India-Pakistan War:
সন্ধিয়া হোৱাৰ লগে লগে পুনৰ গোলাবর্ষণ আৰম্ভ কৰিলে পাকিস্তানে।শুক্ৰবাৰে সন্ধিয়াৰে পৰা জম্মু-কাশ্মীৰ, ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানাত পাকিস্তানৰ পৰা জাকে জাকে ড্র’ন নিক্ষেপ কৰা হয় যদিও এইসমূহক ধ্বংস কৰে ভাৰতীয় সেনাই। কালিও পাকিস্তানে নিক্ষেপ কৰা তিনিশৰ পৰা চাৰিশ ড্র’ন ভাৰতীয় সেনাই নিষ্ক্রিয় কৰে।
জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চলত কালি নিশাৰ দৰে পুনৰ নিষ্প্রদীপ কৰা হয়। উৰি, কুপৱাৰা আৰু পুঞ্চ অঞ্চলত উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে জম্মত বাজি উঠে যুদ্ধৰ সংকেত ধ্বনি। তদুপৰি দুটা বৃহৎ বিস্ফোৰণৰ শব্দ শুনা যায়। আজি সন্ধিয়া হাৰিয়ানাৰ আম্বালাতো নিষ্প্রদীপ ঘোষণা কৰা হয়। আজি ভাৰতৰ বৈদেশিক সচিব বিক্রম মিস্রিয়ে সদৰী কৰে যে কালি ভাৰতৰ বিভিন্ন স্থানক লক্ষ্য কৰি পাক সেনাই আক্রমণ কৰে। ভাৰতীয় সেনাৰ ঘাটিৰ পৰা জনবসতি পর্যন্ত লক্ষ্য কৰি লোৱা পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত প্রত্যুত্তৰ ভাৰতীয় সেনাই দিয়ে বুলি মিস্রিয়ে কয়।অৱশ্যে এই পর্যন্ত পৰিস্থিতিৰ শুধৰণিৰ কোনো লক্ষণ দেখা যোৱা নাই। অন্ধকাৰ নমাৰ লগে লগে পুনৰ উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমৰ জৰিয়তে বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘এতিয়া জম্মুত সম্পূর্ণ নিষ্প্রদীপ। চহৰজুৰি ছাইৰেনৰ শব্দ শুনা গৈছে। অলপ পাছে পাছে বিস্ফোৰণৰ শব্দ শুনা গৈছে। বোধ হয়, বৃহৎ গোলা-বাৰুদ নিক্ষেপ কৰা হৈছে। মই য’ত আছো, তাৰ পৰা এই শব্দ শুনিছো।’ তদুপৰি তেওঁ লিখিছে, ‘সকলোকে মোৰ একান্ত অনুৰোধ যে ৰাস্তালৈ নোলাব। সম্প্রতি আগন্তুক কিছু ঘণ্টাৰ বাবে ঘৰ অথবা সমীপৰ নিৰাপদ স্থানত থাকক আৰু কোনো অপপ্ৰচাৰত কাণ নিদিব। আমি সকলোৱে একে পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিছো।’
সমান্তৰালভাবে শ্রীনগৰতো একেৰাহে যুদ্ধৰ সংকেত ধ্বনি শুনিবলৈ পোৱা গৈছে। বৃহৎ বিস্ফোৰণৰ শব্দ ভাহি আহিছে সীমান্তৰ অঞ্চলসমূহৰ পৰা। সম্প্ৰতি অঞ্চলসমূহৰ বাট-পথ একেবাৰে জনশূন্য হৈ পৰিছে। জম্মু, ছাম্বা, পাঠানকোটৰ পৰা আৰম্ভ কৰি পঞ্জাৱৰ ফিৰোজাবাদৰ আকাশতো নিশা ড্র’ন দেখা গৈছে। ৰাজস্থানৰ জয়ছালমেৰতো ড্র’ন দেখিবলৈ পোৱা গৈছে। ইপিনে, বাৰ্মাৰ আৰু পোখৰানতো কে’বাটাও বিস্ফোৰণৰ শব্দ শুনাৰ লগতে এই অঞ্চলসমূহত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা বুলি কয় স্থানীয় লোকসকলে।
হাৰিয়ানাৰ আম্বালা অঞ্চল সম্পূর্ণ নিষ্প্রদীপ কৰা হৈছে। চণ্ডীগড়ত দোকান-পোহাৰ, ৰেস্তোৰাঁ আদি বন্ধৰ নিৰ্দেশ দিছে প্রশাসনে। অৱশ্যে দৰব আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলা ৰাখিব পাৰিব। পৰৱৰ্তী পৰিস্থিতি পুনৰীক্ষণৰ পাছতহে নতুনকৈ নির্দেশ দিয়া হ’ব।
সমান্তৰালভাৱে যুদ্ধবিৰতি উলংঘন কৰি পাকিস্তানী সেনাই কৰা তীব্ৰ গুলিচালনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হৈছে বুলিও ভাৰতীয় সেনাই কয়। কালিৰ পাছত আজি নিশাও ড্র’ন আৰু বিভিন্ন যুদ্ধাস্ত্ৰ ব্যৱহাৰ কৰি ভাৰতৰ সমগ্ৰ পশ্চিমাংশৰ সীমান্ত অঞ্চলত পাকিস্তানী সেনাই একাধিক আক্রমণ চলাবলৈ চেষ্টা কৰে যদিও ইয়াক প্রতিহত কৰা হয়। শেহতীয়া তথ্য অনুসৰি শ্রীনগৰ আন্তর্জাতিক বিমান বন্দৰৰ সমীপতো ড্র’ন প্রত্যক্ষ কৰা হয়।
আজি পুৱাৰ ভাগতো জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰি জিলাত পাকিস্তানী সেনাৰ গুলিবর্ষণত এজন গাঁওবাসী নিহত হয় আৰু তিনিজন আহত হয়। এই মৃতকজনক ল’ৰান অঞ্চলৰ মহম্মদ আব্ৰাৰ বুলি চিনাক্ত কৰা হৈছে। এই পৰিস্থিতিত সীমান্ত অঞ্চলটোৰ লোকসকলক দলে দলে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ দিয়া হৈছে। এই পর্যন্ত জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু টান্ধাৰ অঞ্চলত কমেও ১৫জন ভাৰতীয়ৰ পাকিস্তানী সেনাৰ গুলিচালনাত প্রাণহানি হৈছে আৰু ৪৩জন আহত হৈছে।
#মোদীয়ে বৈঠক কৰিলে জয়শংকৰৰ স’তে
পাকিস্তানী ড্র’ন ভাৰতৰ আকাশত পুনৰ প্ৰত্যক্ষ কৰাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভালৰ স’তে বৈঠকত মিলিত হয়। ইয়াৰ কিছু ঘণ্টা পূর্বে প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় তথা নিৰাপত্তা পৰিস্থিতিৰ বুজ লয়।