Encroachment of reservoir land:
চৰকাৰী পুঁজি ব্যয়ৰে বোন্দাজানত পিতৃৰ নামত পথ নিৰ্মাণ,গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দুষ্কাৰ্যৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ,ক্ষেত্ৰ পৰিদৰ্শনৰে সৰৱ মীৰা বৰঠাকুৰ
:গুৱাহাটীত এজাক বৰষুণতে সৃষ্টি হোৱা প্রবল কৃত্রিম বানৰ অন্যতম কাৰণ হ’ল জমা পোৱা পানী সঠিক স্থানলৈ ওলাই যাব নোৱাৰাটো। মহানগৰীৰ পূব অংশৰ পানী ভাগ নিষ্কাসনৰ অন্যতম জলাহভূমি বোন্দাজান। সেই বোন্দাজানৰ একাংশ বেদখল কৰি স্বয়ং গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ পিতৃ প্রয়াত কৈলাস মল্ল বৰুৱাৰ নামত পথ নির্মাণৰে জলাশয়টোৰ পানী ধাৰণ ক্ষমতা হ্রাস কৰা বুলি সৰৱ হয় অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ।
বুধবাৰে উক্ত অঞ্চলত উপস্থিত হৈ বৰঠাকুৰে কয় যে ক্ষমতাৰ অপব্যৱহাৰৰে বৰুৱাই ২৪৫ মিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে পঞ্চম বিত্ত আয়োগৰ প্ৰায় তিনি কোটি টকা ব্যয় কৰে। বৰঠাকুৰে কয়, ‘গুৱাহাটীক বানমুক্ত কৰিবলৈ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ন্যূনতমো সদিচ্ছা নাই। মুখ্যমন্ত্ৰীৰ সৎ সাহসৰো অভাৱ। সেই কাৰণে জয়ন্ত মল্ল বৰুৱাই বীৰকুছিৰ বোন্দাজানত কৰা বেদখলত মুখ্যমন্ত্রীয়ে বুলড’জাৰ চলাব পৰা নাই।
মন্ত্রী বৰুৱাই এফালে মটৰ চাইকেল চলাই বানপানী চাই ৰাজনৈতিক ষ্টান্ট দেখুৱাইছে, আনফালে নিজেই জলাশয়ৰ ভূমি বেদখল কৰি পথ নিৰ্মাণ কৰিছে। যদি গুৱাহাটীক বানমুক্ত কৰাৰ সঁচাকৈয়ে সদিচ্ছা আছে, তেন্তে তেওঁ নিজৰ ঘৰ আৰু পিতৃৰ নামত থকা পথটো উচ্ছেদ কৰি গুৱাহাটীক বানমুক্ত কৰাৰ পদক্ষেপ গ্রহণ কৰক।’
জয়ন্ত মল্ল বৰুৱাৰ দৰে মন্ত্ৰীয়ে সমাজৰ উন্নয়ন সাধন কৰিব নোৱাৰে বুলিও অভিযোগ কৰি বৰঠাকুৰে পুনৰ কয়, ‘হিমন্ত বিশ্ব শৰ্মাই যিদৰে ওফাইডাং মৰা কথা কয়, তাতকৈয়ো মাত্রাধিক বাৰেভচহু কথা কয় মন্ত্ৰী বৰুৱাই। এইজন এনে মন্ত্রী যি নিজেই বোন্দাজানৰ এটা অংশ সম্পূর্ণৰূপে বেদখল কৰিছে। সেই বেদখলী ভূমিত ৰাজকোষৰ ধন ব্যয় কৰি পথ নিৰ্মাণ কৰিছে। কাৰণ সেই পথেৰে তেওঁ নিজৰ ঘৰলৈ যাব লাগে।’ বিষয়টোক লৈ ইতিমধ্যে আদালতৰ দ্বাৰস্থ হোৱা বুলি বৰঠাকুৰে জনায়।
বৰঠাকুৰৰ লগত প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ এটা প্রতিনিধি দলো উপস্থিত থাকে। দলৰ বিভাগটোৰ অধ্যক্ষ ৰাতুল কলিতাই মন্তব্য কৰে যে জয়ন্ত মল্ল বৰুৱাৰ দৰে মন্ত্ৰীৰ কোনো নৈতিকতা নাই। সেই কাৰণে গুৱাহাটীৰ ৰাইজক জ্বলা-কলা খুৱাই মন্ত্রীজনে নিজেই জলাহভূমি বেদখল কৰি পিতৃৰ নামত পথ নিৰ্মাণ কৰিছে। আনহাতে, প্রদেশ কংগ্রেছে এক বিবৃতিত উল্লেখ কৰা অনুসৰি, স্থানীয় ৰাইজে প্রতিনিধি দলটোক অভিযোগ কৰে যে মন্ত্ৰীজনৰ পৰিয়ালে বোন্দাজান জলাশয়ৰ বহু মাটি বেদখল কৰিছে।