Newly formed panchayats are effective from July:
অহা পহিলা জুলাইৰ পৰা ৰাজ্যত নতুনকৈ গঠন হ’বলগীয়া পঞ্চায়তবোৰৰ কাম-কাজ আৰম্ভ হ’ব। ৰাজ্যিক কেবিনেটে এই সময়সীমা নির্ধাৰণ কৰে। দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এক সংবাদমেলত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে সদৰী কৰে যে ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত গাঁও পঞ্চায়তসমূহ গঠন হ’ব, ১১-২০ জুলাইৰ ভিতৰত আঞ্চলিক পঞ্চায়তসমুহ গঠন হ’ব আৰু ২১-৩০ জুলাইৰ ভিতৰত জিলা পৰিষদসমূহ গঠন হ’ব।
আজিয়ে গাঁও পঞ্চায়তক অর্পণ কৰা নতুন ক্ষমতাতো অনুমোদন জনোৱা হয়। এই সম্পর্কত মন্ত্রী দাসে কয়, ‘ইমান দিনে চলি অহা নিয়ম অনুসৰি, এক লাখ টকালৈকে নিবিদা আঞ্চলিক পঞ্চায়তেহে আহ্বান কৰিব পাৰিছিল। এক লাখৰ অধিক টকাৰ নিবিদা আহ্বানৰ ক্ষমতা আছিল জিলা পৰিষদৰ। নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা গাঁও পঞ্চায়তে পাঁচ লাখ টকালৈকে নিবিদা আহ্বান কৰিব পাৰিব। পাঁচৰ পৰা ১০ লাখ টকালৈ আঞ্চলিক পঞ্চায়তে আহ্বান কৰিব পাৰিব। ১০ লাখ টকাৰ অধিক নিবিদা জিলা পৰিষদে আহ্বান কৰিব পাৰিব।
এই নিয়মে পঞ্চায়তবোৰক শক্তিশালী কৰিব।’ প্রসংগক্রমে মন্ত্রীজনে গাঁও পঞ্চায়তৰ সভাপতি বাছনি সন্দর্ভত কয় যে ১০ জন সদস্যৰ ভিতৰত যাৰ সপক্ষে ন্যূনতম ছজনৰ সমর্থন থাকিব, তেরেই উক্ত পদটোত নির্বাচিত হ’ব। ইয়াৰ কাৰণ হ’ল যে এইবাৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ নির্বাচন নির্দলীয় ৰূপত হৈছিল। মন্ত্রী দাসে লগতে কয় যে ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত নবনির্বাচিত পঞ্চায়ত সদস্যসকলৰ শপত গ্রহণ প্রক্রিয়া অনুষ্ঠিত হ’ব।
# বিনিয়োগ-আঁচনিক লৈ কে’বাটাও সিদ্ধান্ত
ইপিনে, কেবিনেটত ৰাজ্যত বিনিয়োগৰ কে’বাটাও সিদ্ধান্তক চূড়ান্ত ৰূপ দিয়া হয়। তদুপৰি খাদ্য সুৰক্ষা আইনক লৈ গ্ৰহণ কৰা চৰকাৰৰ সিদ্ধান্ততো অনুমোদন জনোৱা হয়। এই বিষয়ে সদৰী কৰি সংবাদমেলত মন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে এডভান্টেজ আছাম-২ ত হোৱা চুক্তি অনুসৰি ৰাজ্যত দুখন তাৰকাযুক্ত হোটেলত আজি অনুমোদন জনোৱা হয়। ইয়াৰে এখন হোটেল নিৰ্মাণ কৰিব জোনালী কনস্ট্রাকছন প্রাইভেট লিমিটেডে।
৩৩৫.২৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া হোটেলখনত প্রত্যক্ষভাবে চাবিশ আৰু পৰোক্ষভাৱেও চাবিশজনে নিযুক্তি লাভ কৰিব। দ্বিতীয়খন হোটেল নির্মাণ কৰিব ডাউন টাউন হাস্পতালে আৰু নাম হ’ব ‘ক’ৰ্টয়ার্ড দ্য মেৰিয়ট’। এই হোটেলখন নির্মাণত ব্যয় হ’ব ১২২.৯৩ কোটি টকা। এইখন হোটেলত ২০২ জনে নিযুক্তি লাভ কৰিব। বিনিয়োগ সম্মিলনৰ ফলশ্রুতি হিচাপে কামৰূপৰ ৰাণীত দুগ্ধ প্রতিষ্ঠান আমূলক প্রকল্প স্থাপনৰ বাবে ৩০ বছৰলৈ ২০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত কেবিনেটত গ্রহণ কৰা হয়।
ইপিনে,কেবিনেটতে অহা অক্টোবৰৰ পৰা ৰাজ্যৰ নিৰ্বাচিত জিলাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান ধৰা হ’ব। নৱেম্বৰত এই আঁচনিৰ অধীনত সকলো জিলাকে সামৰি লোবা হ’ব। প্রতিবিধ সামগ্রী সুকীয়া সুকীয়া পেকেটত উপলব্ধ হ’ব। ইয়াৰ কাৰণ হ’ল গ্রাহকে যাতে নিজে বিচৰা ধৰণে সামগ্রী ক্রয় কৰিব পাৰে। কেবিনেটে চূড়ান্ত কৰা অনুসৰি ৰাজসাহায্যযুক্ত মচুৰ দাইল প্রতি কিলোগ্রামত ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ প্রতি কিলোগ্রামত ১০ টকাত উপলব্ধ হ’ব।
ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কার্যসূচীত অংশকালীনভাৱে কৰ্মৰত কম্পিউটাৰ প্রশিক্ষকসকলক লৈ আজিৰ কেবিনেটে এক সকাহজনক সিদ্ধান্ত গ্রহণ কৰে। এই বিষয়ে সদৰী কৰি ডাঃ পেগুৱে কয়, ‘এই আঁচনিখনৰ অধীনত ১.৩১৩ গৰাকী অংশকালীন প্রশিক্ষক নিয়োজিত হৈ আছে। আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে যে তেওঁলোকে মাহিলি ১৪ হেজাৰ টকাৰ পৰিবৰ্তে ২০ হেজাৰ টকাকৈ মাননি লাভ কৰিব। এই সিদ্ধান্ত অহা অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। তদুপৰি অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে থকা আপোন ঘৰ আৰু আপোন বাহন আঁচনি দুখনৰো সুবিধা ল’ব পাৰিব। মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাৰো তেওঁলোক অংশীদাৰ হ’ব।
ইয়াৰ উপৰি তেওঁলোকে ৬০ বছৰলৈ কাম কৰিব পাৰিব।’ সংবাদমেলতে ডাঃ পেগুৱে সদৰী কৰে যে অহা ন জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্তও কেবিনেটে গ্রহণ কৰে। সেইদিনা ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানকোঠৰ নামকৰণ কৰা আৰু সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদ্যাপনক লৈ আলোচনা কৰা হ’ব। ইয়াৰ পূৰ্বে আঠ ছেপ্টেম্বৰত শতবৰ্ষৰ বছৰেকীয়া কাৰ্যসূচী আৰম্ভ হ’ব আৰু এই কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।