Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পাক সেনাৰ ঘনিষ্ঠ ছইফুল্লাৰ পৰিকল্পনাতে জঘন্য নৰসংহাৰ 

publisher by publisher
April 24, 2025
in India, News
Reading Time: 1 min read
0
পাক সেনাৰ ঘনিষ্ঠ ছইফুল্লাৰ পৰিকল্পনাতে জঘন্য নৰসংহাৰ 
1
SHARES
14
VIEWS
ShareShareShareShare

Pahelgam Attack :  নাম ছইফুল্লা খালিদ ওৰফে ছইফুল্লা কাছুৰী। বিলাসী গাড়ীত উঠি নিজস্ব সশস্ত্র বাহিনীৰে পৰিবেষ্টিত হৈ বিচৰণ কৰা ছ‍ইফুল্লা হৈছে পাক মদতপুষ্ট দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ অন্যতম শীর্ষ নেতা তথা ভাৰতৰ ‘ম’ষ্ট ৱাণ্টেড’ তালিকাভুক্ত হাফিজ ছয়ীদৰ অতি ঘনিষ্ঠ।

ADVERTISEMENT

পাকিস্তান সেনাৰ বহু বিষয়াৰ স’তে নিয়মিত যোগাযোগ ৰক্ষা কৰে ছইফুল্লাই। চোৰাংচোৱাৰ সূত্ৰত প্রকাশ যে মঙলবাৰে বিশ্বক জোঁকাৰি যোৱা জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত জঘন্যতম সন্ত্রাসবাদী আক্ৰমণৰ মূল চক্ৰী হৈছে এই ছইফুল্লা।

RelatedPosts

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মৃত্যুৰ পূৰ্বে একেখিনি কথাই কয় সকলোৱে!

ডাম্বলৰে মূৰত আঘাত, অতিসংখ্যক ৰক্তপাত

ছইফুল্লাৰ নিৰ্দেশতে পাঁচ-ছজনীয়া সন্ত্ৰাসবাদীৰ দলে পহলগামৰ বৈছৰণ উপত্যকাত নিৰ্বিচাৰে গুলিচালনা কৰি কমেও ২৮জন পৰ্যটকক হত্যা কৰে। এই ঘটনাত আহত হৈছে বহুজন। ঘটনাৰ দায়িত্ব লোৱা “দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টিআএফ) নামৰ লস্কৰ-ই-তৈবাৰ ছায়া সংগঠনটোৱে ২০১৯ত জম্মু-কাশ্মীৰত অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজতে এই সন্ত্ৰাসবাদী গোটৰ জন্ম হয়।

সম্প্ৰতি এই গোটৰ সদস্যই আক্ৰমণ কৰিলেও সম্পূৰ্ণ পৰিকল্পনা ছইফুল্লাই ৰচিছিল বুলি চোৰাংচোৱা সূত্ৰত প্ৰকাশ ৷ সূত্ৰত প্ৰকাশ যে পাকিস্তান সেনাত যথেষ্ট প্ৰভাৱ আছে ছইফুল্লাৰ ।বিশেষকৈ পাক সেনাৰ কৰ্ণেল জাহিদ জাৰিণৰ স’তে ছইফুল্লাৰ অতি ঘনিষ্ঠ সম্পর্ক আছে। পহলগাম আক্ৰমণৰ প্ৰায় দুমাহ পূৰ্বে পাকিস্তানৰ পঞ্জাৱৰ কাংগলপুৰত দেখা গৈছিল এই দুর্ধর্ষ সন্ত্রাসবাদীক। সেই অঞ্চলত আছে পাক সেনাৰ এটি বৃহৎ বেটেলিয়ন।

তথ্য অনুসৰি এই বেটেলিয়নত উদাত্ত ভাষণ দিবলৈ পাক সেনাৰ কৰ্ণেল জাৰিণে নিমন্ত্ৰণ দিছিল ছইফুল্লাক। পাক সেনা জোৱানৰ মনোবল বৃদ্ধি কৰিবলৈ মতা হৈছিল ছইফুল্লাক। চোৰাংচোৱাৰ তথ্য যে সেনা ছাউনীত ছইফুল্লা প্ৰৱেশৰ সময়ত জাহিদ জাৰিণে নিজ হাতেৰে ফুল ছটিয়াইছিল। এই বক্তৃতাৰ অধিকাংশ আছিল ভাৰত বিৰোধী বার্তা।

