North Guwahati :ইছলাম ধর্মীয় লোকৰ তত্ত্বাবধানত উত্তৰ গুৱাহাটীত শিৱৰাত্রিব আয়োজন

মতিউৰ ৰহমানে ভাঙৰী বাবাৰ থানৰ ৰক্ষণাবেক্ষণ দিয়ে

sivra

North Guwahati :

ধর্ম, জাত-পাতক লৈ দ্বন্দ-খৰিয়ালৰ বিভেদ সৃষ্টি কৰি অহাব মাজতে সাম্প্রদায়িকতাৰ উর্ধ্বত থাকি উত্তৰ গুৱাহাটীত উদ্যাপিত হৈ আছে এখন হিন্দু-মুছলিমৰ যৌথ উদ্যোগত শিৱৰাত্রি। উত্তৰ গুৱাহাটী বৰ ৰংমহলৰ মতিউৰ ৰহমান নামৰ এজন ইছলাম ধর্মীয় লোকৰ পৰিয়ালে উদ্যোগ লৈ হিন্দু লোকৰ সহযোগত প্রতি বছৰে উদযাপন কৰি আহিছে মহা শিৱৰাত্রি। ৭০ বছৰৰ উর্ধ্বৰ মতিউৰ ৰহমানে জানিবলৈ দিয়া অনুসৰি, পাঁচশ বছৰ পূর্বে তেওঁলোকৰ পৰিয়ালৰ আজু ককাৰ দিনতে ঘৰৰ পাছফালৰ হাবিয়নিত গাঁত থকা এচলা শিল সংস্থাপিত কৰি ভাঙুৰী বাবাক আৰাধনা কৰিছিল।

পুৰুষানুক্রমে তেতিয়াৰে পৰা ভাঙুৰী বাবাৰ আৰাধনা হৈ আহিছে এই থানত। ৰহমানে কয় যে হিন্দুসকলে এই থানত পূজা-অর্চনা কৰে আৰু ইছলামীয়সকলে নিজ ধর্মীয় প্রক্রিয়াবে ভাঙুৰী বাবাক আৰাধনা কৰি আহিছে। শিৱৰাত্ৰিত বিভিন্ন প্রান্তব হিন্দু লোক আহি পুজা উপাসনা কৰে আৰু ইছলাম ধর্মী লোকে ‘মামা’ সম্বোধনবে দোৱা কৰে। ৰহমানে জনোৱা অনুসৰি, ভাঙুৰী বাবাৰ মহিমা অপাৰ। নির্জন ঠাঁইৰ এই থানৰ কোনো এপদ সামগ্রী হৰণ ভগন হোৱা নাই। কোনোরে মনত অহিত চিন্তা কৰিলে লগে লগে ক্ষতিৰ সম্মুখীন হয়। যাৰ বাবে সমগ্ৰ ভাৰতৰ পৰা ভক্ত তথা দর্শনার্থী এই থানলৈ আহি আঁঠু লৈ কৃপা লাভ কৰি আহিছে।

পথাৰৰ মাজত নির্জন ঠাইত অস্থিত ভাঙুৰী বাবাৰ থানত বাবাৰ একমাত্র প্রসাদ ভাং যদিও সকলোকে নৈবেদ্য আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰচাৰ হৈ অহা উত্তৰ গুৱাহাটী ভাঙুৰী বাবাৰ থানত এইবেলিও মহা শিৱবাত্রি উদযাপনৰ প্রস্তুতি চলিছে। ভক্তৰ দান দক্ষিণাৰে থানখনৰ এটি সৰু অতিথিশালা আৰু টিউবেল স্থাপন কৰাত ভক্তসকলৰ কিছু সুবিধা হৈছে। বর্তমানলৈ থানখনৰ বাবে লাভ কৰা হোৱা নাই চৰকাৰী পুঁজি।

শৌচাগাৰ ভঁৰালঘৰ, বৈদ্যুতিক ব্যৱস্থা আদি সুবিধা এতিয়াও উপলব্ধ হোৱা নাই ভাজুৰা বাবাৰ থানত। থানখনলৈ বাঁহৰ তলেৰে যাবলগীয়া হোৱাৰ বাবে অসুবিধাত পৰিছে ভক্ত দর্শনার্থী। থানলৈ প্রায় পাঁচশ মিটাৰ এটি পথ নির্মাণ কৰিলে সুবিধা হ’ব বুলি ভক্তসকলে মতপোষণ কৰে।

Exit mobile version