ খাদ্য সংৰক্ষণৰ সুবিধা, ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ পৰ্যালোচনা কৰে। পিডিএছৰ কাৰ্য্যকলাপ বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এফপিএছ গ্ৰেইন এটিএম পৰিদৰ্শন কৰি খাদ্য বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ড: বাম্ভনিয়াই ৰাজভৱনত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰক সৌজন্যতামূলক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন আৰু কল্যাণমূলক পদক্ষেপৰ ওপৰত আলোচনা কৰে। আনহাতে মন্ত্ৰী গৰাকীয়ে শ্বিলঙত খাদ্য যোগানৰ কৌশল, পিডিএছৰ কাৰ্যক্ষমতা, আৰু কৃষি নীতিৰ পৰ্যালোচনাৰ বাবে মেঘালয়ৰ বিভাগীয় মন্ত্ৰী, বিষয়াবৰ্গ আৰু এফচিআইৰ বিষয়াৰে এক বৈঠক অনুষ্ঠিত কৰি ভ্ৰমণৰ সামৰণি মাৰে ৷