ভাৰতীয় সেনা বাহিনীৰ ওপৰত আক্ৰমণৰ পৰামৰ্শ দিয়া হৈছিল। মাত্ৰ এয়েই নহয়, পাকিস্তানৰ খাইবাৰ পাখখুনখোৱাটো এনে এক সভাৰ আয়োজন কৰিছিল পাক সেনাই । সেই সভাতো ছইফুল্লাই ভাৰত বিৰোধী ভাষণ দিয়াৰ লগতে কাশ্মীৰ দখলৰ হুংকাৰ প্ৰদান কৰে।

চোৰাংচোৱাৰ তথ্য অনুসৰি, বিগত বৰ্ষত শতাধিক পাকিস্তানী কিশোৰ-যুৱকে সন্ত্ৰাসবাদী সংগঠনত যোগ দিছিল। এই যোগদান অনুষ্ঠানত ছইফুল্লা উপস্থিত আছিল। ধাৰণা কৰা হৈছে যে এই সন্ত্রাসবাদী গোটটোৱে নতুনকৈ যোগদান কৰাসকলৰ মাজৰ পৰাই পহলগাম আক্ৰমণৰ বাবে বাছনি কৰিছিল সদস্য।

সেই স্থানতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল। পৰৱৰ্তী সময়ত পাক সেনাৰ মদতত এই সন্ত্রাসবাদী দলক সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ প্ৰৱেশ কৰাইছিল সন্ত্ৰাসবাদী গোটটোৱে। উল্লেখ্য যে মঙলবাৰে আক্ৰমণৰ ঘটনাৰ পাছত নিশাৰ ভাগলৈ লস্কৰ-ই-তৈবাৰ এই ছায়া সংগঠন টিআৰএফে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি বিবৃতি প্রকাশ কৰে ।

কোন এই টিআৰএফ

কাশ্মীৰী বিদ্রোহী শ্বেখ ছাজাদ গুলে জন্ম দিছিল টিআৰএফৰ। নতুন সন্ত্রাসবাদী সংগঠন জন্ম দিয়াৰ আগতে গুল আছিল লস্কৰৰ কমাণ্ডাৰ। ২০১৯ত উত্থান হয় টিআৰএফৰ। কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, জন্ম-কাশ্মীৰৰ বিশেষ মর্যাদাৰ বিলুপ্তি হোৱাৰ ৰাজনৈতিক পৰিস্থিতিৰ মাজতে লস্কৰৰ ছায়া সংগঠন হিচাপে উত্থান হয় টিআৰএফৰ ৷

ইয়াৰ মূল লক্ষ্য কাশ্মীৰৰ স্থিতাৱস্থাক বিঘ্নিত কৰা, ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰাটো। এই লক্ষ্য সাধনৰ বাবে কূটাঘাতমূলক ঘটনা পুনৰ সংঘটিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা এই সন্ত্রাসবাদী সংগঠনটোৰ অন্যতম লক্ষ্য হৈ পৰে প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু কাশ্মীৰ পণ্ডিতসকল।

এই সংগঠনৰে পাঁচ-ছজনীয়া দলে মঙলবাৰে পহলগামত আকস্মিকভাৱে আক্ৰমণ সংঘটিত কৰে। আৰম্ভণিতে এই সংগঠটোৰ উপস্থিত আছিল কেৱল অনলাইনত। পাছত ক্ৰমশঃশক্তি বৃদ্ধি কৰে সংগঠনটোৱে। জন্মৰ ছমাহৰ ভিতৰতে অনলাইনৰ পৰা বাস্তৱৰূপ ধাৰণ কৰা টিআৰএফৰ শক্তি বৃদ্ধি কৰিবলৈ লস্কৰ-ই-তৈবাৰ বিৰুদ্ধে জইছ-ই-মহম্মদসহ একাধিক সন্ত্রাসবাদী সংগঠনৰ পৰা এই নতুন সংগঠনত সদস্য ভর্তি কৰা হৈছিল।

