সতী সাধনী দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে আজি তিনিচুকীয়া চহৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সমীপত বীৰাংগনা সতী সাধনীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে আৰু এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰে।
সদৌ তিনিচুকীয়া জিলা চুতীয়া জাতি সন্মিলন আৰু কেউটা ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে ঐতিহাসিক চুতীয়া পথাৰ বৰ্তমান তিনিচুকীয়া চহৰৰ মাজমজিয়াত চুতীয়া সাম্ৰাজ্যৰ শেষৰগৰাকী ৰাণী ‘বীৰাঙ্গনা সতী সাধনী’ৰ এই পূর্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত চুতীয়াসকল অন্যতম গুৰুত্বপূৰ্ণ আৰু শক্তিশালী জনগোষ্ঠী, যিয়ে সমৃদ্ধ ঐতিহ্য বহন কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি আহিছে। বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ চুতীয়া জনগোষ্ঠী অসমৰ এটা অন্যতম প্রাচীন আৰু শক্তিশালী জনগোষ্ঠী। বৃহত্তৰ অসমীয়া সমাজৰ আৰ্থ-সামাজিক, সাংস্কৃতিক বিকাশত চুতীয়া জনগোষ্ঠীয়ে অভূতপূর্ব অৱদান আগবঢ়াই আহিছে৷ চুতীয়া জনগোষ্ঠীৰ বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবর্ধন কৰিছে। চুতীয়া সাম্ৰাজ্যৰ মহীয়সী ৰাণী সতী সাধনীয়ে অদম্য পৰাক্ৰম, বিচক্ষণতা আৰু অতুলনীয় ত্যাগেৰে অসমৰ ইতিহাসৰ পাতত চুতীয়া সাম্ৰাজ্যৰ যাউতিযুগীয়া অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে বীৰত্বেৰে যুঁজি সতী সাধনীয়ে নাৰীশক্তিৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। আই অসমীৰ বীৰাংগনাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। সতী সাধনীৰ পৰাক্ৰম, আত্মবলিদান আৰু স্বদেশপ্ৰেমৰ কাহিনী প্ৰতিজন অসমীয়াৰ বাবে সাহস আৰু প্ৰেৰণাৰ যুগ-যুগান্তৰৰ উৎস হৈ থাকিব। তেখেতৰ আত্মমর্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব। অসমৰ নাৰীৰ বীৰত্ব,স্বাভিমান, সাহসিকতা আৰু দেশপ্ৰেমৰ প্ৰতীক মহীয়সী ৰাণী সতী সাধনীৰ আদৰ্শ জীয়াই ৰাখি আমি সগৌৰৱে অসমীয়া জাতিক বিশ্বদৰবাৰত উজলাই তুলিব লাগিব। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়েই অসমৰ জাতি-জনগোষ্ঠীসমূহৰ বীৰগাথাক মহিমামণ্ডিত কৰি আহিছে। অসমৰ সমৃদ্ধ ইতিহাস ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্রিয় ভূমিকা পালনেৰে এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ সতী সাধনীৰ কৰ্মৰাজি আৰু বীৰগাথাই দেশবাসীক অনুপ্ৰেৰণা যোগাই যাব।”
অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ স’তে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানৰ উপৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ,তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্রসাদ চুতীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু স্থানীয় ৰাইজ।