প্রায় ডেৰ লক্ষ বছৰৰ পূৰ্বৰ পৃথিৱী। সমুদ্ৰৰ তলিত সন্ধান ওলাল সেই হেৰুৱা জগতখনৰ। ইণ্ডোনেছিয়াৰ উপকূলত উদ্ধাৰ হোৱা এক লাখ ৪০ হেজাৰ বছৰৰ আগৰ একাংশ হাড়-মুৰক কেন্দ্ৰ কৰি বিজ্ঞানীৰ মহলত উত্তেজনাৰ সৃষ্টি হৈছে।
কিয়নো এই হাড়-মূৰৰ স্তূপে ইংগিত দিছে দক্ষিণ-পূব এছিয়াৰ কোনো এক অজান সভ্যতাৰ। বিজ্ঞানীসকলে পৰীক্ষা কৰি পাইছে যে সেই লাওখোলা হোমো ইৰেক্টাছসকলৰ।
জাভা আৰু মাদুৰা দ্বীপৰ মাজভাগৰ অঞ্চলৰ বালি আৰু পলসমিশ্রিত এক স্থানত এইবোৰৰ সন্ধান পোৱা গৈছে। কেৱল মানুহেই নহয়, বৰঞ্চ সকলো মিলাই ৩৬টা প্ৰজাতিৰ ছহেজাৰ পশুৰ জীৱাশ্মও উক্ত স্থানত পোৱা গৈছে।
যাৰ ভিতৰত হৰিণ, হাতী, কোমোডো ড্রেগন আদি অনেক পশু আছে। অৱশ্যে এই প্ৰথমবাৰলৈ এই অজান ভূখণ্ডৰ সন্ধান ওলোৱা নাই। একাংশ বিশেষজ্ঞৰ মতে, সেই অঞ্চলক কোৱা হয় দক্ষিণ-পূব এছিয়াৰ ছাণ্ডালেণ্ড।
ইয়াৰ পূৰ্বেও উক্ত অঞ্চলত জীৱাশ্মৰ সন্ধান পোৱা গৈছিল। দেখা গৈছে যে সেই সময়ৰ পৃথিৱীত মানুহৰ চিকাৰ কৰাৰ অভ্যাস ভালদৰেই আছিল। ২০১১তে সেইবোৰ জীৱাশ্মৰ সন্ধান পোৱা গ’লেও এই প্রথমবাৰলৈ সিবোৰৰ সম্পর্কে বিস্তাৰিতভাবে জনাটো সম্ভৱ হৈছে।
নেদাৰলেণ্ডছৰ লেইডেন বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ববিদ হার্লড বাৰঘূইছে এই প্রসংগত কয় যে সাতৰ পৰা ১৪ হেজাৰ বছৰৰ পূৰ্বেই সেই অঞ্চলটো পানীৰ তলিত ডুব যায়।
প্রায় ছহেজাৰ জীৱাশ্ম আৰু দুটা কংকালৰ হাড়-মূৰৰ পৰা বিজ্ঞানীসকলে সেই অঞ্চলৰ প্ৰাণীজগত সম্পর্কে বিস্তাৰিত তথ্য জানিব পাৰিছে।
এতিয়া প্রশ্ন হৈছে হোমো ইৰেক্টাছ কোনসকল? আজিৰ মানুহ, অর্থাৎ আমাৰ সবাতোকৈ সমীপৰ মনুষ্য প্রজাতিটোৱেই হৈছে হোমো ইৰেক্টাছ। অৱশ্যে আজিৰ মানুহৰ তুলনাত তেওঁলোক যথেষ্ট ওখ-পাখ আছিল।
পেশীৰ গঠন আছিল আৰু শক্তিশালী। ভৰিবোৰ দীঘল আৰু হাতবোৰ আছিল চুটি। এটা সময়ৰ পৃথিৱীত তেওঁলোকৰ অনায়াস বিচৰণ আছিল। যদিও আজি কেৱল ৰৈ গৈছে তেওঁলোকৰ অস্তিত্বৰ সেই জীৱাশ্মহে। তথাপি সেই জীৱাশ্মৰ পৰাই বিজ্ঞানীসকলে লাভকৰিছে এখন অজান বিশ্বৰ সন্ধান।