Indo-Bangladesh Border:
কাশ্মীৰ সীমান্তত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিস্থিতিত বাংলাদেশৰ ভূমিৰ পৰা ভাৰতক বহিঃশত্ৰুৱে আঘাত কৰাৰ আশংকা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। এই ব্যৱস্থাৰ অংশ হিচাপে বিশেষ তথ্যৰ ভিত্তিত বাংলাদেশৰ লগত সীমা সংযুক্ত হৈ থকা ৰাজ্যকেইখনৰ জিলাবোৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেলপথৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
বাংলাদেশত অব্যাহত থকা অস্থিৰ ৰাজনৈতিক পৰিৱেশ, দেশখনৰ লগত ভাৰতৰ দূৰত্ব বৃদ্ধি হোৱা, বাংলাদেশৰভূমিৰ পৰা মৌলবাদী-জেহাদীৰ দৰে অপশক্তিয়ে ভাৰতক অস্থিৰ কৰি ৰাখিব বিচৰা, সীমান্তৰ ৰাজ্য কেইখনত তেনে অপশক্তিৰ তৎপৰতা চলি অহা,বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ মাত্ৰা উর্ধ্বমুখী হোৱা আদি এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেলপথসমূহৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ জাৰি কৰিছে।
সেই অনুসৰি, উত্তৰ-পূব সীমান্ত ৰেলৱেই অসমকে ধৰি ইয়াৰ অধীনত পৰা অঞ্চলত ৰেলপথৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব দিছে। ইয়াৰ বাবে ৰেল আৰক্ষী বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) ক সীমান্তৰ জিলাবোৰত ৰেলৰ আন্তঃগাঁথনি অহৰহ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে। কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰেলৱে ব’ৰ্ডে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অসমৰ তিনিচুকীয়া, লামডিং আৰু ৰঙিয়াৰ উপৰি আলিপুৰদুৱাৰ আৰু কাটিহাৰ সংমণ্ডলক ইয়াৰ বাবে সতর্কতা জাৰি কৰিছে।
তথ্য অনুসৰি, বিশেষকৈ ৰেলপথৰ সুৰক্ষাৰ বাবে ৰেল আৰক্ষী, ৰেলপথ পৰিদৰ্শক, লোকো পাইলট, ট্রেইন মেনেজাৰ আদিক বিশেষ দায়িত্ব প্রদান কৰা হৈছে। ৰেলপথত কিবা বিসংগতি দেখিলে তৎকালে উর্ধ্বতন কর্তৃপক্ষক অৱগত কৰিবলৈয়ো নির্দেশ দিয়া হৈছে। সংমণ্ডলকেইটাৰ ভিতৰত লামডিঙৰ ওপৰত ৰেলৱে ব’র্ডে বিশেষ দৃষ্টি দিয়া বুলিও সূত্রত প্রকাশ। নিৰাপত্তাজনিত কাৰণত ইয়াৰ অন্তৰালৰ বিষয় প্রকাশ নহ’লেও সংমণ্ডলটোৰ অধীনস্থ বদৰপুৰ, শিলচৰৰ পৰা কাটাখাল অংশত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। পদব্রজে ৰেলপথ পৰিদৰ্শনৰো নির্দেশ দিয়া হৈছে আৰু তাক কাৰ্যকৰী ৰূপো দিয়া হৈছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনস্থ কাটিহাৰ আৰু আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনৰ ৰেলপথতো পদব্রজে নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। এই মণ্ডল দুটাৰ অধীনৰ ৰেলপথৰ বহু অংশ আন্তর্জাতিক সীমান্তৰ কাষেৰে পাৰ হৈ গৈছে। প্রসংগক্রমে উল্লেখ্য যে বাংলাদেশৰ ভূমিৰ পৰা বিশেষকৈ অসমক সদায় অস্থিৰতাৰ মাজত ৰখাৰ তৎপৰতা চলি আহিছে। মৌলবাদী আৰু জেহাদী শক্তিয়ে ইয়াত অন্যতম ভূমিকা লৈ আহিছে। চৰকাৰ সলনিৰ পাছত বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে আৰু তাৰ ফলত ভাৰতৰ নিৰাপত্তাজনিত দিশটোও স্পৰ্শকাতৰ অৱস্থাত আছে।
বাংলাদেশত ভাৰত বিৰোধী অপশক্তিসমূহে নতুনকৈ যেন গা কৰি উঠিছে। এনে ক্ষেত্ৰত কাশ্মীৰ সীমান্তত অব্যাহত থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ আলমত বাংলাদেশৰ ভূমিৰ পৰা দেশখনৰ সীমাৰ লগত সংযুক্ত হৈ থকা ভাৰতৰ ৰাজ্যকেইখনত অপশক্তিবোৰে অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰাৰ আশংকা কৰা হৈছে। ইয়াৰ বাবেই বিশেষ খবৰৰ ভিত্তিত ৰেলপথৰ নিৰাপত্তাৰ দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে। অৱশ্যে আন আন দিশেৰেও নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সেইবাবে সীমান্ত অঞ্চলত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিছে গৃহ মন্ত্রণালয়ে।