Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰত্যাহ্বান !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 2, 2025
in News, Assam
Reading Time: 1 min read
0
প্ৰত্যাহ্বান !
6
SHARES
60
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

প্ৰত্যাহ্বান !

# প্রাঞ্জলসেন ডেকা

আগন্তুক বিধানসভা নির্বাচনলৈ এতিয়া ১০ মাহৰো অধিক সময় আছে যদিও ৰাজ্যৰ ৰাজনৈতিক মঞ্চখন আকর্ষণীয় হৈ পৰিছে। সদ্যসমাপ্ত পঞ্চায়ত নির্বাচনত বিজেপি নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ বিপুল জয় আৰু বিৰোধীৰ পৰাজয়ক লৈ হিচাপ-নিকাচ অব্যাহত থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনিয়ে ৰাজনীতিত নতুন তৎপৰতা আনি দিছে।

ADVERTISEMENT

নিৰ্ধাৰিত কাৰ্যকালৰ অন্ত পৰাৰ পাছত যিকোনো ৰাজনৈতিক দলৰে নতুন সভাপতি নিয়োজিত হোৱাটো এক স্বাভাৱিক প্রক্রিয়া। সংশ্লিষ্ট দলৰ ৰণকৌশল, সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপট তথা প্রতিদ্বন্দ্বী দলৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন সাপেক্ষে নেতা নির্বাচন কৰা হয়। সেই অনুসৰিয়ে কিছুমাহ পূর্বে সাংসদ দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰূপে নিয়োগ কৰা হৈছিল।

তেনেদৰেই প্ৰদেশ কংগ্ৰেছতো সাংসদ গৌৰৱ গগৈক সভাপতি নিযুক্তি দিয়া হৈছে। কিন্তু সম্ভাব্য এই নিযুক্তিৰ পূর্বেই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা কেতবোৰ বিতৰ্কই সাংসদ গগৈক ৰাজনৈতিক চৰ্চাৰ পাদপ্রদীপলৈ আনিলে। এই কথা ইতিমধ্যে স্পষ্ট হৈছে যে গগৈৰ ওপৰতে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বভাৰ অর্পণ কৰাৰ সম্পর্কত মুখ্যমন্ত্রীয়ে আগতীয়াকৈ অনুমান কৰিবলৈ সক্ষম হৈছিল। সেয়েহে সাংসদ গগৈক পাকিস্তানৰ ‘খোল্লম খোল্লা’ এজেন্টৰূপে প্রতিষ্ঠা কৰিবলৈ তেওঁ অভিযান আৰম্ভ কৰিছিল। তাৰ লগে লগে মুখ্যমন্ত্রীয়ে নিজেই গগৈক তেওঁৰ লগতে শাসক পক্ষৰ মূল প্রতিদ্বন্দ্বীৰূপেও প্রতিষ্ঠা কৰি দিলে। কিন্তু কোনো ব্যক্তি আন কোনো বহিঃশক্তিৰ এজেন্ট হয় নে নহয়, সেই কথা সংশ্লিষ্ট তদন্তকাৰী সংস্থাইহে অনুসন্ধানযোগে তথ্য-প্রমাণ উদ্ধাৰ কৰি আদালতৰ জৰিয়তে প্রমাণ কৰিব পাৰে।

এই কথা ইতিমধ্যে বহুজনে প্রকাশ কৰিছে যে গৌৰৱ গগৈৰ তথাকথিত পাকিস্তানৰে সংযোগৰ তদন্ত আৰু তাক প্রমাণ কৰিবলৈ মুখ্যমন্ত্ৰৰ বিশেষ তদাৰকী কোষৰ এছআইটি কর্তৃত্বপ্রাপ্ত নহয়। এনে অভিযোগৰ তদন্তৰ বাবে এই পর্যন্ত কেন্দ্রীয় চৰকাৰৰ সংশ্লিষ্ট কোনো এটা সংস্থাতে গোচৰ ৰুজু অথবা অভিযোগ দাখিল কৰা হোৱা নাই। আনকি বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রীজন অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱা সত্ত্বেও স্বয়ং মুখ্যমন্ত্রীয়ে দাঙি ধৰা এনে এটা গুৰুতৰ অভিযোগৰ তদন্তৰ কোনো ব্যৱস্থা হাতত লোৱা হোৱা নাই।

অৱশ্যে মুখ্যমন্ত্রীয়ে দৃঢ়তাৰে সাংসদ গগৈ আৰু তেওঁৰ পত্নী কুখ্যাত পাক চোৰাংচোৱা সংস্থা আইএছআইৰে জড়িত বুলি বিগত বেছ কিছুদিন ধৰি দাবী কৰি আহিছে। মুখ্যমন্ত্রীৰ এনে অভিযানৰ পাছতো কংগ্ৰেছ নেতৃত্বই সাংসদ গগৈকে প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিয়োজিত কৰি যে এক বার্তা দিব বিচাৰিছে, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

