Cm Pressmeet:
সদ্য সমাপ্ত এডভাণ্টেজ আছাম২.০ক সফল সমাপ্তি সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে৷ অসম শীৰ্ঘেই এখন সফল উদ্যোগিক ৰাজ্যত পৰিণত হ’ব ৷ এডভাণ্টেজ আছামে সমগ্ৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ণ তৰাম্বিত হ’ব ৷ এডভাণ্টেজ আছাম ২.০ জৰিয়তে বিশ্বৰ ১০ খন দেশৰ লগতে ইউৰোপীয়ান ইউনিয়ন সহ ভাৰতৰ প্ৰতিষ্ঠিত উদ্যোগপতিৰ পৰা যি সহাৰী পোৱা গ’ল ৷ সেয়া আমাৰ বাবে এক আশাৰ ৰেঙনি ৷ এনে প্ৰেক্ষাপটত আমি এতিয়াৰ পৰা প্ৰতি চাৰিবছৰৰ মূৰত এনে বিনিয়োগ সন্মিলন আয়োজন কৰিম ৷ আনহাতে বিনিয়োগ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে আমাক যথেষ্ট উৎসাহিত কৰিলে ৷
সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ উদ্যোগীকৰণৰ বাবে বিনিয়োগকাৰীক আহ্বান জনাই ৷কিন্ত আমি এইবাৰ বিপৰীতে ছবি এখন দেখা পালো৷ প্ৰধানমন্ত্ৰী মোদীয়ে অসমত প্ৰত্যক্ষ বিনিয়োগ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কে’বাটাও মন্ত্ৰণালয় সহ ভাৰতীয় প্ৰতিষ্ঠিত প্ৰতিষ্ঠানক বিনিয়োগৰ বাবে আহ্বান জনাই৷ প্ৰধানমন্ত্ৰীয়ে নামৰূপত ১২,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে ৷ আনকি দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ৭৫ দেশৰ ৬০ গৰাকী প্ৰতিনিধিক নিজেই নেতৃত্ব লৈ এডভাণ্টেজ আছাম২.০ লৈ আনে ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী ধন্যবাদ জ্ঞাপন। কৰিছো ৷
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে,আমাৰ এডভাণ্টেজ আছাম২.০ ৰ বিনিয়োগ সন্মিলনত আমাৰ পাটনাৰ হিচাপে থাকে অষ্ট্ৰেলিয়া,জাৰ্মানী,ভূটান,ইণ্ডোনেছিয়া,জাপান, মালয়েছিয়া,জাপান,ভিয়েটনাম,ছিংগাপুৰ আৰু ইউৰোপীয়ান ইউনিয়ন সহ দক্ষিণ পূব এছিয়াৰ আন কেবা খনো দেশ। আনহাতে সন্মিলনত দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বাণী,গৌতম আদানী,সজ্জন জিন্দাল সহ প্ৰায় ৮ সহস্ৰাধিক বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰে আৰু বিদেশৰ ১১০০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশ লয় সন্মিলনত ৷ আমি এই অনুষ্ঠান আয়োজনৰ পূৰ্বে অনুষ্ঠিত কৰিছিলো ২৪০ খন বিশেষ বৈঠক ৷ ইয়াৰে ১৮০ খন বৈঠক হয় বিভিন্ন দেশত ৷
প্ৰণিধানযোগ্য যে, এডভাণ্টেজ আছাম২.০ আয়োজনৰ পূৰ্বে আমি কে’বাখনো দেশলৈ গৈছিলো ৷ উল্লিখিত দেশ সমূহত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয় উদ্যোগত অনুষ্ঠিত কৰা হয় অসম সপ্তাহ ৷ একেদৰে আমিও ছিংগাপুৰ,দক্ষিণ কোৰিয়া,জাপান সহ আন কে’বাখনো দেশৰ ৰ’ড শ্ব’ত অংশ গ্ৰহণ কৰিছিলো ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,আমাৰ এডভাণ্টেজ আছাম২.০ৰ লগত সংগতি ৰাখি এখন বৃহৎ কলেবৰত আয়োজন কৰা হৈছিল প্ৰদৰ্শনী ৷ প্ৰদৰ্শনী খন দেশ – বিদেশৰ বিনিয়োগকাৰীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ইয়াত প্ৰতিফলিত হৈছিল অসম উদ্যোগীকৰণৰ এক পৰিবেশ আছে ৷ আগন্তুক ২০২৭ ৰ এডভাণ্টেজ আছাম ৩.০ ৰ আয়োজনৰ লগত ৰজিতা খুৱাই মাৰ্কিন যুক্তৰাষ্ট্ৰত বৃহৎ ৰোড শ্ব’ কৰা হ’ব ৷
