Nagaon Panchayat Election Update:
সংখ্যালঘু মুছলমান অধ্যূষিত নগাঁও জিলাৰ ধিং, ৰূপহী আৰু চামগুৰিত বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ বিপৰীতে কংগ্ৰেছৰ জয়জয়কাৰ অব্যাহত থাকিল কংগ্ৰেছৰ ৷ অৱশ্যে সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ হয় কংগ্ৰেছ ৷ সৌসিদিনি হোৱা চামগুৰিৰ বিধানসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ দূৰ্গ স্বৰূপ চামগুৰিত ৰকি পুত্ৰ তানজিল হুছেইনক ২৫ হেজাৰ ভোটত পৰাভূত কৰি বিজয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা ৷ কিন্ত পঞ্চায়ত নিৰ্বাচনত চমকপ্ৰদ ফলাফল অটুট ৰাখিবলৈ সক্ষম হয় কংগ্ৰেছ ৷ পুনৰ যেন প্ৰাণ পাই উঠিল ৰকিবুল দূৰ্গ ৷
শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি জিলা খনৰ সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে নগাঁও- বটদ্ৰৱা,বঢ়মপুৰ,ৰহাত মিত্ৰজোঁটে আশানুৰূপ প্ৰদৰ্শন অটুট ৰাখিবলৈ সক্ষম হয় ৷ কলিয়াবৰত অগপ নিজৰ দূৰ্গ অক্ষুণ্ণ ৰাখে ৷ নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদত আছে৷ তাৰ ভিতৰত ৬ খনত ইতিমধ্যেই অপ্ৰতিদ্বন্দিতাৰে বিজেপিয়ে জয় লাভ কৰিছে ৷ শেহতীয়াকৈ লাভ কৰা প্ৰাপ্ত খবৰ অনুসৰি বিজেপি মিত্ৰজোঁটে ১৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ১২ খন আসন। অৰ্থাৎ নগাঁও জিলা পৰিষদ গঠনৰ দিশে অগ্ৰসৰ বিজেপি- অগপ মিত্ৰজোঁট ৷ n