Golokganj Murder Case:
ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড গাঁৱৰ আমতলাত যোৱা ২২ ফেব্ৰুৱাৰীৰ নিশা চোৰৰ সন্দেহত এজন নিৰীহ লোকক মৰিয়াই মৰিয়াই হত্যা কৰাত জড়িত তৃতীয় জন অভিযুক্তক যোৱা নিশা আৰক্ষীয়ে আটক কৰে।
আটকাধীন উত্তৰ টোকৰেৰছৰা গোলকগঞ্জ এক নং ৱাৰ্ডৰ গোলাপ উদ্দিনৰ পুত্ৰ জমছেৰ আলী (৩৪)। জানিব পৰা মতে বিষখোৱা পঞ্চম খণ্ড লাউখোৱাকুটী গাঁৱৰ জগদীশ চন্দ্ৰ বৰ্মন ২২ ফেব্ৰুৱাৰীৰ নিশা বিচনদৈ গাঁৱৰ এখন বিয়া ঘৰৰ পৰা গোলকগঞ্জৰ এখন বিয়াত যোৱাৰ সময়তে উত্তৰ ৰায়পুৰ প্ৰথম খণ্ড আমতলাত পথত একাংশ ৰাইজে চোৰৰ সন্দেহত ধৰি মাৰপিট কৰে।
ইয়াতে ক্ষান্ত নাথাকি কাষতে থকা ছফৰুদ্দিন সেখৰ ঘৰত চোঁচৰাই নি হাত ভৰি ৰছিৰে বান্ধি পাশবিক নিৰ্যাতন চলায়। খবৰ পাই গোলকগঞ্জ আৰক্ষী মুমূৰ্ষ অৱস্থাত জগদীশক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত প্ৰেৰণ কৰে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দিয়াত আৰক্ষীয়ে ২৩ ফেব্ৰুৱাৰীত ছফৰুদ্দিন সেখ (৫৯)ক গ্ৰেপ্তাৰ কৰে। পিছদিনা ধুবুৰী আদালতত হাজিৰ কৰি আৰক্ষী জিম্মাত নিয়ে।
২৪ ফেব্ৰুৱাৰীৰ নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত জগদীশৰ মৃত্যু হয়। তেঁৱৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতেই গোলকগঞ্জত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় বজৰং দল আৰু অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ যৌথ উদ্যোগত স্থানীয় কেইবা শতাধিক ৰাইজে গোলকগঞ্জ থানা ঘেৰাও কৰি দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়। ইয়াৰ পিছতেই আৰক্ষীয়ে অভিযান চলাই ছফিৰুদ্দিনৰ পুত্ৰ আমিনুৰ সেখ (২৭)ক আটক কৰে।
বাকী ছয় জন অভিযুক্তক বিচাৰি অভিযান চলাই থকাৰ মাজতে যোৱা নিশা হালাকুৰাৰ বিদ্যাৰডাবৰী পঞ্চম খণ্ড গাঁৱত গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই জমছেৰ আলীক আটক কৰিবলৈ সক্ষম হয়।