Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

আসন্ন নির্বাচনত মিত্ৰতাৰ ৰাজনীতিবিহীন হ'ব বিটিচি ? ৪০ সমষ্টিতে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বুলি বিজেপিৰ ঘোষণাৰ পাছত চর্চা অধিক তীব্ৰ, অৱতীৰ্ণ হ'ব অগপও

publisher by publisher
May 30, 2025
in News, Assam
Reading Time: 4 mins read
0
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Chirang BPF candidate Paniram Brahma:বিটিচিৰ ২২ টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতেই উৎফুল্লিত চিৰাঙৰ বিপিএফৰ কৰ্মী 

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

BTC:

২০২৬ৰ বিধানসভা নির্বাচন চমু চাপি অহাৰ সমান্তৰালভাবে ৰাজ্যত সলনি হৈছে ৰাজনৈতিক সমীকৰণ।একেদৰে অসমৰ ৰাজনীতিৰ আন এক কেন্দ্রবিন্দু বিটিচিতো দ্রুত পৰিৱৰ্তন ঘটিছে ৰাজনৈতিক ছন্দৰ। মিত্ৰতাৰ ৰাজনীতিৰে দীর্ঘদিন বিটিচিৰ প্রশাসন চলাৰ পাছত এতিয়া একপ্ৰকাৰ মিত্রতাবিহীন ৰাজনীতিৰ দিশলৈ গতি কৰিছে এই স্বায়ত্তশাসিত অঞ্চলটোৱে।

ADVERTISEMENT

ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আসন্ন বিটিচি নির্বাচনত পৰিষদৰ ৪০খন আসনতে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। বড়োভূমিৰ আঞ্চলিক দলৰে মিত্ৰতাৰ সম্ভাৱনা নাকচ কৰি এই কথা ঘোষণা কৰে শইকীয়াই। ইয়াৰ কিছুদিন পূর্বে মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই আগন্তুক বিটিচি নির্বাচনত ২৫ টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল।

তাৰ পাছতে ওদালগুৰিত দলৰ এক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই কয়, ‘কেবল ওদালগুৰিৰ ১০ টা সমষ্টিতে নহয়, আমি বিটিআৰৰ ৪০ টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিম। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিটিচি অঞ্চলত সংঘাত দূৰ কৰি ভ্রাতৃত্ববোধ আৰু মিলা-প্রীতিৰে আগবাঢ়িবলৈ বিচাৰিছে। আগন্তুক নিৰ্বাচনত কোনো ধৰণৰ আপোচ নকৰি ৪০ টা সমষ্টিতে নির্বাচন খেলিম।’

স্বাভাৱিকতে বিজেপি সভাপতিজনৰ এই মন্তব্য তাৎপর্যপূর্ণ বিবেচিত হৈছে; কিয়নো একালত এবছুক নেতৃত্ব দিয়া প্রমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ স’তে বর্তমানেও বিজেপিৰ মিত্রতা অব্যাহত থকাৰ সময়তে শইকীয়াই এই মন্তব্য কৰিছে। ইয়াৰ বিপৰীতে ইউপিপিএলে বিজেপিৰ স’তে মিত্রতা অব্যাহত থকাটো বিচাৰিছে। সূত্ৰত প্রকাশ যে বিটিচি তথা ইউপিপিএলৰ মুৰব্বী বড়োৱে এই মিত্রতা অটুট ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই মুহূর্তলৈ মিত্রতা অব্যাহত ৰখাৰ কোনো ইংগিত লাভ কৰা নাই বুলি দলীয় সুত্রত প্রকাশ। ফলত স্বাভাৱিকতে চিন্তিত হৈছে ইউপিপিএল।

বিগত সময়ছোৱাত একপ্ৰকাৰ সম্পূৰ্ণৰূপে বিজেপিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা ইউপিপিএলৰ মুৰব্বী বড়োৰ বাবে এই বিষয়টোৱে গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা বুলি দলীয় সূত্ৰত প্রকাশ। বিজেপিৰে মিত্ৰতা কৰি বিপিএফক বড়ো ভূমিৰ ৰাজনীতিৰ পৰা একাৰীয়া কৰিবলৈ চেষ্টা কৰা ইউপিপিএলৰ বাবে শেহতীয়াভাবে বিটিচিৰ পূৰ্বৰ শাসক হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৱে প্রত্যাহ্বান কঢ়িয়াই আনিছে।

ফলত ইউপিপিএলৰ সন্মুখত ‘ডাবল’ প্রত্যাহানৰ সৃষ্টি হোৱাত দলীয় নেতৃত্বই বিজেপিৰে মিত্ৰতা অব্যাহত ৰাখিবলৈ বিচাৰিছে। মিত্ৰতা নাথাকিলে দল কেনে ক্ষতিৰ সম্মুখীন হ’ব এই বিষয়ে দলীয় পর্যালোচনা অব্যাহত থকাৰ সময়তে সম্মুখলৈ আহিছে মহিলাৰীৰ স্থিতি। শেহতীয়াভাৱে মহিলাৰীয়ে পূৰ্বতকৈ যথেষ্ট শক্তিশালী খোপনি পুতি হৃত মর্যাদা পুনৰুদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ইয়াৰ মাজতে অগপয়ো ১০টা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে।

