Horoscope: মেষ : আনক জ্ঞান লাভৰ সুযোগ পাব । ৰক্তচাপ বৃদ্ধি পাব পাৰে ৷ প্ৰতিভা বিকাশৰ যোগ। গোপন তথ্য লাভ। শুভ ৰং হালধীয়া। অশুভ ৰং মুগা ৷ শুভ সংখ্যা ২।
বৃষ : আনৰ পৰা প্ৰশংসা পাব। টোপনি ক্ষতি হোৱাৰ সম্ভাৱনা। কোনো লোকে বিপথে নিব পাৰে। জমা ধন খৰচ হ’ব। শুভ ৰং আকাশী । অশুভ ৰং সোণালী। শুভ সংখ্যা ৫।
মিথুন : খং ৰাগ কমাওক। বহু দিশত সুনাম লাভৰ যোগ। জমাধন খৰচ হ’ব পাৰে। খৰচ বৃদ্ধি। শুভ ৰং নীলা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
কর্কট : অর্থ লাভৰ যোগ। সন্তানৰ শুভ। য’তে ত’তে যিকোনো মন্তব্য নিদিব বিপদ হ’ব পাৰে। মামলা মোকদমা জয় লাভ। শুভ ৰং বগা। অশুভ ৰং কমলা। শুভ সংখ্যা ৮।
সিংহ : বিয়াৰ যোগ আছে। যান-বাহনত সাৱধান। দুৰ্যোগ আঁতৰিব। বস্ত্ৰ লাভৰ যোগ। বাদ-বিবাদত ব্যস্ত নাথাকিব। শুভ ৰং কমলা। অশুভ ৰং ক’লা। শুভ সংখ্যা ২।
কন্যা : সা-সম্পত্তি লাভ কৰিব। আনক মনোকষ্ট নিদিব। পৰকীয়া প্ৰেমত মানহানি হ’ব পাৰে। আলহীৰ সমাগম বৃদ্ধি। শুভ ৰং বগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৪।
তুলা : নিজক গুৰুত্ব দিয়া প্রয়োজন হ’ব। তীর্থ ভ্ৰমণ কৰিব পাৰে । কৰ্মত আনৰ সহযোগ পাব। হাড়ৰ বিষ হ’ব পাৰে। শুভ ৰং মুগা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।
বৃশ্চিক : মাদক দ্ৰব্যৰ পৰা সাৱধান। স্বভাৱ সলনি কৰক। মূল্যবান সম্পদ লাভ কৰিব। আনৰ কথা শুনি মন বেয়া নকৰিব। শুভ ৰং কমলা। অশুভ ৰং মেৰুণ। শুভ সংখ্যা ৪।
ধনু : খোৱা-বোৱাত সাৱধান হওক। আবেগ পৰিহাৰ কৰক। সা-সম্পদ বৃদ্ধি যদিও ব্যয়ও বৃদ্ধি। বিদ্যাত শুভ। শুভ ৰং আকাশী। অশুভ ৰং নীলা। শুভ সংখ্যা ৫।
মকৰ : আনৰ পৰা প্ৰেৰণা পাব। কৰ্মত উন্নতি। কোনো লোকে বদনাম দিব চেষ্টা কৰিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। অশুভ ৰং ক’লা। শুভ সংখ্যা ১।
কুম্ভ : কর্মত বলিষ্ঠ যোগ। অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক। হতাশা আঁতৰিব। গৱেষকৰ সুখ্যাতি। শুভ ৰং বগা। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
মীন : সন্তানক লৈ চিন্তা থাকিব । আনৰ উপকাৰ অস্বীকাৰ নকৰিব । লোভ-মোহ কমাওক। শুভ ৰং কমলা। অশুভ ৰং ক’লা। শুভ সংখ্যা ২।