সপত্নীক সাংসদ গগৈক পাকিস্তানৰ এজেণ্টপে প্রতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্রী উঠিপৰি লগাক কেন্দ্ৰ কৰি আন বাদেই, বিজেপিৰেই ভিতৰে-বাহিৰে বিভিন্ন প্রশ্নৰ উদ্রেক হৈছে। প্রথম অৱস্থাত ‘সৰু ল’ৰা গৌৰৱক ছিৰিয়াছলি’ নলয় বুলি মুখ্যমন্ত্রীয়ে নিজেই একাধিকবাৰ ঘোষণা কৰি থৈছে; কিন্তু পৰৱৰ্তী সময়ত গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্মুখত এটাৰ পাছত আনটো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ ধৰাটো লক্ষ্যণীয়।

বিগত লোকসভা নির্বাচনত কলিয়াবৰৰ পৰা যোৰহাটলৈ সমষ্টি সলনি কৰি গগৈয়ে প্রথমটো প্রত্যাহ্বান দাঙি ধৰে। প্রয়াত মুখ্যমন্ত্রী পিতৃৰ প্রভাৱ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তর্গত কে’বাটাও বিধানসভা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সমর্থনতহে পূৰ্বৰ দুটা নির্বাচনত জয়লাভ কৰা বুলি গগৈক অৱমূল্যায়ন কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু ২০২৪ৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা মুখ্যমন্ত্রী আৰু তেওঁৰ টীমৰ সর্বশক্তি প্রয়োগৰ পাছতো গগৈয়ে সকলো প্রত্যাহ্বান ওফৰাই নিজস্ব শক্তিৰে জয়লাভ কৰিবলৈ সক্ষম হয়।

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ১১ টাতে শাসকীয় মিত্রজোঁটে বিপুল জয়লাভ কৰাৰ পাছতো সেয়েহে ২০২৪ৰ নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ আচৰণত পৰাজয়ৰ ছাপ পৰিলক্ষিত হৈছিল। এই কথা আনকি সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত মুখ্যমন্ত্রীয়ে নিজেই ঘোষণা কৰিছে। যোৰহাটত এই জয়ৰ পাছতে সাংসদ গগৈয়ে কেন্দ্রীয় ৰাজনীতিতো গুৰুত্ব লাভ কৰিবলৈ সক্ষম হোৱাটো সকলোৰে দৃষ্টিগোচৰ হৈছে। লোকসভাৰ বিৰোধী উপ-দলপতিৰূপেপে সংসদৰ ভিতৰে বাহিৰে তেওঁৰ ভূমিকাই ইতিমধ্যে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছে।

ইয়াৰ লগে লগে অৱধাৰিতভাবেই মুখ্যমন্ত্রীৰ প্রতি এক ৰাজনৈতিক প্রত্যাহানৰূপে সাংসদজনৰ আবির্ভাব ঘটিছে। প্রদেশ কংগ্ৰেছৰ সাম্প্রতিক গাঁথনিত গৌৰৱ গগৈয়ে দলৰ নেতৃত্ব লাভ কৰাটো তেনেই স্পষ্ট আছিল। এই কথা সকলোৱে স্বীকাৰ কৰিছে যে গগৈয়ে বিগত সময়ছোৱাত নিজৰ এক সম্মানজনক ভাবমূর্তি গঢ়ি তুলিবলৈ সক্ষম হৈছে।

তদুপৰি কেন্দ্রীয় নেতৃত্ববেও যে শক্তিশালী যোগাযোগ স্থাপন কৰিব পাৰিছে, সেয়া তেওঁৰ ওপৰত দলে অর্পণ কৰা দায়-দায়িত্বসমূহেই স্পষ্ট কৰে। এই পর্যন্ত যুব নেতাজনৰ সবাতোকৈ শক্তিশালী স্থিতি হৈছে দুর্নীতি অথবা আন কোনো বিতৰ্কৰ পৰা আঁতৰত থকাটো; অর্থাৎ তেওঁক আক্রমণ কৰিবলৈ হ’লে এক নতুন বিতর্ক সৃষ্টিৰ গত্যন্তৰ নাই। মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ দৰেই অহা ১০ ছেপ্টেম্বৰত প্রদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ অভিযোগক লৈ ‘বিস্ফোৰক’ তথ্য-প্রমাণ ৰাইজৰ সম্মুখত দাঙি ধৰা হ’ব বুলি সকলোৱে বাট চাইছে।