# বিপিএফক পুনৰ আঁকোৱালি ল’ব বিজেপিয়ে?

পৰিৱৰ্তিত সমীকৰণক লৈ অব্যাহত থকা চর্চা অনুসৰি মহিলাৰী নেতৃত্বাধীন বিপিএফৰ স’তে বিজেপিয়ে নির্বাচনোত্তৰ মিত্রতাত উপনীত হ’ব পাৰে। মিত্ৰতাৰ ৰাজনীতিত অতি আগ্রাসী চৰিত্ৰ প্ৰদৰ্শন কৰা বিজেপিয়ে মিত্রদলক গ্রাস কৰাৰ ৰাজনৈতিক ধাৰা ইতিপূর্বে স্পষ্ট হৈছে। এতিয়া প্রশ্ন হ’ল, কিহৰ বাবে পুনৰ বিপিএফ-বিজেপিৰ বুজাবুজি হ’ব পাৰে ? দলীয় সূত্রত প্রকাশ যে বিটিচিৰ অধীনস্থ চিৰাং আৰু কোকৰাঝাৰ জিলাত বিপিএফৰ হেৰুওৱা খোপনি পুনৰ শক্তিশালী হ’বলৈ ধৰিছে।

প্রমোদ বড়োৰ অত্যধিক বিজেপি নিৰ্ভৰশীলতা তথা প্রতিষ্ঠানবিৰোধী ঢৌ ইয়াৰ অন্যতম কাৰণ। তদুপৰি বিজেপিৰ এনে আগ্রাসী ভূমিকাত বড়ো বৌদ্ধিক তথা সচেতন মহলৰ লগতে ছাত্র সংগঠন এবছু অসন্তুষ্ট। মহিলাৰীয়ে ১৭বছৰীয়া কার্যকালত তেওঁৰ প্ৰতি থকা আত্মীয়তা এই ছেগতে পুনৰ সজীৱ কৰিবলৈ স্বাভাৱিকতে চেষ্টা অব্যাহত ৰাখিছে। দলীয় পর্যালোচনা অনুসৰি, সম্প্রতি তামুলপুৰ আৰু ওদালগুৰিত বিজেপিৰ খোপনি সম্প্রতি যথেষ্ট শক্তিশালী হৈ পৰিছে।

আনহাতে, বিটিচিব দ্বিতীয় সর্ববৃহৎ জনসংখ্যা ধর্মীয় সংখ্যালঘুৰ মাজতো পুনৰ শিপাইছে মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ। ইয়াৰ বিপৰীতে খোপনি হেৰুৱাবলৈ ধৰিছে ইউপিপিএলে। দলৰ ভিতৰচ’ৰাতো সংখ্যালঘু নেতাসকলে ক্ষোভ উজাৰিছে। প্রমোদ বড়োৰ এই পাঁচ বছৰীয়া কার্যকালত আশা কৰা মতে প্রতিশ্রুতি ৰক্ষা নকৰাৰ অভিযোগো উঠিছে। নির্বাচনী ইস্তাহাৰত তেওঁ ঘোষণা কৰা কথাবোৰ বাস্তৱত ৰূপায়ণ নকৰা বুলি সংখ্যালঘু নেতাৰ সূত্ৰত প্ৰকাশ।

ইতিমধ্যে কে’বাজনো ধর্মীয় সংখ্যালঘু নেতাই ইউপিপিএল ত্যাগ কৰিছে। সংখ্যালঘুৰ বাবে উন্নয়নমূলক ব’র্ড আজিলৈকে গঠন নহ’ল বুলি দলৰে জ্যেষ্ঠ নেতাই ক্ষোভ প্রকাশ কৰে। ইপিনে, বিজেপিৰ নেতৃত্বৰ স’তে ঘনিষ্ঠ সূত্রই কয় যে আগ্রাসী বিজেপিয়ে স্বাভাৱিকতে যাৰ পাল্লা গধুৰ তাৰ স’তেই থাকিব। এনে পৰিস্থিতিত বিপিএফ বিজেপিৰ বাবে পছন্দৰ দল হোৱাটো অমূলক বিষয় নহয়।

আনহাতে, ইউপিপিএলৰ এক সূত্রই কয় যে কেন্দ্ৰ আৰু ৰাজ্যত ইউপিপিএলৰ স’তে মিত্রজোটত থকাৰ পাছতো বিটিচিত কিয় বিজেপিয়ে বিষয়টো জটিল কৰিছে সেয়া তেওঁলোকৰ বাবেও জটিল বিষয় হৈ দেখা দিছে। বিপিএফৰ স’তে বিজেপিৰ অদূৰ ভবিষ্যতে সম্পর্ক পুনৰ নিৰ্মাণ হ’ব বুলি ধাৰণা কৰে এইসকল নেতাই।

