Ration Card এইবাৰ ৰেচন কাৰ্ডৰ লগত লিংক হ’ব বেংক একাউণ্ট
ইতিমধ্যে আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ডৰ লিংকিং কৰা হৈছে। এইবাৰ বেংক একাউণ্টটো ৰেচন কাৰ্ডৰ স’তে লিংক কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে।
ইয়াৰ বাবে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়েও ৰেচন বিতৰণ সম্পৰ্কীয় নিৰ্দেশনাত প্ৰয়োজনীয় সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছে।
চৰকাৰী সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় খাদ্য সচিবৰ স’তে ৰাজ্যৰ খাদ্য সচিবসকলৰ বৈঠকত এই প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছে।
তাত ৰেচন বিতৰণ নিয়ন্ত্ৰণ সম্পৰ্কীয় ২০১৫ চনৰ নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰা হৈছে।
এই সংশোধনী অনুসৰি নতুন ৰেচন কাৰ্ড প্ৰদানৰ সময়ত যেতিয়া পৰিয়ালৰ মুৰব্বীৰ ই-কেৱাইচি প্ৰ-পত্ৰ পূৰণ কৰা হয়,ইয়াৰ পাছত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ডৰ স’তে আধাৰ সংযোগ কৰাৰ লগতে বেংক একাউণ্টৰ তথ্যও ল’ব।
কিয় এই পদক্ষেপ? প্ৰশ্ন উত্থাপন হৈছে, ভৱিষ্যতে কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ে ৰেচনত চাউল আৰু ঘেঁহুৰ পৰিৱৰ্তে নগদ ৰাজসাহায্যৰ পথ মুকলি কৰিব বিচাৰিছে?
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অনুসৰি এতিয়া প্ৰতি মাহে প্ৰায় ৮১.৩৫ কোটি লোকক প্ৰতি মূৰত পাঁচ কিলোগ্ৰাম চাউল বা ঘেঁহু যোগান ধৰা হৈছে।