Panchayat Election Results Update:
বিধানসভা নির্বাচনলৈ মাজত এবছৰো নথকা অৱস্থাত পঞ্চায়ত নির্বাচনত বিজেপিয়ে ৰাজ্যৰ গ্রামাঞ্চলত নিজৰ আধিপত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। বিজেপিৰ মিত্রদল অসম গণ পৰিষদেও সীমিত সংখ্যক আসনত প্রতিদ্বন্দ্বিতা কৰি সাফল্য লাভ কৰে। ইয়াৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ বাবে নিৰ্বাচনী ফলাফল সুখকৰ নহ’ল। একেদৰে সুখকৰ নহ’ল এআইইউডিএফৰ বাবেও। ৰাজ্যিক নির্বাচন আয়োগে ফলাফলৰ তথ্য এই পর্যন্ত আনুষ্ঠানিকভাৱে সদৰী কৰা নাই। নিশা পর্যন্ত ভোট গণনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে আয়োগে তথ্য প্ৰকাশৰ পৰা বিৰত থকা বুলি সূত্ৰত প্ৰকাশ। ইয়াৰ বিপৰীতে অনানুষ্ঠানিকভাৱে আয়োগৰ জৰিয়তে যি তথ্য পোহৰলৈ আহিছে তাতেই প্রতিদ্বন্দ্বী দলবোৰৰ স্থিতি স্পষ্ট হৈছে।
জিলা পৰিষদৰ ৩৯৭ টা সমষ্টিৰ ফলাফল ঘোষিতবোৰৰ ভিতৰত আজি এই প্রতিবেদন যুগুতোৱাৰ সময়লৈ বিজেপিয়ে ২৫৩ টা দখল কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ মিত্রদল অসম গণ পৰিষদে ৪০টা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে দখল কৰিছে ৩৪ টা সমষ্টি। আনহাতে, এআইইউডিএফে জিলা পৰিষদৰ দুটা সমষ্টি এই পর্যন্ত দখল কৰিছে। জিলা পৰিষদৰ ১১ টা সমষ্টিত নির্দলীয় জয়লাভ কৰে।
ইপিনে, আঞ্চলিক পঞ্চায়তৰ ২,১৯২ টা সমষ্টিৰ ফলাফল ঘোষিতৰ ভিতৰত বিজেপিয়ে ১,১৫৮ টা জয় লাভ কৰিছে। কংগ্ৰেছে জয় লাভ কৰে ১৪৭ টা সমষ্টিত। অসম গণ পৰিষদে দখল কৰে ১৫৩ টা সমষ্টি। তদুপৰি এই পর্যন্ত এআইইউডিএফৰ দখললৈ গৈছে ১১ সমষ্টি। ৰাইজৰ দলে আঞ্চলিক পঞ্চায়তৰ ১৪ টা আৰু অসম জাতীয় পৰিষদে চাৰিটা সমষ্টি দখল কৰিবলৈ সক্ষম হয়। আনহাতে, আঞ্চলিক পঞ্চায়তৰ ৫৮টা সমষ্টি নির্দলীয়ই দখল কৰে।
গাঁও পঞ্চায়তৰ সদস্য, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ সমষ্টিৰ ফলাফল অদ্যাপি ঘোষিত হোৱা নাই। এইবোৰৰো গৰিষ্ঠ সংখ্যকতে বিজেপিয়েই অগ্রগতি অব্যাহত ৰাখিছে। প্রায় প্রতিটো ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনক বিধানসভাৰ ছেমি ফাইনেলৰূপে আনুষ্ঠানিক অথবা অনানুষ্ঠানিকভাবে গণ্য কৰিছিল। তেনে পৰিস্থিতিত নিৰ্বাচনটোৰ ফলাফল নিতান্তই অতি লক্ষ্যণীয় বুলি পৰিচিত হৈছে।
গ্রামাঞ্চলত বিজেপিৰ সাংগঠনিক স্থিতি চহৰৰ তুলনাত দুৰ্বল বুলি দলটোৰ নেতৃবৃন্দই বিভিন্ন সময়ত কৰি আহিছে। সেই দুর্বলতা আঁতৰোৱাত বিজেপি সফল হোৱাটো স্পষ্ট হৈছে। আকৌ ধর্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টিটো পঞ্চায়ত নিৰ্বাচনৰ আলম লৈয়ে বিজেপিয়ে সংগঠন কৰাত আত্মনিয়োগ কৰিছিল। তাৰো যোগাত্মক ফলাফল দলটোৱে আজি লাভ কৰে। বিশেষকৈ গাঁও পঞ্চায়তৰ সদস্য পদত বিজেপিয়ে অনানুষ্ঠানিকভাবে সমর্থন জনোৱা বহু প্রার্থী
বিজয়ী হয়। তেনেদৰে আঞ্চলিক পঞ্চায়তটো বিজেপিৰ বহু প্রার্থীয়ে সফলতা অর্জন কৰে। এই নির্বাচনতে কে’বাটাও ৰাজনৈতিক উল্লেখযোগ্য পৰিঘটনা পোহৰলৈ আহে। এই ফলাফলে কে’বাজনো ৰাজনীতিকৰ নিজৰ ঘৰ আৰু সমষ্টিত জনসমর্থনক লৈয়ো আনক প্রশ্ন উত্থাপনৰ সুযোগ দিয়ে।