# বিপিএফ-ইউপিপিএল ঐক্যবদ্ধ হ’ব নেকি?

ইফালে, বিজেপিৰ আগ্রাসী ৰূপ দেখি বড়ো জাতীয়তাবাদ আৰু আধিপত্য অব্যাহত ৰাখিবলৈ বিপিএফ-ইউপিপিএলক ঐক্যবদ্ধ হ’বলৈ হেঁচা দিছে বড়ো জাতীয়তাবাদী শিবিৰ তথা বুদ্ধিজীৱী মহলে। এনে এক সূত্রই কয় যে অনাগত দিনত বিজেপিয়ে যদি তেওঁলোকৰ ৰাজনৈতিক ভাবধাৰাৰ প্ৰতিফলন ঘটাই অবড়ো ভোট একত্রিত কৰিবলৈ সক্ষম হয়, তেন্তে বড়ো ভূমিত বড়োসকলৰ আধিপত্য থাকিবনে সেই বিষয়েও ইতিমধ্যে ব্যাপকভাবে চর্চা হৈছে।

এনে পৰিপ্ৰেক্ষিততে বড়োভূমিৰ দুই দলৰ একত্ৰিকৰণৰ বাবে এবছুরে হেঁচা প্রয়োগ কৰিছে। ইয়াৰ উপৰি বড়োসকলৰ বৌদ্ধিক মহল তথা সচেতন নেতৃত্বও বিজেপিৰ আগ্রাসী ৰূপত অসন্তুষ্ট বুলি বিভিন্ন মাধ্যমত প্রকাশ পাই আহিছে। এই প্রসংগতে বিজেপিৰ বিৰুদ্ধে অৱস্থান ল’ব লাগে বুলি একাংশই আলোচনা আৰম্ভ কৰিছে। এনে এক সূত্রই কয় যে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈয়ে মিত্ৰতা ৰক্ষা কৰাৰ সময়ত এইদৰে আগ্রাসী ৰূপ ধাৰণ কৰা নাছিল।

বিজেপিৰ ওপৰত ইউপিপিএলৰ নেতৃত্বৰ অধিক ভৰসাই বড়োসকলৰ আধিপত্য হ্রাস কৰিব বুলি একাংশ শংকিত হৈছে। এনেবোৰ বিষয় এতিয়া প্রমোদ বড়োৰ বাবে প্ৰত্যাহ্বান হোৱাৰ বিপৰীতে হাগ্রামা মহিলাৰীৰ বাবে সংযোগৰ বিন্দু হ’বলৈ ধৰিছে। এই পৰিস্থিতিত অনাগত দিনত বড়ো ভূমিৰ ৰাজনীতিত সমীকৰণ যে সাম্প্রতিক সময়তকৈ ভিন্ন হ’ব তাৰ ইংগিত স্পষ্ট।

আনহাতে,বৃহস্পতিবাৰে বিজনীত অগপৰ কেন্দ্রীয় উপ-সভাপতি অপূর্ব ভট্টাচার্যই ঘোষণা কৰে যে আগন্তুক বিটিচি নির্বাচনত ১০টা পৰিষদীয় সমক্ষিত দলে প্রতিদ্বন্দ্বিতা কৰিব। লক্ষ্যণীয় যে অগপও বিজেপি নেতৃত্বাধীন মিত্রজোটৰ অন্যতম অংশীদাৰ। বিজনী বিধানসভা সমষ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত অগপৰ থুৰিবাৰী পৰিষদীয় সমষ্টি ভিত্তিক দলীয় কর্মীসভাত ভট্টাচার্যই কয় যে এই ১০টা সমষ্টিত কুৰুক্ষেত্ৰ ৰণৰ দৰে ধৰ্মৰক্ষাৰ যুঁজত নামিব। বাকী সমষ্টিত মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব বুলি তেওঁ কয়।

অগপই বঞ্চিত, নোপোৱাৰ বেদনাত ভাঙি পৰা অঞ্চলত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ নেতৃত্ব দিবলৈ ওলাই আহিছে বুলি তেওঁ মন্তব্য কৰে। ১০টা সমষ্টিত অকলে নির্বাচনী যুঁজ দিবলৈ দলীয় সাংগঠনিক প্রস্তুতি সম্পূর্ণ কৰা বুলিও অগপ নেতাজনে কয়। অগপই পাচনৈ ছেৰফাং, ধনশিৰি, মুদৈবাৰী, মথনগুৰি, থুৰিবাৰী, বাওখুংগ্রী, নাগ্রীজুলি, দিহিৰা আৰু ছালাকাটি এই ১০টা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে বুলি দলীয় সূত্রই প্রকাশ কৰে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTC ElectionsBtr Chief Pramod BodoHangama mahilariState Bjp President Dilip Saikia
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d