বিনিয়োগ সন্মিলনত উপস্থিত থকা ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বাণীয়ে অসমত চিবিজি প্ৰকল্প স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে প্ৰত্যক্ষ বিনিয়োগ ৫০,০০০ কোটি টকা বিনিয়োগৰ ঘোষণা কৰে ৷ তদুপৰি তেওঁৰ প্ৰতিষ্ঠানে ক্লিন এনাৰ্জী,এআই আৰু ডিজিটেল খণ্ডটো বিনিয়োগ কৰাৰ কথা সদৰি কৰে ৷ জাহাজ,বন্দৰ আৰু জল পৰিবহন মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে তেওঁৰ মন্ত্ৰণালয় অসমত ৪,৮০০ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এক প্ৰসংগ উদ্থাপন কৰি কয় যে, মোৰ স’তে জাপানলৈ তুলিৰাম ৰংহাঙ যাওতে বহুজনে তেওঁক কটাক্ষ কৰি কেতবোৰ ইতিকিং সূচক মন্তব্য প্ৰকাশ কৰিছিল ৷ কিন্ত মুল কথাটো হ’ল কাৰ্বি পাহাৰ আৰু ডিমা হাচাওত দেশৰ ভিতৰত সৰ্বাধিক খনিজ সম্পদ আছে ৷ তাত হ’ব পৰা কে’বাটাও প্ৰকল্প সন্দৰ্ভত তুলিৰামে জাপানী উদ্যোগী সকলৰ ওচৰত নিজেই
বহু বিষয়ৰ আভাস দাঙি ধৰে ৷ৰিলায়েঞ্চে মেগা ফুড পাৰ্ক নিৰ্মাণতো গুৰুত্ব দিয়ে। আনকি বস্ত্ৰ নগৰী শুৱালকুছিক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে স্বয়ং বিদেশী বিনিয়োগকাৰীয়ে প্ৰত্যক্ষ কৰে শুৱালকুছি ।
মুখ্যমন্ত্ৰীয়ে আৰু কয়,টাটাই জাগীৰোডত ইতিমধ্যে ছেমিকণ্ডাক্টৰ প্ৰকল্পত ৪৪ কোটি হেজাৰ টকা বিনিয়োগ কৰিছে ৷ তদ্ৰুপ টাটাই এইবাৰ পুনৰ অসমত এটা ইলেক্ট্ৰনিক প্ৰকল্প স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ একেদৰে টাটা পাৱাৰে ৩০ হেজাৰ কোটি টকাৰ এক বুজাবুজি চুক্তি সম্পন্ন কৰিছে অসম চৰকাৰৰে ৷ আনকি টাটাই গুৱাহাটী মহানগৰীত অত্যাধুনিক তাজ হোটেল স্থাপন কৰিব ৷ আনহাতে অইলেয় অসমত ২০,০০০ কোটি, টকা অএনজিচিয়ে ১৫,০০০ কোটি ,বেদান্ত গ্ৰুপে ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব ৷ এখন আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কেন্সাৰ হাস্পতাল আমেৰিকাৰ সহযোগত অসমত স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰে ৷ একেদৰে জিন্দাল গ্ৰুপৰ মুৰব্বী সজ্জন জিন্দালে চিমেণ্ট আৰু তাপ বিদ্যুত প্ৰকল্পত ধন বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে ৷
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয় এডভাণ্টেজ আছাম ২.০ ৰ বিনিয়োগ সন্মিলনৰ জৰিয়তে অসমত বিনিয়োগ হ’ব ৫,১৮,২৯৫ কোটি টকা। আগন্তুক পাঁচ বছৰত ভিতৰত উল্লিখিত ধন বিনিয়োগ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ সংবাদমেলত কে’বাগৰাকী কেবিনেট মন্ত্ৰী সহ জ্যেষ্ঠ আমোলা উপস্থিত থাকে ৷