বিপুল জনসমর্থনৰে মাত্ৰ কেইমাহমান পূর্বে যোৰহাটৰ সাংসদ নির্বাচিত হৈছিল গৌৰৱ গগৈ। বিজেপিৰ প্ৰবল প্রত্যাহ্বানক নেওচি গৌৰৱ গগৈ জয়লাভকৰাটো দলটোৰ বাবে অত্যন্ত হতাশাৰ বিষয় আছিল। অথচ পঞ্চায়ত নির্বাচনত সাংসদ গগৈয়ে নিজৰ লোকসভা সমষ্টিত মুখ থেকেচা খায়। যোৰহাটৰ বাবে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰণকৌশল গ্রহণ কৰিছিল আৰু তাৰ ফলাফল আজি লাভ কৰে। একেদৰে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰবিধায়ক অখিল গগৈ আদিয়েও নিজৰ সমষ্টিত শোচনীয় ফলাফল প্রদর্শন কৰে।
ইয়াৰ মাজতে আন কে’বাটাও অঘটন ঘটে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিজৰ ঘৰৰ গাঁও পঞ্চায়তখনতে কংগ্রেছ প্রার্থী জয় হয়। নলবাৰীৰ ৪৪ নম্বৰ ওপৰ বৰভাগ দেহাৰকুছি গাঁও পঞ্চায়তত বিজেপিৰ প্রার্থীজনক ২১৩ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে কংগ্ৰেছৰ প্রার্থীজনে। মন্ত্রী অজন্তা নেওগৰো নিজৰ পঞ্চায়তখনত কংগ্ৰেছে জয়লাভ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বাবেও আজিৰ ফলাফল সম্পূৰ্ণৰূপে সুখকৰ নহ’ল।
কিয়নো বজালী জিলা পৰিষদখন সম্পূৰ্ণৰূপে নিজৰ দখলত ৰাখিব নোৱাৰিলে মন্ত্ৰী দাসে। চাৰি নম্বৰ মধ্য বজালী জিলা পৰিষদত কংগ্ৰেছ সমর্থিত নির্দলীয় প্রার্থী দিলীপ বৰুৱাই জয় লাভ কৰে। বৰুৱাই পৰাজিত কৰে মন্ত্ৰী দাসৰ লগত ছাঁটোৰ দৰে লাগি থকা বিজেপি প্রার্থী ৰঞ্জিত হালৈক। ফলাফল সুখকৰ নহ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বাবেও। শইকীয়াই প্রতিনিধিত্ব কৰা নাজিৰা বিধানসভা সমষ্টিৰ ২৭খন আঞ্চলিক পঞ্চায়তৰ ২৪ খনেই দখল কৰে বিজেপিয়ে। এখন দখল কৰে অগপই। কংগ্রেছে মাত্র দুখন আঞ্চলিক পঞ্চায়তহে দখল কৰিবলৈ সক্ষম হয়। জিলা পৰিষদৰ ক্ষেত্ৰতো কংগ্ৰেছে সফলতা লাভনকৰিলে।
ৰাইজৰ দল তথা অখিল গগৈৰ বাবেও আজিৰ ফলাফল অত্যন্ত হতাশাজনক বুলি বিবেচিত হৈছে। গগৈয়ে সংখ্যালঘু অধ্যুষিত সমষ্টিক বিশেষভাৱে লক্ষ্য কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিজেপিৰ বিৰুদ্ধে জনমত সৃষ্টিৰ লক্ষ্যৰে নিয়মিতভাবে বৃহৎ বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি আহিছে। অথচ আজি নিজৰ বিধানসভা সমষ্টিতে মুখ থেকেচা খায় গগৈয়ে। শিৱসাগৰ বিধানসভা সমষ্টিত ২৭ খন আঞ্চলিক পঞ্চায়তৰ ২৩ খনে দখল কৰে বিজেপিয়ে। তিনিটা সমষ্টি দখল কৰে অগপই আৰু এটা সমষ্টি দখল কৰে কংগ্ৰেছে। শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ ২৮ খন আঞ্চলিক পঞ্চায়তৰ আজি সন্ধিয়ালৈ ঘোষিত ফলাফল অনুসৰি ৰাইজৰ দলে এটা পঞ্চায়তৰ আজি সন্ধিয়ালৈ ঘোষিত ফলাফল অনুসৰি ৰাইজৰ দলে এটা সমষ্টিতহে জয় লাভ কৰে। ইয়াৰ বিপৰীতে ২৬ টা সমষ্টিত বিজয় সাব্যস্ত কৰে বিজেপিয়ে।
ইপিনে, পূব-উত্তৰ-মধ্য অসম আৰু বৰাকত বিজেপিয়ে মূল প্রতিপক্ষ হিচাপে পাইছিল কংগ্রেছক। ইয়াত বিজেপিয়ে বিপুল সফলতা লাভ কৰাৰ বিপৰীতে পশ্চিম অসমত দলটো প্ৰৱল প্রত্যাহ্বানৰ সন্মুখীন হয়। বিশেষকৈ পশ্চিম অসমত ধর্মীয় সংখ্যালঘু ভোটাৰ কেন্দ্রিক ৰাজনীতিত বিজেপি পশ্চাদপদদললৈ যাবলৈ বাধ্য হয়। পশ্চিম অসমৰ বহুধা বিভক্ত ৰাজনীতিৰ ফলাফলো আজি স্পষ্ট হয়। উদাহৰণস্বৰূপে বৰপেটা জিলাৰ ১৯ টা জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে পাঁচটা সমষ্টি দখল কৰে। ইয়াৰ বিপৰীতে কংগ্রেছে আঠটা সমষ্টিত জয়লাভ কৰে। জিলাখনৰ দুটা সমষ্টি দখল কৰে এআইইউডিএফে। গোৱালপাৰাটো কংগ্ৰেছেই বিজেপিৰ তুলনাত সফলতা লাভ কৰিবলৈ সক্ষম হয়।