নিৰাপত্তা বিশ্লেষক একাংশৰ মতে টিআৰএফৰ দ্ৰুত উত্থানৰ আঁৰত পোনপটীয়া ভূমিকা আছিল পাক চোৰাংচোৱা সংস্থা আইএছআইৰ । ২০২৩ত কেন্দ্ৰীয় চৰকাৰে টিআৰএফক সন্ত্ৰাসবাদী সংগঠনৰূপে ঘোষণা কৰি নিষেধাজ্ঞা জাৰি কৰে।

উল্লেখ্য যে লস্কৰ, জইছৰ সমান্তৰালভাৱে কাশ্মীৰীৰ লগতে হিজবুল মুজাহিদীনৰ বিভাজিত গোটৰ কমাণ্ডাৰ মাইছেৰ আহমেদদ্বাৰ পৰৱৰ্তী সময়ত টিআএফত চামিল হয়। ২০২৩ৰ নৱেম্বৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত হয় এই সন্ত্রাসবাদী। উল্লেখ্য যে বিগত বৰ্ষৰ জুনত জম্মু-কাশ্মীৰৰ ৰেইচি জিলাত তীর্থযাত্ৰীসকলৰ এখন বাছত আক্ৰমণ সংঘটিত কৰি কমেও ১০ জনক হত্যাৰ ঘটনাৰ আঁৰত আছিল টিআৰএফ ।

আক্ৰমণৰ পাছত পাকিস্তানলৈ পলায়ন কৰে সন্ত্ৰাসবাদীৰ দল

সূত্ৰত প্ৰকাশ যে পহলগামত আক্ৰমণৰ পাছত পাকিস্তানত আশ্রয় গ্ৰহণ কৰে সন্ত্ৰাসবাদীৰ দলে । চোৰাংচোৱাৰ সন্দেহ অনুসৰি জন্মৰ কিছ’ৱাৰ অঞ্চলৰে সীমান্ত অতিক্ৰম কৰি দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ হৈ বৈছৰণত প্ৰৱেশ কৰিছিল সন্ত্ৰাসবাদীৰ দল । আক্ৰমণৰ পাছত কাশ্মীৰ উপত্যাকা আবৰি থকা পাইনৰ গভীৰ অৰণ্যত অন্তৰ্ধান হয়। সূত্ৰত প্ৰকাশ যে চোৰাংচোৱাই ইতিমধ্যে আক্ৰমণকাৰী সন্ত্ৰাসবাদী সংগঠনৰ স’তে পাকিস্তানৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ যোগাযোগৰ তথ্য লাভ কৰিছে।

এনে ডিজিটেল তথ্য অনুসৰি, আক্ৰমণৰ পাছত পাকিস্তানৰ মুজাফ্‌ফ্ফৰবাদ আৰু কৰাচীৰ সুৰক্ষিত স্থানত আশ্ৰয় দিয়া হৈছে ভাৰতত নিৰীহ পৰ্যটকক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰা সন্ত্ৰাসবাদী দলক। ইপিনে, প্রত্যক্ষদর্শীয়ে কয় যে সন্ত্ৰাসবাদীৰ দলৰ প্ৰৱেশৰ সময়ত বৈছৰণৰ এটা ৰিজ’ৰ্টৰ সন্মুখত ঘোঁৰাত উঠি কেইজনমান পৰ্যটকে বিচৰণ কৰিছিল। আন কিছুমানে খোৱা-বোৱা কৰিছিল বা কথা পাতি আছিল।

হঠাতে নিৰাপত্তাৰক্ষীৰ পোছাক পৰিধান কৰা মুখ ঢকা সশস্ত্র সন্ত্রাসবাদীকেইজনমানে সন্মুখৰ পাইন গছৰ অৰণ্যৰ পৰা বাহিৰলৈ আহে। সন্মুখৰ পৰ্যটকক নাম-ধৰ্ম পৰিচয় সুধি গুলীয়াই হত্যা কৰে। এনে প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘কমেও পাঁচজন সন্ত্রাসবাদী আহি কোনো খৰখেদা নকৰাকৈ হত্যা কৰি পুনৰ পাহাৰীয়া পথৰে আঁতৰি যায়। এনে লাগিছিল যেন তেওঁলোকে পূৰ্বৰে পৰাই জানিছিল ক’লৈ যাব লাগিব, কি কৰিব লাগিব আৰু কাক মাৰিব লাগিব ।’

