Dr.Upasana Mahanta:
বিশ্ব প্ৰেক্ষাপটত পুনৰ উজ্বলিল আৰু এগৰাকী অসম কন্যা ৷ তেওঁৰ নাম হৈছে ড: উপাসনা মহন্ত ৷ অসমীয়া মাধ্যমত অধ্যয়ন কৰি কেম্ব্ৰিজ ইন্টাৰনেচনেলৰ STRATEGIC HIGHER EDUCATION ADVISORY COUNCILৰ সদস্য ৰূপে মনোনীত কৰা হৈছে অসম জীয়ৰী ড: উপাসনা মহন্ত ৷
উল্লেখ্য যে SHEACত নিযুক্তি লাভ কৰা ড: উপাসনা মহন্ত প্ৰথম গৰাকী ভাৰতীয় ৷ বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ লগতে শৈক্ষিক দিশত কাম কৰে SHEAC-এ
ড: উপাসনা মহন্ত বৰ্তমান কৰ্মৰত হৈ আছে অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটিৰ ডীন হিচাপে ৷ শিৱসাগৰৰ জীয়ৰী উপাসনা প্ৰয়াত অধ্যাপক শৰৎ মহন্ত আৰু মীনা মহন্তৰ কন্যা ৷ জয়সাগৰ নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ
কৰিছিল উপাসনাই ৷ হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল ৰংপুৰ গাৰ্লছ স্কুল আৰু ফুলেশ্বৰী হাইস্কুলৰ পৰা ৷
পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছ আৰু হিন্দু কলেজৰ পৰা উপাসনাই লাভ কৰিছিল স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী৷ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীধাৰী উপাসনা মহন্তই কলম্বিয়া বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ ফেল’ হিচাপেও কৰ্মৰত আছিল ৷
বিশ্বৰ একাধিক আগশাৰীৰ বিশ্ববিদ্যালয়ত বক্তৃতা দি সমাদৰ বুটলিবলৈ সক্ষম হৈছে অসম কন্যা ড: উপাসনা মহন্ত ৷ ড: মহন্তৰ বিৰল সাফল্যক লৈ গৰ্বিত অসমৰ লগতে সমগ্ৰ দেশবাসী ৷