কিয়নো যিকোনো সচেতন নাগৰিকেই বিচাৰে শত্ৰু ৰাষ্ট্ৰৰ স’তে সম্পৰ্ক ৰখা ব্যক্তিৰ কঠোৰ শাস্তি হওক। কিন্তু ইয়াতে আন এক প্রশ্ন স্বাভাবিকতে উত্থাপন হয় যে যদিহে ১০ ছেপ্টেম্বৰলৈ এছআইটিৰ তদন্ত অব্যাহতই থাকে, তেন্তে মুখ্যমন্ত্রীয়ে কেনেদৰে এছআইটি গঠনৰ পূৰ্বৰে পৰাই ধাৰাবাহিকভাবে সাংসদজন পাকিস্তানৰ এজেন্ট বুলি দাবী কৰি আহিছে? আনহাতে, গগৈৰ পত্নী-সন্তানে ভাৰতীয় নাগৰিকত্ব গ্রহণ কৰা নাই বুলিও মুখ্যমন্ত্রীয়ে আঙুলিয়াই দিছে; কিন্তু বহু কেন্দ্রীয় মন্ত্রী, মুখ্যমন্ত্রী আদিৰ সন্তান অথবা নিকটাত্মীয়ইও ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে।

দৰাচলতে গৌৰৱ গগৈয়ে কেৱল বিৰোধীৰ পৰাই নহয়, বিজেপিৰ পৰাও মুখ্যমন্ত্ৰীৰ সম্মুখত শক্তিশালী প্রত্যাহ্বানৰূপে থিয় দিছে যেন ধাৰণা হয়। উত্তৰ অসমক বাদ দিও উজনি অসমৰ প্রায় ৪০টা বিধানসভা সমষ্টি যিকোনো দলৰ বাবেই চৰকাৰ গঠনৰ ক্ষেত্ৰত অপৰিহাৰ্যৰূপেই বিবেচিত হৈ আহিছে। স্বাধীনতাৰ পাছৰে পৰাই কংগ্ৰেছৰ ভোট বেংকৰূপে চিহ্নিত হৈ অহা চাহ জনগোষ্ঠী সম্প্রতি বিজেপিমুখী হোৱাটো বিভিন্ন নির্বাচনৰ ফলাফলে স্পষ্ট কৰিছে।

বিগত নির্বাচনত আহোম জনগোষ্ঠীও কংগ্ৰেছৰ পৰা আঁতৰিছিল যদিও ২০২৪ৰ লোকসভা নির্বাচনত যোৰহাট আৰু গৌৰৱ গগৈক লৈ সৃষ্টি হোৱা ঢৌৱে নতুন ইংগিত বহন কৰে। তদুপৰি যুৱ ভোটাৰসকলেও গগৈৰ সমর্থনত থিয় দিয়া হেতুকেই যে তেওঁ তুমুল প্রত্যাহ্বান নেওচিবলৈ সক্ষম হৈছিল সেয়াও ওলাই পৰিছে। সেয়েহে উজনি অসমত দলৰ ভেটি পুনৰ শক্তিশালী কৰাৰ লক্ষ্যৰেই যুৱ সাংসদ তথা আহোম জনগোষ্ঠীৰো প্ৰতিনিধিৰূপে গগৈক প্রদেশ কংগ্ৰেছৰ নেতৃত্ব অর্পণ কৰা হ’ল।

গগৈৰ নেতৃত্বত উজনি অসমত কংগ্রেছ শক্তিশালী হৈ উঠিব বুলি দলৰ নেতৃত্বৰ আশাৰ লগতে ৰাজনৈতিক ভুৰখা মহলতো এক ধাৰণাৰ জন্ম লৈছে। লক্ষ্যণীয় এয়ে যে সেই বৃহৎ অঞ্চলত ভিতৰি মুখ্যমন্ত্রী বিৰোধী এক পৰিৱেশ দীর্ঘদিন ধৰি অনুভূত হৈ আহিছে। সেয়ে হ’বলৈ হ’লে শাসকীয় বিজেপিৰ সম্মুখত কঠিন প্রত্যাহানৰ সৃষ্টি হোৱাটো অৱধাৰিত। ইয়াক ওফৰাবলৈ মুখ্যমন্ত্রীয়ে অহৰহ প্ৰচেষ্ট চলাই আহিছে আৰু তাৰ অংশৰূপেই লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী আড়ম্বৰপূর্ণভাৱে নতুন দিল্লীত আয়োজন কৰিছে। আনকি ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ মৰ্যাদা দি পৃথক সচিবালয় গঠনৰো যো-জা চলাইছে।

