যোৱা ২২ এপ্ৰিলৰ কাশ্মীৰৰ পহলগামৰ নাৰকীয় কাণ্ডৰ পাছত ভাৰতে গ্ৰহণ কৰা এলানি কঠোৰ কূটনৈতিক পদক্ষেপৰ প্ৰত্যুত্তৰ দি পাকিস্তানেও কেতবোৰ সিদ্ধান্ত ল’লেও দুয়োখন দেশৰ মাজত বেহা-বেপাৰ অব্যাহত আছে।
আনকি ইছলামাবাদে ভাৰতৰ স’তে বাণিজ্যিক সম্পৰ্ক নিষিদ্ধ কৰাৰ পাছতো ভাৰতৰ পৰা প্ৰতিবেশী দেশখনলৈ সা-সামগ্ৰী ৰপ্তানি বন্ধ হোৱা নাই ৰপ্তানি-আমদানি বেহাৰ স’তে জড়িত কেতবোৰ সংস্থাই কৌশলেৰে এই বেহা অব্যাহত ৰাখিছে।
এই তথ্য সদৰী কৰি এটা সংস্থাই প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা বছৰি পাকিস্তানলৈ কমেও ৮৫ হেজাৰ কোটি টকাৰ সা-সামগ্ৰী ৰপ্তানি হয়। এই সম্পৰ্কত ‘গ্ল’বেল ট্রেড ৰিচাৰ্ছ ইনিচিয়েটিভ’ (জিটিআৰআই)-এ কয় যে ভাৰতৰ পৰা এই বৃহৎ অংকৰ ধনৰ সামগ্ৰী বিভিন্ন দেশৰ বন্দৰৰে পাকিস্তানলৈ যায়।
সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ পৰা পণ্য ডুবাই, কলম্বো বা ছিংগাপুৰ বন্দৰলৈ প্ৰথমে যায়। এই বন্দৰসমূহত ৰপ্তানিকৃত সামগ্ৰী জাহাজৰ পৰা নমাই বন্দৰৰ গুদামত ৰখা হয়।
এনে গুদামত অস্থায়ীভাৱে সামগ্ৰী ৰখাৰ বাবদ কোনো শুল্ক দিবলগীয়া নহয়। বন্দৰৰ গুদামত ৰখাৰ সময়ত বিভিন্ন সামগ্ৰীৰ টোপোলাত থকা ‘লেবেল’ফালি পেলোৱা হয় বুলি উল্লেখ কৰি জিটিআৰআয়ে কয়, ‘সা-সামগ্ৰীসমূহৰ লেবেল আঁতৰোৱাৰ পাছত নতুন লেবেল লগোৱা হয়। উদাহৰণ স্বৰূপে ভাৰতত তৈয়াৰী সামগ্ৰীত আৰব আমিৰ শ্বাহীত তৈয়াৰী (মেড ইন আৰব আমিৰ শ্বাহী) লেবেল লগোৱা হয়। পণ্যত এই লেবেল লগোৱা শেষ হোৱাৰ পাছতে পাকিস্তানলৈ প্ৰেৰণ কৰা হয়।’
এই সম্পৰ্কত জিটিআৰআইৰ সূত্ৰই সংবাদ মাধ্যমক কয় যে ভাৰতৰ পৰা প্ৰেৰিত পণ্য তৃতীয় এখন দেশ ঘূৰি পাকিস্তানলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনত ভাৰতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পায়। উদাহৰণ স্বৰূপে ধৰা হওঁক ভাৰতৰ পৰা কোনো সংস্থাই পাকিস্তানলৈ গাড়ীৰ যন্ত্রাংশ ৰপ্তানি কৰে।
সংস্থাটোৱে ডুবাই বন্দৰলৈ এনে এক লাখ যন্ত্রাংশ প্ৰেৰণ কৰে। ভাৰতীয় মুদ্ৰাত এই যন্ত্রাংশৰ মূল্য ৮৫ লাখ টকা। ডুবাই বন্দৰত এই যন্ত্রাংশসমূহ সংযুক্ত আৰব আমিৰ শ্বাহীত তৈয়াৰী বুলি লেবেল লগোৱা হয়। পাছত এই যন্ত্রাংশ এক লাখ ৩০ হেজাৰ ডলাৰ (প্ৰায় এক কোটি টকা)ত পাকিস্তানত বিক্ৰী কৰা হয় ৷
কাৰণ এই ৰপ্তানিকৃত পণ্যৰ মূল্যৰ স’তে ডুবাই বন্দৰত লগোৱা লেবেলৰ খৰচ আৰু নথিপত্ৰ সলনিৰ খৰচো যোগ কৰা হয়। জিটিআৰআইৰ মতে, এনেদৰে এখন দেশৰ পৰা আন এখন দেশলৈ সা-সামগ্ৰী ৰপ্তানি হোৱাটো বেআইনী নহয়। তাৰ পৰিৱৰ্তে এনে বেহাক ধূসৰ বুলি কোৱা হয়।
ইপিনে, এক তথ্য অনুসৰি, ২০২৪ৰ এপ্ৰিলৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈ ভাৰতৰ পৰা পাকিস্তানলৈ ৪৪৬.৭ নিযুত ডলাৰ অৰ্থাৎ প্ৰায় তিনি হেজাৰ কোটি টকাৰ সামগ্ৰী যায়। ইয়াৰ বিপৰীতে উক্ত সময়ছোৱাত পাকিস্তানৰ পৰা ০.৪২ নিযুত ডলাৰৰ অৰ্থাৎ প্ৰায় তিনি কোটি টকা মূল্যৰ পণ্য আমদানি কৰে।
পাকিস্তানে ভাৰতৰ পৰা ৰপ্তানি কৰা সা-সামগ্ৰীসমূহৰ ৬০ শতাংশই হৈছে ঔষধ আৰু ৰাসায়নিক দ্রব্য। তদুপৰি দেশখনলৈ ভাৰতৰ পৰা চেনি, কফি, চাহ, কিছু পৰিমাণৰ শাক-পাচলি, মছলা, পেট্ৰ’লিয়ামজাত পণ্য, সাৰ, প্লাষ্টিক, ৰবৰ, গাড়ীৰ যন্ত্রাংশ আদি ৰপ্তানি হয়।
আনহাতে, ভাৰতে পাকিস্তানৰ পৰা ফলমূল, বাদাম, তৈল বীজ, ঔষধি গছ আৰু জৈৱ-ৰাসায়নিক দ্ৰব্য আমদানি কৰে। আনহাতে, একাংশৰ মতে, শেহতীয়াভাৱে পহলগাম কাণ্ডক লৈ দুয়োখন দেশৰ মাজত উত্তেজনা তুংগত উঠিছে যদিও দ্বিপাক্ষিক বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ সম্ভাৱনা ক্ষীণ ।