Supreme Court:
২০২৪ চনৰ এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কৰ্মস্থলীত মাতৃসকলে স্তনপান কৰাব পৰাকৈ সুকীয়া কোঠাৰ বাবে অনুৰোধ জনাইছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যসমূহক মাতৃসকলক সন্তানক স্তনপান কৰাবলৈ সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে।ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ প্ৰসন্ন বি ভাৰালৰ বিচাৰপীঠে মন্তব্য কৰে যে মাতৃ আৰু নৱজাত শিশুৰ স্বাস্থ্যৰ বাবে স্তনপান কৰাটো অতি প্ৰয়োজনীয়।
বহু ক্ষেত্ৰত মাতৃসকলে ৰাজহুৱা স্থানত স্তনপান কৰাই অস্বস্তি অনুভৱ কৰে। ট্ৰেইন-বাছ, হস্পিতাল, অফিচত কোনো পৃথক কোঠা পোৱা নাযায়। এই পৰিস্থিতিত আদালতে পৰ্যবেক্ষণ কৰিলে যে ৰাজহুৱাভাৱে স্তনপানৰ বিষয়টো পুৰণি কালৰ বুলি ল’ব নোৱাৰি। এই ক্ষেত্ৰত নাগৰিকে ইতিবাচক ভূমিকা ল’ব লাগিব।
‘মাত্ৰী স্পৰ্শ’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থৰ গোচৰ ৰুজু কৰাৰ পাছতে পুনৰ এই বিষয়টো উত্থাপিত হৈছে । এই সংস্থাই ৰাজপথত স্তনপান কৰোৱাৰ বাবে সুকীয়া কোঠা নিৰ্মাণ কৰিবলৈ দাবী জনায় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ দাবী জনায়।
গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে মাতৃসকলে সন্তানক স্তনপান কৰাবলৈ পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগে । যদিও এই গোচৰৰ শুনানি ১৯ ফেব্ৰুৱাৰীত হৈছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ শেহতীয়াকৈ পোহৰলৈ আহিছে । উল্লেখ্য যে,২০২৪ চনত কেন্দ্ৰই কৰ্মক্ষেত্ৰত লিংগ বৈষম্যৰ মোকাবিলা কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছিল।
কৰ্মক্ষেত্ৰত এটা পৃথক স্তন্যপান কক্ষৰ বিষয়েও আলোচনা হৈছিল। উচ্চতম ন্যায়ালয়ে জনাই যে বৰ্তমানৰ গোচৰটোৰ শুনানিত নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰা হ’ব।