এক প্রতিবেদন অনুসৰি, ফৰেনচিক বিশ্লেষণ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত পাকিস্তানৰ সংযোগ পোহৰলৈ আহিছে। এই প্ৰতিবেদনৰ দাবী অনুসৰি, সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ সাধাৰণতে সেনাই ব্যৱহাৰ কৰে। তদুপৰি যি ধৰণৰ কৌশল আৰু কায়দাৰে আক্ৰমণ চলোৱা হ’ল সেয়া সুপ্রশিক্ষিত সন্ত্ৰাসবাদীৰ কাৰ্য বুলি কোৱা হৈছে। চোৰাংচোৱাৰ সন্দেহ যে অত্যাধুনিক আদৱ-কায়দাৰে প্ৰশিক্ষিত সন্ত্ৰাসবাদী আক্ৰমণৰ স’তে জড়িত আছে।

তদন্তকাৰীৰ বিষয়াৰ সূত্ৰত প্রকাশ যে পহলগামৰ আক্ৰমণ কোনো বিচ্ছিন্ন ঘটনা নহয়।সুপৰিকল্পিতভাৱে বৃহৎ পৰিমাণৰ অস্ত্রভাণ্ডাৰ মজুত কৰি এই আক্ৰমণ কৰা হৈছিল। উপত্যকাত বিশৃংখলা সৃষ্টি আৰু সম্প্ৰতি বিৰাজ কৰা শান্তিৰ পৰিৱেশ বিনষ্ট কৰাই এই আক্ৰমণৰ উদ্দেশ্য আছিল। নৃশংস আক্ৰমণৰ পাছৰে পৰা পাকিস্তানৰ নাম জড়িত হৈ পৰে যদিও ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফে কয় যে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ স’তে পাকিস্তানৰ কোনো যোগসূত্ৰ নাই।

মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স ভাৰতত থকাৰ সময়তে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছৌদি আৰৱ ভ্ৰমণলৈ যোৱাৰ সময়ত কৰা এই আক্ৰমণ ২৬/১১ৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্রমণতকৈ বৃহত্তম আক্ৰমণ। ইয়াৰ পূর্বে ২০০০,২০০২ত জম্মু-কাশ্মীৰত সংঘটিত আক্ৰমণৰ আঁৰত পাকিস্তানৰ পৃষ্ঠপোষকতাৰ দৰে এইবাৰো পাকিস্তানৰ ভুমিকা ইতিমধ্যে স্পষ্ট হৈছে।

মন কৰিবলগীয়া যে পাকিস্তানৰ সেনাৰ মুৰব্বী আছিফ মুনিৰে কাশ্মীৰৰ স’তে ইছলামাবাদৰ নাড়ীৰ সম্পর্ক থকা বুলি কোৱাৰ এসপ্তাহৰ পাছতে এই আক্রমণ সংঘটিত হয়। মুনিৰে বিগত সপ্তাহত ইছলামাবাদত এক সন্মিলনত কৈছিল যে কাশ্মীৰৰ স’তে থকা সম্পৰ্ক পাহৰি নাযায় আৰু কাশ্মীৰীসকলৰ যুঁজত তেওঁলোকক অকলশৰীয়া নকৰে? এই ভাষ্যৰ প্ৰতিক্ৰিয়াত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানৰ কিদৰে বিদেশৰ ভূমিৰ স’তে নাড়ীৰ সম্পৰ্ক থাকিব পাৰে। পাকিস্তানে কাশ্মীৰৰ বেদখলীকৃত ভূমি পৰিত্যাগ কৰাটোহে কাশ্মীৰৰ স’তে পাকিস্তানৰ সম্পৰ্ক বুলি তেওঁ কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DeathPahalgamPahalgam Terror AttackSaifullah khalidTerrorists
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d