Union Agriculture Minister Shivraj Singh Chouhan visits the North East:
তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হয় অসমত ৷ বিমানকোঠত মন্ত্ৰী গৰাকীক উস্ম আদৰণি জনাই কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷
উল্লেখ্য যে,অসম, মিজোৰাম আৰু নাগালেণ্ডৰ বিভিন্ন চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰিব মন্ত্ৰী চৌহানে ৷ ২৯ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া দেশজোৰা ‘উন্নত কৃষি সংকল্প অভিযান’ত অসম সহ আন তিনি ৰাজ্যৰ অংশগ্ৰহণৰ বিষয়েও আলোচনা কৰিব মন্ত্ৰীগৰাকীয়ে ৷
১৫ মে’ৰ পৰা ১৭ মে’লৈ কৰিবলগীয়া ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সিঙে অসম, মিজোৰাম আৰু নাগালেণ্ডত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব।
এই ভ্রমণকালত চৌহানে কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামোন্নয়নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰাৰ লগতে কেইবাটও প্রকল্প উদ্বোধন কৰিব। তেওঁ একাংশ কৃষক আৰু স্থানীয় অংশীদাৰসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব।
আনহাতে বৃহস্পতিবাৰে পুৱা ভ্ৰমণৰ প্ৰথম দিনা কেন্দ্রীয় মন্ত্রীচৌহানে মিজোৰামৰ থেনজালত কৃষি মহাবিদ্যালয়ৰ প্ৰশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কৰাৰ লগতে এটি গছপুলি ৰোপণ কৰিব। পিছত বিয়লি তেওঁ নাগালেণ্ডৰ জালুকিত পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন মহাবিদ্যালয়ৰ প্রশাসনিক আৰু শৈক্ষিক ভৱন উদ্বোধন কৰাৰ লগতে কৃষকৰ সৈতে মত বিনিময় কৰিব। ১৬ মে’ অৰ্থাৎ ভ্ৰমণৰ দ্বিতীয় দিনা মন্ত্ৰী সিঙে অসমৰ কৃষিমন্ত্ৰী আৰু স্থানীয় সাংসদসকলৰ সৈতে অসমৰ কাজিৰঙাত এক কার্যসূচীত অংশগ্ৰহণ কৰিব।
ভ্ৰমণৰ তৃতীয় আৰু অন্তিম দিনা অর্থাৎ ১৭ মে’ত মন্ত্ৰী চৌহানে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (পিএমএৱাই) সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ কার্যসূচীত অংশগ্রহণ কৰিব। ইয়াৰ পিছত তেওঁ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰাৰ লগতে পূজা অর্চনা কৰিব।
কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিঙৰ এই ভ্রমণ উত্তৰ-পূব ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি তেওঁৰ দায়বদ্ধতা, বিশেষকৈ কৃষি, উদ্যান শস্য, পশুপালন আৰু গ্ৰামীণ জীৱিকা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্তব্য কৰে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই ৷