United States: আমেৰিকাৰ দক্ষিণ কেৰ’লিনাত বন্দুকধাৰীৰ আক্ৰমণ। কমেও ১১ জন আহত। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আক্রমণকাৰীক৷
আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে আহতসকল।
সূত্ৰ অনুসৰি, দেওবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ন’বাজি ৩০মিনিটত দক্ষিণ কেৰ’লিনাৰ লিটিল ৰিভাৰ অঞ্চলত এক অনুষ্ঠানৰ বাবে এক বৃহৎ ভিৰ সমবেত হয়।
তাতে বহু নাও ৰখাই থোৱা হৈছিল ।সেই সময়তে এজন বন্দুকধাৰীয়ে হঠাতে এখন নাওত গুলীচালনা কৰে।
বন্দুকৰ গুলীত ঘটনস্থলিতে বাগৰি পৰে এঘাৰজন যাত্ৰী। চাৰিওফালে আতংকময় পৰিৱেশ। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীয়ে দ্ৰুততাৰে সেই স্থানত উপস্থিত হয়।
আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই দুৰ্বৃত্তই পলায়ন কৰে।ইতিমধ্যে বন্দুকধাৰীজনৰ সন্ধান আৰম্ভ হৈছে।
ঘটনাৰ কিছু সময়ৰ পাছতে আৰক্ষীয়ে আনুষ্ঠানিক বিবৃতি জাৰি কৰে। য’ত কোৱা হৈছে যে, “অনুষ্ঠানৰ সময়ত ইচ্ছাকৃতভাৱে গুলীচালনা কৰা হৈছিল। এই কাণ্ডত এঘাৰজন লোক আহত হৈছে।ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছো। আক্ৰমণকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব।”