Nemsu Reaction:
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানক লৈ ক্ষুব্ধ নেমছু | এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি বদৰুল ইছলামে মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় অস্ত্ৰই শান্তি আৰু সমাধান নানে। অস্ত্ৰৰ পৰিবৰ্তে হাতত কলম কিতাপ দিয়ক আৰু যুৱ প্ৰজন্মক সংস্থাপন দিয়ক | অলিয়ে-গলিয়ে চলি থকা অবৈধ মদ বন্ধ কৰাত মুখ্যমন্ত্ৰীৰ গৃহ বিভাগ ব্যৰ্থ হৈছে |
বাংলাদেশীৰ নামত যিসকল ভাৰতীয়ক অত্যাচাৰ কৰা হৈছে,মানৱ অধিকাৰ উলংঘা কৰিছে, আত্মসন্মান খৰ্ব কৰিছে,কোলাৰ শিশুৰ পৰা বৃদ্ধলৈকে যি অমানৱীয় কষ্ট দি নিয়ম উলংঘা কৰিছে তাৰ উত্তৰ আমি উচ্চতম ন্যায়ালয়ৰ জৰিয়তে জানিম। যিসকল ভাৰতীয় মানুহৰ এনে অসুবিধা হৈছে সেইসকলৰ বৈধ নথিপত্ৰ সমূহ জমা দিয়ক নেমছু কৰ্মকৰ্তাৰ হাতত, উক্ত নথিপত্ৰ উচ্চতম ন্যায়ালয়,ৰাষ্ট্ৰপতি,গৃহ মন্ত্রণালয়ক জমা দিম সকলো নথিপত্ৰ।
নেমছু’ৰ সভাপতি বদৰুল ইছলামে আৰু কয় সকলোৱে মিলিজুলি শান্তিৰ স্বাৰ্থত কাম কৰিব লাগে।আৱেগৰ ৰাজনীতি কৰিব নালাগে।ৰাইজে ভাল পালে ভোট দি মন্ত্ৰী -বিধায়ক বনাবই । উজনিৰ মানুহক আবেগিক কৰি ২০২৬ৰ নিৰ্বাচনৰ জৰিয়তে মন্ত্ৰী-বিধায়ক হোৱাৰ মন মেলিছে শৃংখল চলিহাই। তেওঁ সুবিধাবাদী মানুহ বুলি উজনি-নামনিৰ সকলোৱে জানে।