Puri Jagannath Temple:
দৰ্শনাৰ্থীসকলৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে পুৰীৰ জগন্নাথ মন্দিৰে । মুখ্যমন্ত্ৰীৰ উপদেষ্টা প্ৰকাশ মিশ্ৰাই সোমবাৰে মন্দিৰ দৰ্শন সন্দৰ্ভত কৰ্তৃপক্ষৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। মন্দিৰ সমিতিৰ স’তে পুনৰীক্ষণৰ অন্ততহে নতুন নিয়ম উত্থাপন কৰা হ’ব বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীৰ উপদেষ্টা গৰাকীয়ে মন্দিৰ সমিতিৰ স’তেও এক বৈঠকত মিলিত হয়। তেওঁ কয় যে ,”নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে যাতে দৰ্শনাৰ্থীসকলে কোনো সমস্যা নোহোৱাকৈ মন্দিৰ আৰু বিগ্ৰহসমূহ সুকলমে পৰিদৰ্শন কৰি পূজা কৰিব পাৰে। মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম আৰু ভিআইপিসকলৰ বাবে পৃথক ব্যৱস্থা কৰিব পাৰিনে নাই সেয়াও বিবেচনা কৰা হৈছে। ’’
নতুন পৰিকল্পনা অনুসৰি, নাটমাণ্ডপৰ কাষত বেৰিকেডৰ দ্বাৰা এটা ছয় লেনৰ ৰেম্প নিৰ্মাণ কৰা হ’ব। ফলস্বৰূপে ভক্তসকলে সহজে মন্দিৰ দৰ্শন কৰিব পাৰিব।
মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে সুকীয়া লাইন থাকিব । মন্দিৰ দৰ্শন কৰাৰ পাছত পুৰুষ ভক্তসকলে গুৰুদ্বাৰৰ মাজেৰে ওলাই আহিব পাৰিব। মন্দিৰ কৰ্তৃপক্ষই কয় যে এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে মন্দিৰ আৰু মূৰ্তি দৰ্শন বহুত মসৃণ হ’ব বুলি তেওঁলোকে অনুভৱ কৰে। লগতে এই ব্যৱস্থাই তীৰ্থযাত্ৰীসকলে ভাল ধৰণেৰে ভ্ৰমণ কৰাৰ সুযোগ পাব।
বিভিন্ন সময়ত মন্দিৰত প্ৰৱেশ কৰাৰ পৰা দৰ্শনলৈকে ভক্তসকলৰ মাজত ভিৰ হয়। কেতিয়াবা বিশৃংখলৰ পৰিস্থিতিও সৃষ্টি হয়। সেয়েহে, ভক্তসকলৰ স্বাৰ্থত দৰ্শনৰ নিয়ম সলনি কৰা হৈছে যাতে ভৱিষ্যতে এনে পৰিস্থিতিৰ উদ্ভৱ নহয়।