তৎসত্ত্বেও গগৈৰ নিযুক্তিৰ পাছত মুখ্যমন্ত্রীৰ সম্মুখত প্রত্যাহ্বান বৃদ্ধিহে পাইছে। আনহাতে,এআইইউডিএফ দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত ধর্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত কংগ্ৰেছৰ প্রভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনাই অধিক। সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে যথাসম্ভৱ তেনে ধর্মীয় সংখ্যালঘুৰ একাধিপত্য থকা সমষ্টিসমূহৰ চাৰিসীমা সালসলনি কৰা হৈছে যদিও শেষ পর্যন্ত সিয়ে বিজেপি মিত্রজোটক ভোটৰ অংকত কিমানদূৰ সহায় কৰে সেয়া লক্ষ্যণীয় হ’ব।

ধর্মীয় সংখ্যালঘুৰ সংখ্যাগৰিষ্ঠতা থকা সমষ্টিসমূহত বিজেপিয়ে জয়লাভ কৰাটো একপ্ৰকাৰ দুরূহ হৈয়ে আছে। এনে পৰিপ্ৰেক্ষিতত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে উজনি অসমত সুচল জয় নিশ্চিত হ’বই লাগিব। মুখ্যমন্ত্রীৰ সম্মুখত প্রত্যাহানটো এইখিনিতে অধিক জটিল হৈ দেখা দিয়ে। এই কথাত সন্দেহ নাই যে যিকোনো নিৰ্বাচনৰ সম্মুখীন হ’ব পৰাকৈ সম্প্রতি অসমত বিজেপিৰ সাংগঠনিক ভেটি আন সকলো দলতকৈ শক্তিশালী। তদুপৰি বিজেপি চৰকাৰে মহিলা, যুৱ, শিক্ষার্থী, চৰকাৰী চাকৰিয়াল আদিকে ধৰি সমাজৰ বিভিন্ন বৰ্গলৈ লক্ষ্য কৰি এখনৰ পাছত আনখন আঁচনি গ্রহণ কৰিছে।

এনে আঁচনিসমূহে বিগত নির্বাচনসমূহত বিজেপিৰ বাবে ভোট আদায়ত যথেষ্ট গুরুত্বপূর্ণ ভূমিকা পালন কৰিছে। গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ হিচাপত বিধানসভাৰ এশ সমষ্টিত শাসকীয় মিত্রজোটৰ সম্ভাবনা উজ্জ্বল বুলি মুখ্যমন্ত্রীয়ে দাবী কৰি আহিছে যদিও গগৈৰ নিযুক্তিয়ে সেই অংকত খেলিমেলি লগাব বুলি ৰাজনৈতিক তথ্যবিজ্ঞসকলে আঙুলিয়াই দিছে। অসমৰ চৰকাৰ গঠন নিশ্চিত কৰাটো বিজেপিৰ বাবে অতিশয় জৰুৰী। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশলৈ শক্তিশালী সংকেত প্ৰেৰণৰ বাবেই অসমক হাতৰ মুঠিত ৰাখিব বিচাৰে বিজেপিয়ে।

সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ৰ হেঙাৰ হ’ব পৰা যিকোনো বাধা আঁতৰ কৰিবলৈ দলৰ কেন্দ্রীয় নেতৃত্বই পিছনোহোঁহকে। সাংসদ গগৈয়ে মুখ্যমন্ত্রী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ব্যাপক দুর্নীতি-ভ্ৰষ্ট্ৰচাৰৰ অভিযোগ তুলি সৰৱ হৈ আহিছে। সভাপতি নিযুক্তিৰ পাছৰে পৰা তেওঁ ভ্ৰষ্ট্ৰচাৰী শৰ্মা চৰকাৰৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়াৰ শ্ল’গান দিছে। কয়লাকে ধৰি প্রতিটো ক্ষেত্রতে চলি অহা অবৈধ ছিন্ডিকেটৰ সম্পর্কতো সাংসদজনে বিভিন্ন তথ্য প্রকাশ কৰিছে।

লক্ষ্যণীয়ভাবে মুখ্যমন্ত্রীয়ে এনেবোৰ দুর্নীতি-ভ্রষ্টাচাৰৰ অভিযোগৰ সম্পৰ্কত স্পষ্ট উত্তৰ দিয়াৰ পৰিৱৰ্তে আন আন বিষয় উত্থাপন কৰি ৰাইজৰ দৃষ্টি আনফালে নিবলৈ অপচেষ্টা চলাই আহিছে। এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি সুচল নেদেখিলে বিজেপিৰ শীর্ষ নেতৃত্বই এই ক্ষেত্ৰত বিকল্পৰ কথা বিবেচনা কৰিলেও আচৰিত হ’বলগীয়া নাথাকিব। তেনে ক্ষেত্রত ব্যক্তিগতভাবে মুখ্যমন্ত্ৰীৰ সম্মুখত সবাতোকৈ বৃহৎ প্রত্যাহ্বান আহি পৰিব পাৰে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChallengePranjalsen DekaSpl Articles
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d